--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ আগশাৰীৰ তাৰকা মল্লযুঁজাৰুসকলৰ প্ৰতিবাদৰ মাজতে অহা ৬ জুলাইত অনুষ্ঠিত হ’ব ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ বহু প্ৰত্যাশিত নিৰ্বাচন। মঙলবাৰে এক অধিসূচনা জাৰি কৰি এই ঘোষণা কৰিছে নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ ইণ্ডিয়ান অলিম্পিক এছ’চিয়েশ্যনে নিযুক্তি দিয়া ৰিটাৰ্নিং অফিচাৰে।

উল্লেখ্য যে, সমাগত এই নিৰ্বাচন ভাৰতীয় মল্লযুঁজ ক্ৰীড়াৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। ফেডাৰেচনৰ বৰ্তমানৰ সভাপতিৰ দায়িত্বত থকা বিজেপি সাংসদ ব্রিজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি দীৰ্ঘদিনৰ পৰা আন্দোলন কৰি আহিছে দেশৰ তাৰকা মল্লযুঁজাৰুসকলে। 

প্ৰতিবাদী মল্লযুঁজাৰুসকলে ব্ৰিজ ভূষণ চৰণ সিঙক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনোৱাৰ লগতে ফেডাৰেচনৰ নিৰ্বাচনত ব্ৰিজ ভূষণৰ কোনো আত্মীয়কে অৱতীৰ্ণ হোৱাত বাধা আৰোপ কৰিবলৈ দাবী জনাই আহিছে। অৱশ্যে মল্লযুঁজাৰুসকলৰ দাবী অনুসৰি ব্ৰিজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিলেও দ্বিতীয় দাবীৰ প্ৰতি সঁহাৰি জনোৱা হৈছে।


প্ৰকাশিত খবৰ অনুসৰি বিদায়ী সভাপতি ব্রিজ ভূষণ চৰণ সিঙৰ লগতে তেওঁৰ পৰিয়ালৰ কোনো সদস্য তথা তেওঁৰ আন কোনো সহযোগীয়েও আগন্তুক ফেডাৰেচনৰ নির্বাচনত প্রতিদ্বন্দ্বিতা নকৰে৷ ইতিপূৰ্বে ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলক সিঙৰ পৰিয়ালৰ সদস্য বা তেওঁৰ সহযোগীকো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দিয়া নহ’ব বুলি আশ্বাস দিছিল। তাৰ পিছতে মল্লযুঁজাৰুসকলে ১৫ জুনলৈকে প্ৰতিবাদ স্থগিত কৰিছিল।

লক্ষণীয়ভাৱে, সিঙৰ পুত্ৰ কৰণ ভূষণ উত্তৰ প্ৰদেশ মল্লযুঁজ সন্থাৰ মুৰব্বী হোৱাৰ বিপৰীতে জোঁৱাই আদিত্য প্ৰতাপ সিং বিহাৰ ইউনিটৰ মুৰব্বী। সিং পৰিয়ালৰ ঘনিষ্ঠ সূত্ৰ মতে, তেওঁলোকৰ মাজত হোৱা আলোচনা মৰ্মে কৰণ বা আদিত্যইও ডব্লিউ এফ আই নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল নকৰে।

কৰণ আৰু আদিত্য- দুয়োগৰাকীয়ে অৱশ্যে নিৰ্বাচনত অংশগ্ৰহণ কৰি ভোটাধিকাৰ সাব্যস্ত কৰিব। আনহাতে ব্ৰিজ ভূষণ চৰণ সিঙে ফেডাৰেচনৰ সভাপতি হিচাপে ১২ বছৰ সম্পূৰ্ণ কৰাৰ বাবে নিয়মানুসাৰে পুনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব।

ইফালে, আগন্তুক নিৰ্বাচনত বিজেপিৰ হাৰিয়ানাৰ মুৰব্বী ওম প্ৰকাশ ধনকাৰ আৰু ৰেলৱে ক্ৰীড়া প্ৰচাৰ ব’ৰ্ডৰ প্ৰাক্তন সম্পাদক এন আৰ চৌধুৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে যদিও নিৰ্ধাৰিত নীতি অনুসৰি তেওঁলোকৰ যোগ্যতা নথকাৰ বাবে সেয়া সম্ভৱ নহ’ব।

ফেডাৰেচনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ যোগ্যতা অৰ্জন কৰিবলৈ প্ৰাৰ্থীগৰাকী কোনো ৰাজ্যিক ইউনিটৰ কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য হ’ব লাগিব। কিন্তু ধনকৰ বা চৌধুৰী কোনো এগৰাকী ব্যক্তিয়েই সম্প্ৰতি এনে পদত অধিষ্ঠিত নহয়। উল্লেখ্য যে, মুঠ ২৫ টা ৰাজ্যিক ইউনিটে আগন্তুক নিৰ্বাচনত অংশগ্ৰহণ কৰিব। প্ৰতিটো ৰাজ্যিক ইউনিটে দুগৰাকীকৈ প্ৰতিনিধি প্ৰেৰণ কৰিব পাৰে। এই দুয়োগৰাকী সদস্যৰ ভোটাধিকাৰ থাকিব। অহা ২৩ জুনত নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল আৰম্ভ হ’ব আৰু ২৫ জুনত সমাপ্ত হ’ব।

ইয়াৰ পিছত মনোনয়ন প্ৰস্তুত আৰু প্ৰদৰ্শন কৰা হ’ব। আনহাতে ২৮ জুনত মনোনয়ন পত্ৰৰ পৰীক্ষা কৰা হ’ব। ২৮ জুনৰ পৰা ১ জুলাইৰ ভিতৰত প্ৰাৰ্থীসকলে মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব। তাৰ পিছতে ২ জুলাইত প্ৰতিদ্বন্দ্বিতামূলক প্ৰাৰ্থীৰ চূড়ান্ত তালিকা দাখিল কৰা হ’ব।

আনহাতে ৬ জুলাইত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পিছত একেদিনাই নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব। স্মৰ্তব্য যে, প্ৰতিবাদী মল্লযুঁজাৰুসকলে ফেডাৰেচনৰ সভাপতি পদত এগৰাকী মহিলা অধিষ্ঠিত হ’ব লাগে বুলি দাবী কৰিছিল। এতিয়া মল্লযুঁজাৰুসকলৰ এই দাবীৰ প্ৰতি কেনে সঁহাৰি জনোৱা হয়, সেয়া হ’ব লক্ষণীয়।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ইমৰান খান জীৱিত কিন্তু মানসিকভাৱে বিধ্বস্ত
দেৰগাঁৱৰ এটা পৰিয়ালৰ হৃদয়বিদাৰক কাহিনী! অগাপিছাকৈ মৃত্যুমুখত পৰিল তিনিগৰাকী, শোকস্তব্ধ গাঁওবাসী
ডিব্ৰুগড় লোহাৰপট্টীত অবৈধভাৱে নিৰ্মিত পঞ্চ মহলা বিল্ডিঙত পৌৰ নিগমৰ হাতোৰা
গ্ৰহসমূহৰ সেনাপতি মংগল গ্ৰহে ৭ ডিচেম্বৰত ধনু ৰাশিত প্ৰৱেশ কৰিব; এই ৩ ৰাশিৰ লোক ৪০ দিনলৈ সাৱধান হ’ব লাগিব
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক
বৰপেটাৰোডত ধাৰাবাহিক চুৰিকাণ্ডৰে আতংকৰ সৃষ্টি কৰা চোৰ গ্ৰেপ্তাৰ
কচুৱাৰ লুটুমাৰী বনাঞ্চলত সৰ্ববৃহৎ উচ্ছেদৰ বাবে সাজু প্ৰশাসন ; ৫৯৬২ বিঘা মাটিত হ'ব এই উচ্ছেদ অভিযান
খহনীয়া প্ৰতিৰোধৰ বাবে ব্ৰহ্মপুত্ৰত পূজা সেৱা; মাজুলীবাসীৰ বাবে হৈ পৰিছে নেদেখা জনেই শেষ ভৰসা