--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেসক্ঃ ১০ নৱেম্বৰৰ পৰা আৰম্ভ হৈছিল শাস্তি। সেই শাস্তি শেষ। ক্ৰিকেটৰ সৰ্বোচ্চ শাসকীয় সংস্থাই প্ৰত্যাহাৰ কৰিছে শ্ৰীলংকা ক্ৰিকেট ব’ৰ্ডক আইচিচিয়ে প্ৰদান কৰা শাস্তি। ফলত টি-২০ বিশ্বকাপৰ পূর্বে ভাৰতৰ চুবুৰীয়া দেশসমূহত এটা ভাল খবৰ৷

শ্ৰীলংকা ক্ৰিকেট ব’ৰ্ডত তৃতীয় পক্ষৰ হস্তক্ষেপৰ অভিযোগত নৱেম্বৰ মাহত আইচিচিয়ে নিলম্বন কৰিছিল। ফলত শ্ৰীলংকাত অনুষ্ঠিত হোৱা ১৯ বছৰ অনুৰ্ধ বিশ্বকাপ দক্ষিণ আফ্ৰিকালৈ স্থানান্তৰিত হয়। শ্ৰীলংকা ক্ৰিকেট ব’ৰ্ডে এই শাস্তিৰ বিৰুদ্ধে আইচিচিৰ ওচৰত বাৰে বাৰে আবেদন জনাইছিল। অৱশেষত আইচিচিয়ে তেওঁলোকৰ আবেদন শুনানি গ্ৰহণ কৰে।

আইচিচিৰ মুখ্য কাৰ্যবাহী বিষয়া জেফ এলাৰ্ডাইছে এই মাহতে শ্ৰীলংকা ক্ৰিকেট ব’ৰ্ডৰ সভাপতি ৰানিল উইক্ৰেমসিংহ আৰু ক্ৰীড়া মন্ত্ৰী হৰিন ফাৰ্নাণ্ডোক সাক্ষাৎ কৰে। সেই বৈঠকতে সমস্যাটো সমাধানৰ প্ৰথম আভাস পোৱা গৈছিল। শ্ৰীলংকা ক্ৰিকেট ব’ৰ্ডে আশাবাদী আছিল যে আইচিচিয়ে এই শাস্তি প্ৰত্যাহাৰ কৰিব। সেইটোৱেই হ’ল।

এক বিবৃতিত আইচিচিয়ে কয় যে শ্ৰীলংকা ক্ৰিকেট ব’ৰ্ডত চৰকাৰী আৰু তৃতীয় পক্ষৰ হস্তক্ষেপৰ বাবে নৱেম্বৰ মাহত শাস্তি প্ৰদান কৰা হৈছিল। তাৰ পিছৰে পৰা ব’ৰ্ডখন আইচিচিৰ দ্বাৰা নিৰীক্ষণ কৰা হৈছে। এতিয়া ব’ৰ্ডৰ কামত কোনো তৃতীয় পক্ষৰ হস্তক্ষেপ নাই। এই শাস্তি প্ৰত্যাহাৰ কৰি আনন্দিত হৈ পৰিছে আই চি চি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ