--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শেহতীয়া গৱেষণাৰ মতে ভাৰতৰ মুঠ জনসংখ্যাৰ প্ৰায় ৭৬ শতাংশই ভিটামিন-ডিৰ অভাৱত ভোগা দেখা যায়। দেশৰ ২৭খন ৰাজ্যৰ ২ লাখৰো অধিক লোকৰ ওপৰত কৰা এক সমীক্ষাৰ পৰা এই তথ্য পোহৰলৈ আহিছে। ৭৯ শতাংশ পুৰুষ আৰু প্ৰায় ৭৫ শতাংশ মহিলাৰ শৰীৰত পৰ্যাপ্ত পৰিমাণৰ ভিটামিন-ডিৰ অভাৱ পৰিলক্ষিত হয়।

 স্মৰ্তব্য যে ব্ৰিটেইনৰ ‘ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱা’ৰ তথ্য অনুসৰি ভিটামিন-ডিয়ে কেৱল হাড় শক্তিশালী কৰাই নহয়, হাড়ৰ বিভিন্ন ৰোগ, যেনে-ৰিকেট, অষ্টিঅ’মেলেচিয়া আদি প্ৰতিৰোধৰ বাবেও অতি গুৰুত্বপূৰ্ণ। তেজত এই ভিটামিনৰ মাত্ৰা কমি যোৱাটোৱে প্ৰষ্টেট কেন্সাৰ, হতাশা, ডায়েবেটিছ আদি ৰোগো সৃষ্টিৰ কাৰক হৈ পৰে। বিশেষকৈ ৰজোনিবৃত্তিৰ পাছত মহিলাৰ এই ভিটামিনৰ অভাৱ হোৱাটো স্বাভাৱিক। পুৰুষৰ ক্ষেত্ৰতো নিৰ্দিষ্ট বয়সৰ পাছত তেজত ভিটামিন-ডিৰ অভাৱ দেখা যায়। কিন্তু চিন্তাৰ বিষয়টো হ’ল যে কেৱল বৃদ্ধসকলেই নহয়, এই ভিটামিনৰ অভাৱত নৱপ্ৰজন্মৰ মাজত বিভিন্ন শাৰীৰিক জটিলতাও বৃদ্ধি পাইছে।

 গৱেষণাৰ তথ্য অনুসৰি ২৫ বছৰৰ তলৰ প্ৰায় ৮৪ শতাংশ শিশুৱে ভিটামিন-ডিৰ অভাৱত ভোগাৰ বিপৰীতে ২৫ৰ পৰা ৪০ বছৰ বয়সৰ ভিতৰত এই সংখ্যা ৮১ শতাংশলৈ বৃদ্ধি পায়। চিকিৎসক আৰু পুষ্টিবিদসকলৰ মতে ইয়াৰ বাবে নৱপ্ৰজন্মৰ শেহতীয়া জীৱনশৈলী দায়ী। সূৰ্যৰ পোহৰৰ পৰা শৰীৰে প্ৰাকৃতিকভাৱে ভিটামিন-ডি তৈয়াৰ কৰাৰ একমাত্ৰ উপায়। কিন্তু বেছিভাগ ঠাইতে নৱপ্ৰজন্মৰ ঘৰৰ ভিতৰতে থকাৰ প্ৰৱণতা বৃদ্ধি পাইছে। ইয়াৰ বাবে প্ৰযুক্তিও বহুলাংশে দায়ী। যিয়ে মানুহক এলেহুৱা কৰি তুলিছে। তদুপৰি দুগ্ধজাত খাদ্যৰ প্ৰতি নৱপ্ৰজন্মৰ অনীহা প্ৰকাশ ইয়াৰ অন্যতম কাৰণ।

 বিশেষজ্ঞৰৰ মতে ভিটামিন-ডিসমৃদ্ধ খাদ্য খোৱা আৰু বয়স, পুৰুষ বা মহিলা নিৰ্বিশেষে নিয়মিতভাৱে তেজত এই ভিটামিনৰ মাত্ৰা পৰীক্ষা কৰোৱা উচিত। অৱশ্যে গৰ্ভৱতী বা দুগ্ধপান কৰোৱা মহিলাসকলক চিকিৎসকৰ পৰামৰ্শ দিয়া উচিত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু