--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লিয়নেল মেছিয়ে আৰ্জেণ্টিনাৰ হৈ প্ৰদৰ্শনীমূলক মেচ খেলিবলৈ চীন দেশলৈ গৈছিল। কিন্তু দেশখনত প্ৰৱেশ কৰাৰ পূৰ্বে বিশ্বকাপ বিজয়ী ফুটবলাৰগৰাকীক বিমানবন্দৰত আটক কৰা হয়। শেহতীয়াকৈ এই খবৰ পোহৰলৈ আহিছে। কোৱা হয় যে তেওঁ পাছপ’ৰ্ট আনিবলৈ পাহৰি যোৱাৰ বাবেই এই কাণ্ড ঘটে। কিন্তু ৩০ মিনিটতে মীমাংসা হয়।

১৫ জুনত বেইজিঙত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আৰ্জেণ্টিনাৰ প্ৰদৰ্শনীমূলক মেচ আছে। সেই মেচ খেলিবলৈ ১০ জুনত বেইজিং বিমানবন্দৰত অৱতৰণ কৰে মেছিয়ে। তাতেই তেওঁক চীনৰ সীমান্ত আৰক্ষীয়ে আটক কৰে।

স্থানীয় সংবাদ মাধ্যমৰ মতে, মেছিয়ে আৰ্জেণ্টিনাৰ পাছপ’ৰ্টৰ সলনি স্পেনিছ পাছপ’ৰ্ট লৈ চীনলৈ আহিছিল। স্পেইনৰ পাছপ’ৰ্টত চীনত থাকিবলৈ ভিছা নাছিল। ৩০ মিনিটৰ পিছত সমস্যাটো সমাধান হয়। মেছিয়ে বিমানবন্দৰৰ পৰা ওলাই হোটেললৈ ৰাওনা হয়।

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ঘটনাটোৰ এটা ভিডিঅ’ ক্লিপ, য’ত দেখা গৈছে যে মেছিয়ে পাছপ’ৰ্ট লৈ আৰু সহযোগী ফুটবলাৰৰ সৈতে কথা পাতিছে। তেওঁৰ চাৰিওফালে চীনৰ আৰক্ষী বাহিনী থিয় হৈ আছিল।

১৫ জুনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলাৰ পাছত আৰ্জেণ্টিনাই ইণ্ডোনেছিয়াৰ বিৰুদ্ধে খেলিব। সেই মেচখন ১৯ জুনত জাকাৰ্টাত অনুষ্ঠিত হোৱাৰ কথা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু