--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁৰ অন্তিম এলবামটো ২০১৬ চনত মুক্তি দিয়া হৈছিল। তাৰ পিছত প্ৰায় ছয় বছৰৰ দীঘলীয়া বিৰতি হৈছিল। য়’ য়’ হানি সিঙে এই বছৰ এটা নতুন এলবাম মুকলি কৰিবলৈ উলাইছে। ইয়াৰ মাজৰ ছয় বছৰ কেনেকুৱা আছিল? জনপ্ৰিয় ৰেপাৰ হানি সিঙে এই বিষয়ে আশ্চৰ্যজনক ভাষ্য আগবঢ়াইছে।

যোৱা কেইবছৰমান তেওঁ মানসিক স্বাস্থ্যৰ সৈতে যুঁজি আহিছে। "মোৰ এটা মানসিক ৰোগ আছিল,"- হানিয়ে এটা সাক্ষাৎকাৰত মন্তব্য কৰিছিল। কেৱল হতাশাই নহয়, কিন্তু তেওঁ মানসিক বাইপোলাৰ বিকাৰত ভুগি আছিল।

"প্ৰতিনিশা মই মৃত্যুকামনা কৰিছিলো। ৰোগটো বুজিবলৈ প্ৰায় দুবছৰ সময় লাগিছিল। তাৰ পিছত, সঠিক চিকিৎসা কৰিবলৈ আৰু তিনি বছৰ সময় লাগিল।’’- হানিয়ে কৈছিল। মায়ানাগৰীৰ জনপ্ৰিয় ৰেপাৰজনে তেওঁৰ ভয়ংকৰ অভিজ্ঞতাৰ কথা মনত পেলাই কয়- "মোৰ শত্ৰুসকলৰো কেতিয়াও যাতে এনে ৰোগ নহয়।’’

মানসিক ৰোগৰ বাবে টোপনি হেৰুৱাইছিল হানি সিঙে। মানসিক ভাৰসাম্যও হেৰুৱাইছিল। আনকি তেওঁ নিজৰ আচৰণতে অস্বস্তি অনুভৱ কৰিছিল। সেইবাবেই হানি সিঙে লাইমলাইটৰ পৰা আঁতৰি গৈছিল।

ডিচেম্বৰ মাহতে হানিয়ে ছ'চিয়েল মিডিয়াত নতুন এলবাম (হানি সিং 3.0) ঘোষণা কৰে। এই এলবামটো এই বছৰ মুক্তি পাব। তেওঁৰ নিজৰ এলবামৰ উপৰিও হানিয়ে বলীউডত কেইবাখনো চলচ্চিত্ৰৰ গীতৰ কাম কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক