--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: হিন্দী চলচ্চিত্ৰ জগতৰ তালিকাৰ অন্যতম শীৰ্ষ অভিনেতা অক্ষয় কুমাৰ। তেওঁ ছুপাৰষ্টাৰ। কিন্তু এৰাতিত বা এদিনতে চুপাৰষ্টাৰ হোৱা নাছিল অক্ষয় কুমাৰ। পটভূমিত দীৰ্ঘ বছৰৰ কঠোৰ পৰিশ্ৰম আৰু আত্মত্যাগৰ বিনিময়তহে  অক্ষয় কুমাৰক আজি বিশ্বই জানে । আজি তেওঁ প্ৰতিখন ছবি বা ৰিয়েলিটি শ্ব’ৰ বাবে কোটি কোটি টকা দাবী কৰে। কিন্তু আৰম্ভণিৰে পৰা তেওঁ এনেকুৱা নাছিল।  শেহতীয়াকৈ এটা সাক্ষাৎকাৰত বহু কথা মুকলিকৈ প্ৰকাশ কৰে ।প্ৰথমবাৰৰ বাবে তেওঁ পৰ্দাত অভিনয় কৰাৰ বাবে কিমান টকাৰ চেক পাইছিল সেয়াও অৱগত কৰে।

How did Akshay Kumar got successful and became most demanded actor since  last 5 years than Khan's and Kapoor's after facing big bad patch? - Quora

প্ৰথমবাৰৰ বাবে ‘দিবাৰ’ ছবিখনত অভিনয় কৰাৰ সুযোগ আহিল। অক্ষয়ে কয় যে প্ৰমোদ চক্ৰৱৰ্তীৰ সেই ছবিখনৰ বাবে ৫০ হাজাৰ টকাৰ চেক পাইছিল। আজি ভাবিলে আচৰিত লাগে যে অক্ষয় কুমাৰৰ ছবিখনৰ পৰা পোৱা আয় এক লাখৰ ওচৰলৈকেও নাপালে। যদিও 'দিবা'ৰ আগতে 'সৌগন্ধ' মুক্তি পাইছিল। কিন্তু ‘দিবাৰ’ তেওঁৰ প্ৰথমখন ছবি। দ্বিতীয়খন ছবিৰ বাবে অক্ষয়ক দিয়া হৈছিল ৭৫ হাজাৰ টকাৰ চেক।

When Akshay Kumar was treated like an outsider in Bollywood | Bollywood  News – India TV

কেৰিয়াৰৰ প্ৰথম ১০ বছৰ অভিনয়ৰ পৰা অক্ষয়ৰ আয় আছিল ১৮ৰ পৰা ২০ লাখ টকা। কিন্তু বৰ্তমান তেওঁ এখন ছবিৰ বাবে এশ কোটিও পায়। কেনেকৈ সম্ভৱ? সৰ্বভাৰতীয় হিন্দী কাকত এখনক দিয়া সাক্ষাৎকাৰত অক্ষয়ে কয় যে, তেওঁ এবাৰ গম পাইছিল যে বলীউডৰ অভিনেতা জিতেন্দ্ৰ আৰু তেওঁৰ কন্যা তথা জনপ্ৰিয় প্ৰযোজক একতা কাপুৰে ১০০ কোটি টকাৰ ফিক্সড ডিপ’জিট কৰিছে। তাৰ পৰাই অক্ষয়ে আয়ৰ পৰিমাণ বৃদ্ধি কৰাৰ প্ৰেৰণা পালে।

Akshay Kumar Birthday: Do you know actor had worked as chef, waiter? Know  more facts

অৱশ্যে অভিনেতাগৰাকীৰ বাবে সময় বিশেষভাৱে ভাল নহয়। যোৱা এবছৰ বা দুবছৰত অক্ষয়ৰ বহুকেইখন ছবি বক্স অফিচত বিফল হৈছে। অ’টিটি প্লেটফৰ্মত মুক্তি পোৱা ‘কাঠপুতলি’ও দৰ্শকক আকৰ্ষণ কৰাত ব্যৰ্থ হয়। শেহতীয়াকৈ মুক্তি পোৱা ‘চেলফি’ ছবিখনেও কোনো সঁহাৰি নিদিলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক