--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হিন্দু ধৰ্মত প্ৰতিটো দিনেই বেলেগ বেলেগ ভগৱানৰ নামত সমৰ্পিত। গতিকে সোমবাৰৰ দিনটো ভগৱান শিৱৰ নামত উচৰ্গি কৰা হৈছে। সোমবাৰৰ দিনটোত তেওঁক বিশেষ পূজা কৰা হয়। কোৱা হয় যে ভোলেনাথ অতি দয়াময় আৰু অতি সোনকালে ভক্ত প্ৰাৰ্থনাত সন্তুষ্ট হয়। আজিৰ দিনটোত ভগৱান শিৱৰ পূজা আৰু তেওঁৰ লগত জড়িত কিছুমান বিশেষ ব্যৱস্থা অতি ফলপ্ৰসূ বুলি ধৰা হয়। পুৰাণ মতে শিৱলিংগত কিছুমান বিশেষ বস্তু আগবঢ়াই ভোলেনাথে অতি সোনকালেই সন্তুষ্ট হৈ জীৱনৰ সকলো বাধা আঁতৰাই পেলায়। সোমবাৰে শিৱলিংগক কি কি বস্তুৰে অভিষেক কৰিব লাগে জানো আহক।

 পঞ্চমৃত স্নান-

সোমবাৰে পঞ্চমৃতেৰে শিৱলিংগক স্নান কৰাটো অতি শুভ বুলি গণ্য কৰা হয়।ইয়াৰ পাছত তাত চন্দন লগাই শিৱলিংগত বেলপাত, ধতুৰা আৰু শমিপাত্ৰ আগবঢ়াব লাগে। এনে কৰিলে শিৱ সন্তুষ্ট হয় আৰু ঘৰখনক সুখ আৰু সমৃদ্ধিৰে ভৰি পৰে। সোমবাৰে ৰুদ্ৰভিষেক কৰাটোও বহুত ভাল। বিভিন্ন কামনাৰ বাবে বিভিন্ন বস্তুৰে শিৱক পূজা কৰা হয়। শিৱলিংগক ঘিউৰে অভিষেক কৰিলে সন্তান সুখ পোৱা যায় বুলি বিশ্বাস কৰা হয়। আনহাতে, গংগাজলৰে অভিষেক কৰিলে সকলো দুখ-পাপৰ পৰা মুক্তি পোৱাৰ লগতে যদি আপুনি আপোনাৰ আৰ্থিক অৱস্থা উন্নত কৰিব বিচাৰে তেন্তে সোমবাৰে শিৱলিংগত কুঁহিয়াৰৰ ৰসৰে অভিষেক কৰিব লাগে।

 সোমবাৰে বিশেষ ব্যৱস্থা কৰক-

সোমবাৰে শিৱ মন্দিৰত ঘিঁউৰ চাকি জ্বলালে সকলো মনোকামনা পূৰণ হয়। তদুপৰি এই দিনটোত ১০৮বাৰ শিৱ মন্ত্ৰ ‘ওম নমহঃ শিৱায়’ জপ কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। সোমবাৰৰ দিনটোতে কেঁচা চাউলৰ লগত ক’লা তিল মিহলাই দান কৰিলে পিতৃ দোষ আঁতৰ হয়। সোমবাৰে শিৱ মন্দিৰত ৰুদ্ৰাক্ষ মালা অৰ্পণ কৰিলে বিবাহিত জীৱন সুখী হয়। সোমবাৰে বগা কাপোৰ পিন্ধি শিৱক পূজা কৰিব লাগে। এই দিনটোত চন্দন তিলক লগাই ঘৰৰ পৰা ওলাই আহিলে সকলো কাম সফল হয়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ