--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁৰ অন্তিম এলবামটো ২০১৬ চনত মুক্তি দিয়া হৈছিল। তাৰ পিছত প্ৰায় ছয় বছৰৰ দীঘলীয়া বিৰতি হৈছিল। য়’ য়’ হানি সিঙে এই বছৰ এটা নতুন এলবাম মুকলি কৰিবলৈ উলাইছে। ইয়াৰ মাজৰ ছয় বছৰ কেনেকুৱা আছিল? জনপ্ৰিয় ৰেপাৰ হানি সিঙে এই বিষয়ে আশ্চৰ্যজনক ভাষ্য আগবঢ়াইছে।

যোৱা কেইবছৰমান তেওঁ মানসিক স্বাস্থ্যৰ সৈতে যুঁজি আহিছে। "মোৰ এটা মানসিক ৰোগ আছিল,"- হানিয়ে এটা সাক্ষাৎকাৰত মন্তব্য কৰিছিল। কেৱল হতাশাই নহয়, কিন্তু তেওঁ মানসিক বাইপোলাৰ বিকাৰত ভুগি আছিল।

"প্ৰতিনিশা মই মৃত্যুকামনা কৰিছিলো। ৰোগটো বুজিবলৈ প্ৰায় দুবছৰ সময় লাগিছিল। তাৰ পিছত, সঠিক চিকিৎসা কৰিবলৈ আৰু তিনি বছৰ সময় লাগিল।’’- হানিয়ে কৈছিল। মায়ানাগৰীৰ জনপ্ৰিয় ৰেপাৰজনে তেওঁৰ ভয়ংকৰ অভিজ্ঞতাৰ কথা মনত পেলাই কয়- "মোৰ শত্ৰুসকলৰো কেতিয়াও যাতে এনে ৰোগ নহয়।’’

মানসিক ৰোগৰ বাবে টোপনি হেৰুৱাইছিল হানি সিঙে। মানসিক ভাৰসাম্যও হেৰুৱাইছিল। আনকি তেওঁ নিজৰ আচৰণতে অস্বস্তি অনুভৱ কৰিছিল। সেইবাবেই হানি সিঙে লাইমলাইটৰ পৰা আঁতৰি গৈছিল।

ডিচেম্বৰ মাহতে হানিয়ে ছ'চিয়েল মিডিয়াত নতুন এলবাম (হানি সিং 3.0) ঘোষণা কৰে। এই এলবামটো এই বছৰ মুক্তি পাব। তেওঁৰ নিজৰ এলবামৰ উপৰিও হানিয়ে বলীউডত কেইবাখনো চলচ্চিত্ৰৰ গীতৰ কাম কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু