--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হিন্দু ধৰ্মত প্ৰতিটো দিনেই বেলেগ বেলেগ ভগৱানৰ নামত সমৰ্পিত। গতিকে সোমবাৰৰ দিনটো ভগৱান শিৱৰ নামত উচৰ্গি কৰা হৈছে। সোমবাৰৰ দিনটোত তেওঁক বিশেষ পূজা কৰা হয়। কোৱা হয় যে ভোলেনাথ অতি দয়াময় আৰু অতি সোনকালে ভক্ত প্ৰাৰ্থনাত সন্তুষ্ট হয়। আজিৰ দিনটোত ভগৱান শিৱৰ পূজা আৰু তেওঁৰ লগত জড়িত কিছুমান বিশেষ ব্যৱস্থা অতি ফলপ্ৰসূ বুলি ধৰা হয়। পুৰাণ মতে শিৱলিংগত কিছুমান বিশেষ বস্তু আগবঢ়াই ভোলেনাথে অতি সোনকালেই সন্তুষ্ট হৈ জীৱনৰ সকলো বাধা আঁতৰাই পেলায়। সোমবাৰে শিৱলিংগক কি কি বস্তুৰে অভিষেক কৰিব লাগে জানো আহক।

 পঞ্চমৃত স্নান-

সোমবাৰে পঞ্চমৃতেৰে শিৱলিংগক স্নান কৰাটো অতি শুভ বুলি গণ্য কৰা হয়।ইয়াৰ পাছত তাত চন্দন লগাই শিৱলিংগত বেলপাত, ধতুৰা আৰু শমিপাত্ৰ আগবঢ়াব লাগে। এনে কৰিলে শিৱ সন্তুষ্ট হয় আৰু ঘৰখনক সুখ আৰু সমৃদ্ধিৰে ভৰি পৰে। সোমবাৰে ৰুদ্ৰভিষেক কৰাটোও বহুত ভাল। বিভিন্ন কামনাৰ বাবে বিভিন্ন বস্তুৰে শিৱক পূজা কৰা হয়। শিৱলিংগক ঘিউৰে অভিষেক কৰিলে সন্তান সুখ পোৱা যায় বুলি বিশ্বাস কৰা হয়। আনহাতে, গংগাজলৰে অভিষেক কৰিলে সকলো দুখ-পাপৰ পৰা মুক্তি পোৱাৰ লগতে যদি আপুনি আপোনাৰ আৰ্থিক অৱস্থা উন্নত কৰিব বিচাৰে তেন্তে সোমবাৰে শিৱলিংগত কুঁহিয়াৰৰ ৰসৰে অভিষেক কৰিব লাগে।

 সোমবাৰে বিশেষ ব্যৱস্থা কৰক-

সোমবাৰে শিৱ মন্দিৰত ঘিঁউৰ চাকি জ্বলালে সকলো মনোকামনা পূৰণ হয়। তদুপৰি এই দিনটোত ১০৮বাৰ শিৱ মন্ত্ৰ ‘ওম নমহঃ শিৱায়’ জপ কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। সোমবাৰৰ দিনটোতে কেঁচা চাউলৰ লগত ক’লা তিল মিহলাই দান কৰিলে পিতৃ দোষ আঁতৰ হয়। সোমবাৰে শিৱ মন্দিৰত ৰুদ্ৰাক্ষ মালা অৰ্পণ কৰিলে বিবাহিত জীৱন সুখী হয়। সোমবাৰে বগা কাপোৰ পিন্ধি শিৱক পূজা কৰিব লাগে। এই দিনটোত চন্দন তিলক লগাই ঘৰৰ পৰা ওলাই আহিলে সকলো কাম সফল হয়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ