--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড অভিনেত্ৰী কংগনা ৰাণাৱটে সদায় ছ’চিয়েল মিডিয়াত কিবা নহয় কিবা পোষ্ট শ্বেয়াৰ কৰি থাকে। সাধাৰণতে দেশৰ গৰম বিষয়বোৰৰ ওপৰত মাত মাতি থকাৰ উপৰিও বিতৰ্কমূলক কথা কিছুমান কৈয়ো চৰ্চাত থাকে কংগনা। কেতিয়াবা অভিনেত্ৰীগৰাকীয়ে অনুৰাগীসকলক নিজৰ ব্যক্তিগত জীৱনৰ সৈতেও পৰিচয় কৰাই দিয়ে। শেহতীয়াকৈ কংগনা ৰাণাৱটে নিজৰ জীৱনৰ আটাইতকৈ ঘনিষ্ঠ ব্যক্তিগৰাকীৰ শেহতীয়া ফটো শ্বেয়াৰ কৰিছে। এই ব্যক্তিগৰাকী আন কোনো নহয়... তেওঁৰ মাতৃ আশা ৰাণাৱট। ফটোখনৰ সমান্তৰালকৈ কংগনাই মাকৰ প্ৰশংসাত কিছু কথা কৈছে।
Kangana Ranaut's mother thanks Amit Shah for support, says family was  Congress loyalist but will support BJP now | Bollywood - Hindustan Times
কংগনাই এই ফটোখন টুইটাৰত শ্বেয়াৰ কৰিছে য’ত তেওঁৰ মাতৃয়ে অতি উৎসাহেৰে খেতিৰ কামত নিয়োজিত হৈ থকা দেখা গৈছে। ডাঙৰ পথাৰ এখনৰ মাজত বহি কংগনাৰ মাতৃক কিবা কাম কৰি থকা দেখা গৈছে। ফটোখনৰ লগতে কংগনাই কেপচনত লিখিছে- ''এইজনী মোৰ মা যিয়ে প্ৰতিদিনে ৭-৮ ঘণ্টা খেতি কৰে। প্ৰায়ে মানুহে আমাৰ ঘৰলৈ আহি মোক কয় যে আমি আপোনাৰ মাতৃক লগ পাব বিচাৰো। অতি নম্ৰতাৰে মোৰ মায়ে হাত ধুই চাহ-পানী দি কয় যে ময়ে কংগনাৰ মা। তেতিয়া মানুহৰ চকু থৰ লাগি থতমত খাই যায়।''

কংগনাই লগতে লিখিলে- ''এবাৰ মই মাক ক’লোঁ যে ইমানবোৰ মানুহ ঘৰলৈ আহে, সকলোৰে বাবে নিজে চাহ-খাদ্য প্ৰস্তুত কৰাৰ কি প্ৰয়োজন, তেওঁ ক’লে তেনে কথা নহয়, আমি সৌভাগ্যৱান যে তোমাক ইমান বিচৰা মানুহক আমি সেৱা আগবঢ়াব পাৰো। ধন্য মোৰ মা আৰু তেওঁৰ চৰিত্ৰ।'' 

ইয়াৰ উপৰিও অৱশ্যে কংগনাই মাতৃৰ ওপৰত এটা অভিযোগ থকা বুলিও কয়। কংগনাই কয় যে- ''এটা অভিযোগ আছে, মোৰ মায়ে ছবিৰ চেটত আহিব নিবিচাৰে, বাহিৰত খাব নিবিচাৰে, কেৱল ঘৰৰ খাদ্যহে খায়, মুম্বাইত থাকিব নিবিচাৰে, বহিঃৰাজ্যলৈ যাব নিবিচাৰে। আৰু যদি আমি জোৰ কৰি লৈ যাওঁ, তেন্তে বহুত বকবকনি শুনিবলগীয়া হয়।''

কংগনাৰ এই পষ্ট ভাইৰেল হৈ পৰিছে। অনেক লোকে মন্তব্য কৰি কয় যে ''সাধাৰণতে ছুপাৰষ্টাৰৰ পিতৃ-মাতৃক এনে ৰূপত দেখা নাযায় কিন্তু আপোনাৰ মাতৃৰ এই সাধাৰণ জীৱন শৈলীয়ে আমাক আপ্লুত কৰিছে।''
No jugad like desi jugad,' says Kangana Ranaut sharing photo of her mother  cooking in the sun | Celebrities News – India TV
উল্লেখ্য যে কংগনা ৰাণাৱটে মাতৃক বহুত সন্মান কৰে আৰু তেওঁক বহুত ভাল পায়। মাতৃ আশা ৰাণাৱটৰ সৈতে তেওঁ ছ'চিয়েল মিডিয়াত ফটো শ্বেয়াৰ কৰি থাকে আৰু সকলো কামৰ বাবে মাকক ধন্যবাদ জনায়। ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে কংগনা ৰাণাৱটক শেষবাৰৰ বাবে ২০২২ চনত 'ধাকড়' চিনেমাত দেখা গৈছিল। ছবিখনে অনুৰাগীৰ পৰা ভাল সঁহাৰি নাপালে। বৰ্তমান তেওঁ তেজস, টিকু ৱেডছ শ্বেৰু, চন্দ্ৰমুখী ২ আৰু ইমাৰ্জেন্সিৰ কামত ব্যস্ত হৈ আছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু