--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পঠাৰ মাংস বহুতৰে বাবে লোভনীয় খাদ্য। বিয়াই-জন্মদিনে বা ঘৰলৈ অহা আলহীক পঠাৰ মাংস খুৱাই গৃহস্থও সুখী হয়। কিন্তু ৰান্ধনীজনৰ আটাইতকৈ ডাঙৰ চিন্তা হৈছে মাংসখিনি ৰন্ধাটো। বহু সময়ত কষ্ট কৰি ৰন্ধা পঠাৰ মাংস নিসিজে। ফলত ৰান্ধোতা আৰু খাওঁতা সকলোৰে বৰ কষ্ট হয়। ভাল পঠা মাংস কেনেদৰে ৰান্ধিব পাৰি বা সহজতে সিজাব পাৰি জানো আহক।

১) বজাৰৰ পৰা মাটন কিনাৰ সময়ত নিশ্চিত হওক যে মাংসখিনি ছাগলীটোৰ ভৰিৰ ফালৰ পৰা কাটিছে। এই মাংস আটাইতকৈ সোৱাদযুক্ত আৰু সহজে সিজে।

২) যদি পঠাৰ মাংস ৰান্ধিবলৈ গৈ আছে তেন্তে মাংসখিনি কমেও ৭-৮ ঘণ্টা মেৰিনেট কৰি ৰাখক। নহলে মাংসখিনি সিজিবলৈ সময় লাগে। কিন্তু মাংস কিমান কোমল হ’ব সেইটোও নিৰ্ভৰ কৰে আপুনি কিহেৰে মেৰিনেট কৰে তাৰ ওপৰত। দৈৰ সৈতে মাংস মেৰিনেট কৰিব পাৰে। কেঁচা অমিতা, নিমখ আৰু জালুক দিলে ভাল। যিমানেই এচিডিক খাদ্য মেৰিনেট কৰিব সিমানেই মাংস কোমল হ’ব। মেৰিনেড যিমানেই ভাল হ’ব সিমানেই মাংসৰ আঁহবোৰ দ্ৰুতগতিত ভাঙি কোমল হ’ব। খাবলৈ ৰসাল হ’ব।

৩) তিনি ঘণ্টা জুইত ৰাখিব পাৰিলে ই আটাইতকৈ কোমলকৈ সিজিব। কিন্তু এই পদ্ধতি সময়সাপেক্ষ। আজিকালি গেছৰ যিহে দাম, তাৰবাবে তিনি ঘণ্টা সিজাই থকাটো অসম্ভৱ। সেয়েহে আপুনি প্ৰেচাৰ কুকাৰত এঘণ্টা উতলাই ৪-৫টা চিটি মৰাব। প্ৰথম চহৰখনে আৰু পঢ়িব। চিটি মৰাৰ পাছত মাংসখিনি কুকাৰত কমেও ১৫ মিনিট ৰাখিব লাগে।

৪) কেতিয়াবা মাংস মেৰিনেট কৰিবলৈ সময় নাপালে মাংসখিনি কমেও এঘণ্টা নিমখ দি ৰাখিব লাগে। দুঘণ্টা ধৰি ৰাখিব পাৰিলে ভাল। ৰন্ধা আগতে অতিৰিক্ত নিমখ ধুই পেলাব লাগে। এই পদ্ধতি মানি চলিলেও মাংসখিনি ভালদৰে সিজিব।







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ