--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আগন্তুক তিনিদিনৰ বাবে বতৰৰ আগলি বতৰা প্ৰকাশ কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে৷ মধ্যপ্ৰদেশ, ছত্তীশগড়, মহাৰাষ্ট্ৰ, ওড়িশা, ঝাৰখণ্ডত প্ৰচণ্ড বতাহৰ লগতে বজ্ৰপাতৰ এলাৰ্ট জাৰি কৰা হৈছে৷ কাইলৈ প্ৰতি ঘণ্টাত ৫০ কিলোমিটাৰ বেগত বতাহ বলিব ওড়িশা, ঝাৰখণ্ড, মধ্যপ্ৰদেশ, ছত্তীশগড়ত৷ 

দেওবাৰে পশ্চিম বংগ, বিহাৰ, ঝাৰখণ্ড আৰু ওড়িশাত গ্ৰীষ্মদহন থাকিব৷ অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, তামিলনাডু, পুডুচেৰীত হ’ব প্ৰচণ্ড গৰম৷ একেদৰে, দেওবাৰৰ দিনটোত অসম, মেঘালয়, নগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা৷ অৰুণাচল প্ৰদেশত সামান্য বৰষুণৰ সম্ভাৱনা৷

আনহাতে, সোমবাৰে মধ্য প্ৰদেশ, ওড়িশা, ছত্তীশগড়, মহাৰাষ্ট্ৰ, অসমত বজ্ৰপাত আৰু ধূলিৰ ধুমুহাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে৷ অৰুণাচল প্ৰদেশত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা৷ পশ্চিম বংগ, বিহাৰ, ঝাৰখণ্ড আৰু ওড়িশাত গ্ৰীষ্মদহনৰ প্ৰভাৱ পৰিব৷ 

কেৰালা, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, তামিলনাডু, পুডুচেৰীত পৰিব তীব্ৰ গৰম৷ একেদৰে, মঙলবাৰে মধ্যপ্ৰদেশ, ছত্তীশগড়, পশ্চিম বংগ, ছিকিম, অসম, মেঘালয় আৰু তেলেংগানাত ধূলিৰ ধুমুহা হোৱাৰ সম্ভাৱনা আছে৷ হিমাচল প্ৰদেশ, ওড়িশা, ঝাৰখণ্ড, অৰুণাচল প্ৰদেশ, নগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু অন্ধ্ৰপ্ৰদেশত বজ্ৰপাতৰ সম্ভাৱনা৷ একেদৰে, অৰুণাচল প্ৰদেশত হ’ব নেৰানেপেৰা বৰষুণ৷ উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যতো হ’ব পাৰে বৰষুণ৷ পশ্চিম বংগ আৰু বিহাৰত অব্যাহত থাকিব হিটৱেভ৷ অন্ধ্ৰ প্ৰদেশ, তামিলনাডু আৰু পুডুচেৰীতো অব্যাহত থাকিব হিটৱেভ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ