--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতীক্ষাৰ অন্ত পেলাই অৱশেষত আজি বিচিচিআইয়ে ঘোষণা কৰিলে বিশ্ব খিতাপৰ বাবে ১৫  জনীয়া ভাৰতীয় দলটোৰ খেলুৱৈৰ নাম৷  মঙলবাৰে  নিৰ্বাচক সমিতিৰ অধ্যক্ষ অজিত আগৰকাৰে ১৫ জনীয়া দল ঘোষণা কৰে। 

দলটোত ৪ জন দ্ৰুত বলাৰ আৰু ৩ জন স্পিনাৰ অন্তৰ্ভুক্ত কৰা হৈছে৷ নিৰ্বাচকসকলে সিদ্ধান্ত লৈছিল যে এছিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে ভাৰতীয় দলটো  খেল চোৱাৰ পিছত বিশ্বকাপ দলটো বাছনি কৰা হ'ব। সেই উদ্দেশ্যেই মুখ্য নিৰ্বাচক অজিত আগৰকাৰেও শ্ৰীলংকালৈ উৰা মাৰিছিল। সূত্ৰ অনুসৰি শনিবাৰে ভাৰত-পাকিস্তানৰ খেল খন বাতিল হোৱাৰ পিছত তেওঁ ৰোহিত শৰ্মা আৰু ৰাহুল দ্ৰাবিড়ৰ সৈতে এখন বৈঠকত মিলিত হয়। 

তাতেই তেওঁ ১৫  জনীয়া দলটো বাছনি কৰিছিল। এয়া   অৱশ্যে প্ৰাথমিক দল। ভাৰতে বিচাৰিলে ২৮ ছেপ্টেম্বৰলৈকে দলৰ খেলুৱৈ সলনি কৰিব পাৰিব। নতুন তালিকা অনুসৰি  ৰোহিত শৰ্মা বিশ্বকাপত ভাৰতীয়  দলৰ অধিনায়ক হ'ব। হাৰ্ডিক পাণ্ডিয়া উপ-অধিনায়ক হ'ব। এছিয়া কাপত ষ্টেণ্ড বাই হৈ থকা সঞ্জু চেমছনে বিশ্বকাপত নেখেলে৷   এছিয়া কাপ দলৰ পৰা বাদ পৰা আন দুজন খেলুৱৈ  হ'ল প্ৰসিদ্ধ কৃষ্ণ আৰু যুৱ তিলক বাৰ্মা।  সূৰ্যকুমাৰ যাদৱক  দলত অন্তৰ্ভুক্ত কৰা হৈছে৷  

ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গিল, ঈশান কিষাণ, বিৰাট কোহলী, শ্ৰেয়াছ আয়াৰ, কে এল ৰাহুল, সূৰ্যকুমাৰ যাদৱ, হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা, অক্সাৰ পেটেল, কুলদীপ যাদৱ, শাৰ্দুল ঠাকুৰ, মহম্মদ ছামী, মহম্মদ চিৰাজ, যশপ্ৰীত বুমৰাহে ভাৰতীয় দলটোত স্থান লাভ কৰিছে৷ 

চলিত  বছৰত ভাৰতে আয়োজন কৰিবলগীয়া এদিনীয়া বিশ্বকাপৰ সময়সূচী ইতিমধ্যে ঘোষণা কৰিছে। সূচী অনুসৰি প্ৰতিযোগিতাখন ৫ অক্টোবৰৰ পৰা আৰম্ভ হ'ব। আনহাতে ভাৰতীয় দলটোৱে ৮ অক্টোবৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে  প্ৰথমখন খেল খেলিব।

বিশ্বকাপৰ আকৰ্ষণীয়  খেলখন ভাৰত আৰু পাকিস্তানৰ মাজত হ'ব। খেলখন ১৫ অক্টোবৰত আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু পিছত খেলখনৰ তাৰিখ সলনি কৰা হয় । ভাৰত আৰু পাকিস্তানৰ মাজত  খেলখন এতিয়া এদিন আগতে অৰ্থাৎ ১৪ অক্টোবৰত অনুষ্ঠিত হ'ব। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ