--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰথম টেষ্টত পৰাজয়ৰ হতাশাৰ লগতে ভাৰতীয় দললৈ দুটাকৈ বেয়া খবৰ আহিছে। ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টত আঘাতৰ বাবে দলটোৰ দুই গুৰুত্বপূৰ্ণ সদস্য বাহিৰ হ’ল। বিশাখাপট্টনমত ৰবীন্দ্ৰ জাডেজা আৰু লোকেশ ৰাহুলক মিছ কৰিব ৰোহিত শৰ্মাই। বিৰাট কোহলীৰ অনুপস্থিতিয়ে নিশ্চিতভাৱে ভাৰতীয় শিবিৰত চাপ বৃদ্ধি কৰিব।

হায়দৰাবাদত প্ৰথমখন টেষ্টত পৰাস্ত হোৱাৰ পিছত হেঁচাত পৰিছে ৰোহিত। দ্বিতীয় টেষ্টত দুজন অভিজ্ঞ ক্ৰিকেটাৰ নাপাব। প্ৰথম টেষ্টত আঘাতপ্ৰাপ্ত হয় ৰাহুল আৰু জাদেজা। দ্বিতীয় টেষ্টত খেলাৰ কোনো সম্ভাৱনা নাই। শুকুৰবাৰৰ পৰা বিশাখাপট্টনমত আৰম্ভ হ’ব ভাৰত-ইংলেণ্ডৰ দ্বিতীয়খন টেষ্ট। তাৰ আগতে ৰাহুল বা জাদেজা কোনোৱেই সুস্থ হোৱাৰ সম্ভাৱনা নাই। আঘাতপ্ৰাপ্ত দুয়োগৰাকী খেলুৱৈকে চিকিৎসাৰ বাবে বাংগালুৰুৰ নেশ্যনেল ক্ৰিকেট একাডেমীলৈ প্ৰেৰণ কৰাৰ সম্ভাৱনা আছে।

হায়দৰাবাদ টেষ্টৰ চতুৰ্থ দিনা হামষ্ট্ৰিংত আঘাতপ্ৰাপ্ত হয় জাদেজা। ৰাহুলে সোঁ ভৰিৰ থাই পেশীত বিষ হোৱা বুলি জনায়। ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ চিকিৎসা দলৰ সদস্যসকলে ক্ৰিকেটাৰ দুগৰাকীৰ অৱস্থাৰ ওপৰত নজৰ ৰাখিছে।

ব্যক্তিগত কাৰণত কোহলীয়ে শৃংখলাৰ প্ৰথম দুখন টেষ্ট খেলিব পৰা নাই। তাৰ ওপৰত ৰাহুল আৰু জাদেজাই খেলা নোহোৱাটো নিশ্চিতভাৱে ভাৰতৰ পিছ পৰি থকাৰ বাবে এক ডাঙৰ আঘাত। হায়দৰাবাদৰ প্ৰথমখন টেষ্টত দুয়োজনে ভাল ৰান লাভ কৰে। একে সময়তে তিনিজন অভিজ্ঞ ক্ৰিকেটাৰৰ অভাৱৰ সৈতে মোকাবিলা কৰিবলৈ দ্বিতীয়খন টেষ্টত বেন ষ্ট’কছৰ মুখামুখি হ’ব লাগিব ৰোহিটছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক