--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰতে নিৰ্মিত উপাসনাস্থলীক অতি পবিত্ৰ বুলি গণ্য কৰা হয়। হিন্দু ধৰ্মত এক বিশ্বাস আছে যে ঘৰখনত এনে এক পূজাস্থলী থাকিব লাগে যাতে গোটেই ঘৰটোত ইতিবাচক শক্তিৰ প্ৰবাহ হয়। ঘৰৰ প্ৰতিটো চুক-কোণৰে কিছু বিশেষত্ব আছে। ই আমাৰ ঘৰ আৰু জীৱনত প্ৰত্যক্ষ প্ৰভাৱ পেলায়। পূজা গৃহৰ সঠিক দিশটোৱে ঘৰত আশীৰ্বাদ কঢ়িয়াই আনে। 

গতিকে যেতিয়াই ঘৰত পূজা গৃহ বনাই তাৰ দিশ সম্পৰ্কে বাস্তু বিশেষজ্ঞৰ লগত নিশ্চয়কৈ পৰামৰ্শ লব লাগে। ইয়াত উপাসনাস্থলী বনোৱাৰ লগত জড়িত কিছুমান তথ্য দিয়া হৈছে, যিবোৰ আপোনাৰ বাবে সহায়ক বুলি প্ৰমাণিত হ’ব পাৰে। এইবোৰ চোৱা-চিতা কৰিলে ঘৰৰ কাম-কাজত অহা বাধা-বিঘিনিবোৰো দূৰ হ’ব৷

পূজাস্থলীৰ সঠিক দিশ কি

ঘৰত মন্দিৰ স্থাপন কৰাৰ সময়ত কিছুমান বিশেষ বস্তুৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয়। মনত ৰাখিব, যেতিয়াই ঘৰত মন্দিৰ সাজিব বা থাপনা পাতিব, তেতিয়াই তাৰ দিশটো সদায় উত্তৰ-পূব দিশলৈ ৰাখক। ঘৰৰ দক্ষিণ-পশ্চিম দিশত কেতিয়াও উপাসনাস্থলী নিৰ্মাণ কৰিব নালাগে। পূজাস্থলীৰ বাবে দক্ষিণ-পশ্চিম দিশটো উপযোগী বুলি বিবেচিত নহয়। যদি ঘৰৰ মন্দিৰটো এই দিশত আছে, তেন্তে আজিয়েই ইয়াৰ দিশটো শুধৰাই দিয়ক।

পূজাৰ স্থান কি হ’ব লাগে

বাস্তু বিশেষজ্ঞসকলে কয় যে মন্দিৰত কেতিয়াও ৰঙা ৰঙৰ বাল্ব স্থাপন কৰিব নালাগে। নহলে মনত বেয়া প্ৰভাৱ পেলায়। মন্দিৰৰ ভিতৰত যেতিয়াই বাল্ব  লগাব তেতিয়াই মনত ৰাখিব যে সেইটো বগা ৰঙৰ হ’ব লাগে। ইয়াৰ ফলত ধনাত্মক শক্তি বিয়পি পৰে। থাপনা নিৰ্মাণ কৰোতে বিশেষ ধ্যান ৰাখক যে থাপনা শোৱা কোঠাত, পাকঘৰত, চিৰিৰ তলত, শৌচাগাৰৰ ওচৰত বা বেছমেণ্টত হ’ব নালাগে। ইয়াৰ বাবে পৰিয়ালটোৰ ওপৰত বাস্তু দোষৰ বেয়া প্ৰভাৱ পৰে। ভগ্ন মূৰ্তি কেতিয়াও মন্দিৰৰ ভিতৰত ৰাখিব নালাগে। মন্দিৰৰ মজিয়াত হালধীয়া কাপোৰ পাৰি দিয়াটো শুভ বুলি গণ্য কৰা হয়। ঘৰতে যেতিয়াই মন্দিৰ সাজিব, তেতিয়াই এই বিশেষ বস্তুবোৰৰ যথেষ্ট যত্ন লওক।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ