--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শেহতীয়া গৱেষণাৰ মতে ভাৰতৰ মুঠ জনসংখ্যাৰ প্ৰায় ৭৬ শতাংশই ভিটামিন-ডিৰ অভাৱত ভোগা দেখা যায়। দেশৰ ২৭খন ৰাজ্যৰ ২ লাখৰো অধিক লোকৰ ওপৰত কৰা এক সমীক্ষাৰ পৰা এই তথ্য পোহৰলৈ আহিছে। ৭৯ শতাংশ পুৰুষ আৰু প্ৰায় ৭৫ শতাংশ মহিলাৰ শৰীৰত পৰ্যাপ্ত পৰিমাণৰ ভিটামিন-ডিৰ অভাৱ পৰিলক্ষিত হয়।

 স্মৰ্তব্য যে ব্ৰিটেইনৰ ‘ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱা’ৰ তথ্য অনুসৰি ভিটামিন-ডিয়ে কেৱল হাড় শক্তিশালী কৰাই নহয়, হাড়ৰ বিভিন্ন ৰোগ, যেনে-ৰিকেট, অষ্টিঅ’মেলেচিয়া আদি প্ৰতিৰোধৰ বাবেও অতি গুৰুত্বপূৰ্ণ। তেজত এই ভিটামিনৰ মাত্ৰা কমি যোৱাটোৱে প্ৰষ্টেট কেন্সাৰ, হতাশা, ডায়েবেটিছ আদি ৰোগো সৃষ্টিৰ কাৰক হৈ পৰে। বিশেষকৈ ৰজোনিবৃত্তিৰ পাছত মহিলাৰ এই ভিটামিনৰ অভাৱ হোৱাটো স্বাভাৱিক। পুৰুষৰ ক্ষেত্ৰতো নিৰ্দিষ্ট বয়সৰ পাছত তেজত ভিটামিন-ডিৰ অভাৱ দেখা যায়। কিন্তু চিন্তাৰ বিষয়টো হ’ল যে কেৱল বৃদ্ধসকলেই নহয়, এই ভিটামিনৰ অভাৱত নৱপ্ৰজন্মৰ মাজত বিভিন্ন শাৰীৰিক জটিলতাও বৃদ্ধি পাইছে।

 গৱেষণাৰ তথ্য অনুসৰি ২৫ বছৰৰ তলৰ প্ৰায় ৮৪ শতাংশ শিশুৱে ভিটামিন-ডিৰ অভাৱত ভোগাৰ বিপৰীতে ২৫ৰ পৰা ৪০ বছৰ বয়সৰ ভিতৰত এই সংখ্যা ৮১ শতাংশলৈ বৃদ্ধি পায়। চিকিৎসক আৰু পুষ্টিবিদসকলৰ মতে ইয়াৰ বাবে নৱপ্ৰজন্মৰ শেহতীয়া জীৱনশৈলী দায়ী। সূৰ্যৰ পোহৰৰ পৰা শৰীৰে প্ৰাকৃতিকভাৱে ভিটামিন-ডি তৈয়াৰ কৰাৰ একমাত্ৰ উপায়। কিন্তু বেছিভাগ ঠাইতে নৱপ্ৰজন্মৰ ঘৰৰ ভিতৰতে থকাৰ প্ৰৱণতা বৃদ্ধি পাইছে। ইয়াৰ বাবে প্ৰযুক্তিও বহুলাংশে দায়ী। যিয়ে মানুহক এলেহুৱা কৰি তুলিছে। তদুপৰি দুগ্ধজাত খাদ্যৰ প্ৰতি নৱপ্ৰজন্মৰ অনীহা প্ৰকাশ ইয়াৰ অন্যতম কাৰণ।

 বিশেষজ্ঞৰৰ মতে ভিটামিন-ডিসমৃদ্ধ খাদ্য খোৱা আৰু বয়স, পুৰুষ বা মহিলা নিৰ্বিশেষে নিয়মিতভাৱে তেজত এই ভিটামিনৰ মাত্ৰা পৰীক্ষা কৰোৱা উচিত। অৱশ্যে গৰ্ভৱতী বা দুগ্ধপান কৰোৱা মহিলাসকলক চিকিৎসকৰ পৰামৰ্শ দিয়া উচিত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক