--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আমাৰ স্বাস্থ্য ভাল ৰখাত ভিটামিন আৰু খনিজ পদাৰ্থই মুখ্য ভূমিকা পালন কৰে। এইসমূহৰ অভাৱৰ ফলত এজন ব্যক্তি বহুতো ৰোগত আক্ৰান্ত হ’ব পাৰে। ভিটামিন-বি১২ শৰীৰৰ বাবে সকলো পুষ্টিৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ, ই কেৱল আমাৰ শৰীৰৰ ৰক্তকণিকা সৃষ্টি কৰাই নহয় আমাৰ শৰীৰৰ স্নায়ুতন্ত্ৰ আৰু মানসিক স্বাস্থ্যও সুস্থ কৰি ৰাখে। গতিকে যেতিয়াই ইয়াৰ অভাৱ শৰীৰত আৰম্ভ হয়, তেতিয়া শৰীৰে আমাক কিছুমান সংকেত দিবলৈ আৰম্ভ কৰে। সেয়েহে এই লক্ষণসমূহ জানো আহক।

ভিটামিন-বি১২ৰ অভাৱৰ লক্ষণ-

১. মূৰৰ বিষঃ-শৰীৰত ভিটামিন-বি১২ৰ অভাৱত স্নায়ুজনিত কাৰ্যত প্ৰভাৱ পৰিব পাৰে। ভিটামিন-বি১২ আমাৰ শৰীৰৰ স্নায়ুতন্ত্ৰ আৰু মানসিক স্বাস্থ্যও সুস্থ কৰি ৰাখে, গতিকে ইয়াৰ অভাৱ আৰম্ভ হ’লে মূৰৰ বিষকে ধৰি স্নায়ুজনিত লক্ষণে দেখা দিব পাৰে। এক অধ্যয়নত দেখা গৈছে যে বি১২ৰ মাত্ৰা বেছি থকা লোকৰ মাইগ্ৰেইন হোৱাৰ সম্ভাৱনা কম।

২. মনোনিৱেশ কৰাত অসুবিধাঃ-ভিটামিন-বি১২ৰ অভাৱত মনোনিৱেশ কৰাত অসুবিধা হয়। এক গৱেষণাৰ মতে শৰীৰত ভিটামিন-বি১২ৰ অভাৱ স্মৃতিশক্তিৰ লগত জড়িত। ইয়াৰ বাবে যেতিয়া শৰীৰত ভিটামিনৰ অভাৱ হ’বলৈ আৰম্ভ কৰে, তেতিয়াই যিকোনো কামত মনোনিৱেশ কৰাত অসুবিধাৰ সৃষ্টি হয়।

৩. ভাগৰুৱা অনুভৱঃ-ৰক্তকণিকা গঠনৰ বাবে ভিটামিন-বি১২ অপৰিহাৰ্য। গতিকে শৰীৰত ভিটামিন-বি১২ৰ অভাৱ হ’লে আপুনি মেগাল’ব্লাষ্টিক এনিমিয়াৰ অৱস্থালৈ যাব পাৰে। এই অৱস্থাত শৰীৰত অত্যধিক ৰক্তকণিকা উৎপন্ন হ’বলৈ আৰম্ভ কৰে যাৰ ফলত আপুনি ভাগৰুৱা অনুভৱ কৰে। সেইবাবেই এই অৱস্থাৰ এটা সাধাৰণ লক্ষণ হ’ল ক্লান্তি।

৪. হাত-ভৰি ঝিনঝিন কৰাঃ-পেৰেষ্টেছিয়া বা ‘পিন আৰু বেজী’ ভিটামিন-বি১২ৰ অভাৱৰ অন্যতম লক্ষণ। প্ৰায়ে হাত, বাহু, ভৰিত হোৱা বা শৰীৰৰ আন যিকোনো অংশত হোৱা জ্বলন বা বিষ অনুভূতি।

৫. শেঁতা ছালঃ-ভিটামিন-বি১২ৰ অভাৱত ৰক্তহীনতা হ’ব পাৰে। ৰক্তহীনতাৰ অৱস্থাত শৰীৰে পৰ্যাপ্ত পৰিমাণৰ ৰক্তকণিকা সৃষ্টি কৰিব নোৱাৰে। গতিকে এই কাৰণেই আপোনাৰ ছালখন হালধীয়া হ’বলৈ আৰম্ভ কৰাৰ লগতে ছালখন শেঁতা হয়।







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু