--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: লোকবিশ্বাস অনুসৰি মঙলবাৰৰ দিনটোত হনুমানক আৰাধনা কৰিলে সুফল পোৱা যায় আৰু শনিৰ প্ৰভাৱৰ পৰা মুক্ত হ’ব পাৰে। মঙলৰ বাবে বহু লোকেই মঙলবাৰৰ দিনটোত উপবাসে থাকে। হনুমান ভক্তসকলে এই দিনটোত হনুমানক আৰাধনা কৰে। সেইবাবেই বহুলোকে মঙলবাৰৰ দিনটোত ৰঙা কাপোৰ পৰিধান কৰে আৰু হনুমান চলিছা পাঠ কৰে। ভাগ্য কুণ্ডলীত মঙলগ্ৰহৰ প্ৰভাৱ মজবুত কৰিবৰ বাবে মঙলবাৰৰ দিনটো ব্ৰত কৰাটো অতিকৈ জৰুৰী।

পিছে মঙলবাৰৰ দিনটোত ভুলটো কৰিব নালাগে এইসমূহ কাম...

 

১. কোৱা হয়, মঙলবাৰে নিমখ খালে হনুমান অসন্তুষ্ট হয়। মঙলবাৰে নিমখ খালে কামত বাধা আহিব আৰু বিভিন্ন বেমাৰে আপোনাৰ লগ লব।

 

২. মঙলবাৰৰ দিনটোত উত্তৰ আৰু পশ্চিম দিশত যাত্ৰা কৰিব নালাগে। যদি কেতিয়াবা বাধ্যত পৰি যাব লগা হয় তেনে গুড় অথবা মিঠা খাদ্য খাইহে ঘৰৰ পৰা ওলাব লাগে।

 

৩. মঙলবাৰৰ দিনটোত মাছ, মাংস অথবা কণী খোৱাটো অমংগল বুলি ধৰা হয়। মঙলবাৰে আমিষ খালে আপোনাৰ জীৱনত অঘটন ঘটিব পাৰে।

 

৪. মঙলবাৰৰ দিনটোত ভুলটো কাকো ধাৰ দিব নাপায়। ধাৰ দিলে এই ধন উভতাই পোৱাৰ সম্ভাৱনা কম থাকে।

 

৫. মঙলবাৰৰ দিনটোত আপুনি আপোনাৰ খঙৰ ওপৰত নিয়ন্ত্ৰণ কৰক। পৰাপক্ষত অযথা কাজিয়া-পেচালত ভাগ নল’ব।

 

৬. মঙলবাৰে লোহাৰ সামগ্ৰী ক্ৰয় কৰোটো অমংগল হিচাপে ধৰা হয়। আনহাতে ষ্টীলৰ সামগ্ৰী আৰু ধাৰ থকা বস্তু যেনে ব্লেড, নেইল কাটাৰ আদি কিনাটোও অশুভ।

 

গতিকে আপোনাৰ জীৱনৰ মঙলৰ বাবে আপুনিও কৰক ২১ মঙলবাৰৰ ব্ৰত আৰু পৰিহাৰ কৰক এইসমূহ কাম।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ