--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থানৰ নতুন মুখ্যমন্ত্ৰী সন্দৰ্ভত সৃষ্টি হোৱা চাচপেন্স এতিয়া শেষ হৈছে। সংগনেৰ আসনৰ পৰা বিধায়ক হোৱা ভজন লাল শৰ্মা ৰাজস্থানৰ নতুন মুখ্যমন্ত্ৰী হ’ব। দিল্লীৰ পৰা অহা পৰ্যবেক্ষকসকলে বিধায়িনী দলৰ বৈঠকৰ অন্তত ভজন লাল শৰ্মাৰ নাম নিৰ্ণয় কৰা হৈছে।

ভাৰতপুৰ নিবাসী ভজন লাল শৰ্মাই দীৰ্ঘদিন ধৰি দলটোত কাম কৰি আহিছে।শৰ্মাই পূৰ্বে ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক হিচাপে কাম কৰি আহিছে। বিজেপিয়ে তেওঁক জয়পুৰৰ সংগনেৰৰ পৰা প্ৰথমবাৰৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাইছিল আৰু বৰ্তমান তেওঁ এইবাৰ প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰীৰ শপত বাক্য পাঠ কৰিবলৈ উদ্যত হৈছে। 

এইবাৰ প্ৰথম বাৰৰ বাবে বিধায়ক হ’ল ভজন লাল শৰ্মা। তেওঁ ৪ বাৰ ৰাজ্যিক সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। পূৰ্বে তেখেত আৰ এছ এছ আৰু এ বি ভি পিৰ সৈতে জড়িত।উল্লেখ্য যে সংগনেৰ আসন বিজেপিৰ দুৰ্গ। এনে পৰিস্থিতিত ভজন লাল শৰ্মাই জয়লাভ কৰে।

বিজেপি হাইকমাণ্ডে কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, বিনোদ টাউডে আৰু সৰোজ পাণ্ডেক ৰাজস্থানৰ পৰ্যবেক্ষক হিচাপে নিযুক্তি দিছিল। আজি বিয়লি তিনিওজন নেতাই জয়পুৰত উপস্থিত হৈ বিধায়কসকলৰ সৈতে বৈঠকত মিলিত হয়। আজি বিয়লি কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে বসুন্ধৰা ৰাজেৰ সৈতে এজন এজনকৈ বৈঠকত মিলিত হয়। আনহাতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাইও ৰাজনাথ সিঙৰ সৈতে ফোনযোগে কথা পাতিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক