--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থানৰ নতুন মুখ্যমন্ত্ৰী সন্দৰ্ভত সৃষ্টি হোৱা চাচপেন্স এতিয়া শেষ হৈছে। সংগনেৰ আসনৰ পৰা বিধায়ক হোৱা ভজন লাল শৰ্মা ৰাজস্থানৰ নতুন মুখ্যমন্ত্ৰী হ’ব। দিল্লীৰ পৰা অহা পৰ্যবেক্ষকসকলে বিধায়িনী দলৰ বৈঠকৰ অন্তত ভজন লাল শৰ্মাৰ নাম নিৰ্ণয় কৰা হৈছে।

ভাৰতপুৰ নিবাসী ভজন লাল শৰ্মাই দীৰ্ঘদিন ধৰি দলটোত কাম কৰি আহিছে।শৰ্মাই পূৰ্বে ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক হিচাপে কাম কৰি আহিছে। বিজেপিয়ে তেওঁক জয়পুৰৰ সংগনেৰৰ পৰা প্ৰথমবাৰৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাইছিল আৰু বৰ্তমান তেওঁ এইবাৰ প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰীৰ শপত বাক্য পাঠ কৰিবলৈ উদ্যত হৈছে। 

এইবাৰ প্ৰথম বাৰৰ বাবে বিধায়ক হ’ল ভজন লাল শৰ্মা। তেওঁ ৪ বাৰ ৰাজ্যিক সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। পূৰ্বে তেখেত আৰ এছ এছ আৰু এ বি ভি পিৰ সৈতে জড়িত।উল্লেখ্য যে সংগনেৰ আসন বিজেপিৰ দুৰ্গ। এনে পৰিস্থিতিত ভজন লাল শৰ্মাই জয়লাভ কৰে।

বিজেপি হাইকমাণ্ডে কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, বিনোদ টাউডে আৰু সৰোজ পাণ্ডেক ৰাজস্থানৰ পৰ্যবেক্ষক হিচাপে নিযুক্তি দিছিল। আজি বিয়লি তিনিওজন নেতাই জয়পুৰত উপস্থিত হৈ বিধায়কসকলৰ সৈতে বৈঠকত মিলিত হয়। আজি বিয়লি কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে বসুন্ধৰা ৰাজেৰ সৈতে এজন এজনকৈ বৈঠকত মিলিত হয়। আনহাতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাইও ৰাজনাথ সিঙৰ সৈতে ফোনযোগে কথা পাতিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু