--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰতে নিৰ্মিত উপাসনাস্থলীক অতি পবিত্ৰ বুলি গণ্য কৰা হয়। হিন্দু ধৰ্মত এক বিশ্বাস আছে যে ঘৰখনত এনে এক পূজাস্থলী থাকিব লাগে যাতে গোটেই ঘৰটোত ইতিবাচক শক্তিৰ প্ৰবাহ হয়। ঘৰৰ প্ৰতিটো চুক-কোণৰে কিছু বিশেষত্ব আছে। ই আমাৰ ঘৰ আৰু জীৱনত প্ৰত্যক্ষ প্ৰভাৱ পেলায়। পূজা গৃহৰ সঠিক দিশটোৱে ঘৰত আশীৰ্বাদ কঢ়িয়াই আনে। 

গতিকে যেতিয়াই ঘৰত পূজা গৃহ বনাই তাৰ দিশ সম্পৰ্কে বাস্তু বিশেষজ্ঞৰ লগত নিশ্চয়কৈ পৰামৰ্শ লব লাগে। ইয়াত উপাসনাস্থলী বনোৱাৰ লগত জড়িত কিছুমান তথ্য দিয়া হৈছে, যিবোৰ আপোনাৰ বাবে সহায়ক বুলি প্ৰমাণিত হ’ব পাৰে। এইবোৰ চোৱা-চিতা কৰিলে ঘৰৰ কাম-কাজত অহা বাধা-বিঘিনিবোৰো দূৰ হ’ব৷

পূজাস্থলীৰ সঠিক দিশ কি

ঘৰত মন্দিৰ স্থাপন কৰাৰ সময়ত কিছুমান বিশেষ বস্তুৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয়। মনত ৰাখিব, যেতিয়াই ঘৰত মন্দিৰ সাজিব বা থাপনা পাতিব, তেতিয়াই তাৰ দিশটো সদায় উত্তৰ-পূব দিশলৈ ৰাখক। ঘৰৰ দক্ষিণ-পশ্চিম দিশত কেতিয়াও উপাসনাস্থলী নিৰ্মাণ কৰিব নালাগে। পূজাস্থলীৰ বাবে দক্ষিণ-পশ্চিম দিশটো উপযোগী বুলি বিবেচিত নহয়। যদি ঘৰৰ মন্দিৰটো এই দিশত আছে, তেন্তে আজিয়েই ইয়াৰ দিশটো শুধৰাই দিয়ক।

পূজাৰ স্থান কি হ’ব লাগে

বাস্তু বিশেষজ্ঞসকলে কয় যে মন্দিৰত কেতিয়াও ৰঙা ৰঙৰ বাল্ব স্থাপন কৰিব নালাগে। নহলে মনত বেয়া প্ৰভাৱ পেলায়। মন্দিৰৰ ভিতৰত যেতিয়াই বাল্ব  লগাব তেতিয়াই মনত ৰাখিব যে সেইটো বগা ৰঙৰ হ’ব লাগে। ইয়াৰ ফলত ধনাত্মক শক্তি বিয়পি পৰে। থাপনা নিৰ্মাণ কৰোতে বিশেষ ধ্যান ৰাখক যে থাপনা শোৱা কোঠাত, পাকঘৰত, চিৰিৰ তলত, শৌচাগাৰৰ ওচৰত বা বেছমেণ্টত হ’ব নালাগে। ইয়াৰ বাবে পৰিয়ালটোৰ ওপৰত বাস্তু দোষৰ বেয়া প্ৰভাৱ পৰে। ভগ্ন মূৰ্তি কেতিয়াও মন্দিৰৰ ভিতৰত ৰাখিব নালাগে। মন্দিৰৰ মজিয়াত হালধীয়া কাপোৰ পাৰি দিয়াটো শুভ বুলি গণ্য কৰা হয়। ঘৰতে যেতিয়াই মন্দিৰ সাজিব, তেতিয়াই এই বিশেষ বস্তুবোৰৰ যথেষ্ট যত্ন লওক।










FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল