--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চৰকাৰী চাকৰি এটা পাবলৈ বহুতে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰে। ৰাজস্থান জয়পুৰৰ এগৰাকী বোৱাৰীয়ে চাকৰি পাবলৈ এক অদ্ভুত উপায় বিচাৰি উলিয়াইছে। তেওঁ UPSC অসামৰিক সেৱা পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিল। প্ৰস্তুতিৰ সময়ত তেওঁৰ মনলৈ আহিল এক দুষ্টবুদ্ধি। 

UPSCত বিবাহ বিচ্ছেদ কোটাৰ জৰিয়তে তেওঁ চাকৰি পোৱাৰ পৰিকল্পনা কৰিলে। ইয়াৰ বাবে তেওঁ প্ৰেমিকক বিয়া কৰাই প্ৰথম বিবাহ বাৰ্ষিকীৰ দিনাই বিবাহ বিচ্ছেদ বিচাৰিছিল। বোৱাৰীগৰাকীৰ স্বামীয়ে জয়পুৰৰ কাৰ্ধনী থানাত পত্নীৰ বিৰুদ্ধে ৰিপৰ্ট দাখিল কৰিছে।

পত্নীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা যুৱকজন জয়পুৰৰ কালৱাদৰৰ বাসিন্দা। তেওঁৰ পত্নী প্ৰতাপগড় জিলাৰ বাসিন্দা। ২০১৩ চনত দুয়োৰে চিনাকি হৈছিল আৰু ২০১৬ চনত যেতিয়া ছোৱালীজনীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ জয়পুৰলৈ আহিছিল, তেতিয়া তেওঁলোকৰ ঘনিষ্ঠতা বাঢ়িছিল। কেইবছৰমান দুয়ো লিভ-ইন ৰিলেচনশ্বিপত আছিল। 

২০২৩ চনত দুয়োৰে বিয়া হয়। যুৱকজন অৰ্থাৎ স্বামীয়ে বিয়াৰ এবছৰ সম্পূৰ্ণ কৰাৰ পিছত বৰ সুখী হৈছিল। এই সুখৰ সময়খিনি তেওঁ উদযাপন কৰিব বিচাৰিছিল। যেতিয়া তেওঁ মাকৰ ঘৰত থকা পত্নীৰ ওচৰলৈ গৈ অভিনন্দন জনাইছিল, তেতিয়া তেওঁ বিবাহ বিচ্ছেদ বিচাৰিছিল। 

স্বামীয়ে যেতিয়া পত্নীক বিবাহ বিচ্ছেদৰ কাৰণ সুধিলে, সেই উত্তৰ শুনি তেওঁ আচৰিত হ’ল। পত্নীয়ে স্বামীক কয় যে তেওঁ UPSC অসামৰিক সেৱাৰ বাবে প্ৰস্তুতি চলাইছে। এতিয়া তেওঁ বিবাহ বিচ্ছেদ হোৱা কোটাৰ পৰা নিৰ্বাচিত হ’ব বিচাৰে। এই কথা শুনি স্বামীয়ে আপত্তি দৰ্শায়। তেতিয়া পত্নীয়ে কৈছিল যে কেৱল বিবাহ বিচ্ছেদ কৰিবলৈহে তেওঁ বিয়া হৈছিল। আইএএছ হোৱাৰ সপোন দিঠক কৰিবৰ বাবে তেওঁ বিবাহ বিচ্ছেদ বিচাৰিছে, যাতে বিবাহ বিচ্ছেদ হোৱা কোটাৰ পৰা তেওঁ পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰে। লগতে পত্নীয়ে স্বামীক ভাবুকি দিয়ে যে যদি স্বামীয়ে বিবাহ বিচ্ছেদ নকৰে তেন্তে ধৰ্ষণৰ গোচৰ ৰুজু কৰি জেললৈ পঠিয়াব।

বিয়াৰ কিছুদিন পিছতে পত্নীয়ে ইউ পি এছ চিৰ বাবে প্ৰস্তুতি চলোৱাৰ অজুহাতত প্ৰতাপগড়লৈ গৈছিল বুলি জানিবলৈ দিয়ে। প্ৰস্তুতিৰ বাবেই তেওঁ মোবাইলত কথা পতাও বন্ধ কৰি দিছিল। ম’বাইল আৰু ছ’চিয়েল মিডিয়াৰ পৰা আঁতৰি থাকি পত্নীয়ে গুৰুত্বসহকাৰে প্ৰস্তুতি চলাইছে বুলি অনুভৱ কৰিছিল স্বামীয়ে। স্বামীয়ে গম পোৱা নাছিল যে যিগৰাকী পত্নীৰ ওপৰত তেওঁ ইমান বিশ্বাস কৰিছিল, সেই পত্নীয়ে তেওঁৰ বিশ্বাসৰ লগত খেল খেলিছে। এতিয়া আৰক্ষীৰ আশ্ৰয় লৈছে ভুক্তভোগীয়ে। পত্নীৰ বিৰুদ্ধে কাৰ্ধনী থানাত দাখিল কৰা হৈছে এজাহাৰ। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ