--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতীক্ষাৰ অন্ত পেলাই অৱশেষত আজি বিচিচিআইয়ে ঘোষণা কৰিলে বিশ্ব খিতাপৰ বাবে ১৫  জনীয়া ভাৰতীয় দলটোৰ খেলুৱৈৰ নাম৷  মঙলবাৰে  নিৰ্বাচক সমিতিৰ অধ্যক্ষ অজিত আগৰকাৰে ১৫ জনীয়া দল ঘোষণা কৰে। 

দলটোত ৪ জন দ্ৰুত বলাৰ আৰু ৩ জন স্পিনাৰ অন্তৰ্ভুক্ত কৰা হৈছে৷ নিৰ্বাচকসকলে সিদ্ধান্ত লৈছিল যে এছিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে ভাৰতীয় দলটো  খেল চোৱাৰ পিছত বিশ্বকাপ দলটো বাছনি কৰা হ'ব। সেই উদ্দেশ্যেই মুখ্য নিৰ্বাচক অজিত আগৰকাৰেও শ্ৰীলংকালৈ উৰা মাৰিছিল। সূত্ৰ অনুসৰি শনিবাৰে ভাৰত-পাকিস্তানৰ খেল খন বাতিল হোৱাৰ পিছত তেওঁ ৰোহিত শৰ্মা আৰু ৰাহুল দ্ৰাবিড়ৰ সৈতে এখন বৈঠকত মিলিত হয়। 

তাতেই তেওঁ ১৫  জনীয়া দলটো বাছনি কৰিছিল। এয়া   অৱশ্যে প্ৰাথমিক দল। ভাৰতে বিচাৰিলে ২৮ ছেপ্টেম্বৰলৈকে দলৰ খেলুৱৈ সলনি কৰিব পাৰিব। নতুন তালিকা অনুসৰি  ৰোহিত শৰ্মা বিশ্বকাপত ভাৰতীয়  দলৰ অধিনায়ক হ'ব। হাৰ্ডিক পাণ্ডিয়া উপ-অধিনায়ক হ'ব। এছিয়া কাপত ষ্টেণ্ড বাই হৈ থকা সঞ্জু চেমছনে বিশ্বকাপত নেখেলে৷   এছিয়া কাপ দলৰ পৰা বাদ পৰা আন দুজন খেলুৱৈ  হ'ল প্ৰসিদ্ধ কৃষ্ণ আৰু যুৱ তিলক বাৰ্মা।  সূৰ্যকুমাৰ যাদৱক  দলত অন্তৰ্ভুক্ত কৰা হৈছে৷  

ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গিল, ঈশান কিষাণ, বিৰাট কোহলী, শ্ৰেয়াছ আয়াৰ, কে এল ৰাহুল, সূৰ্যকুমাৰ যাদৱ, হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা, অক্সাৰ পেটেল, কুলদীপ যাদৱ, শাৰ্দুল ঠাকুৰ, মহম্মদ ছামী, মহম্মদ চিৰাজ, যশপ্ৰীত বুমৰাহে ভাৰতীয় দলটোত স্থান লাভ কৰিছে৷ 

চলিত  বছৰত ভাৰতে আয়োজন কৰিবলগীয়া এদিনীয়া বিশ্বকাপৰ সময়সূচী ইতিমধ্যে ঘোষণা কৰিছে। সূচী অনুসৰি প্ৰতিযোগিতাখন ৫ অক্টোবৰৰ পৰা আৰম্ভ হ'ব। আনহাতে ভাৰতীয় দলটোৱে ৮ অক্টোবৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে  প্ৰথমখন খেল খেলিব।

বিশ্বকাপৰ আকৰ্ষণীয়  খেলখন ভাৰত আৰু পাকিস্তানৰ মাজত হ'ব। খেলখন ১৫ অক্টোবৰত আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু পিছত খেলখনৰ তাৰিখ সলনি কৰা হয় । ভাৰত আৰু পাকিস্তানৰ মাজত  খেলখন এতিয়া এদিন আগতে অৰ্থাৎ ১৪ অক্টোবৰত অনুষ্ঠিত হ'ব। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু