--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লিয়নেল মেছিয়ে আৰ্জেণ্টিনাৰ হৈ প্ৰদৰ্শনীমূলক মেচ খেলিবলৈ চীন দেশলৈ গৈছিল। কিন্তু দেশখনত প্ৰৱেশ কৰাৰ পূৰ্বে বিশ্বকাপ বিজয়ী ফুটবলাৰগৰাকীক বিমানবন্দৰত আটক কৰা হয়। শেহতীয়াকৈ এই খবৰ পোহৰলৈ আহিছে। কোৱা হয় যে তেওঁ পাছপ’ৰ্ট আনিবলৈ পাহৰি যোৱাৰ বাবেই এই কাণ্ড ঘটে। কিন্তু ৩০ মিনিটতে মীমাংসা হয়।

১৫ জুনত বেইজিঙত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আৰ্জেণ্টিনাৰ প্ৰদৰ্শনীমূলক মেচ আছে। সেই মেচ খেলিবলৈ ১০ জুনত বেইজিং বিমানবন্দৰত অৱতৰণ কৰে মেছিয়ে। তাতেই তেওঁক চীনৰ সীমান্ত আৰক্ষীয়ে আটক কৰে।

স্থানীয় সংবাদ মাধ্যমৰ মতে, মেছিয়ে আৰ্জেণ্টিনাৰ পাছপ’ৰ্টৰ সলনি স্পেনিছ পাছপ’ৰ্ট লৈ চীনলৈ আহিছিল। স্পেইনৰ পাছপ’ৰ্টত চীনত থাকিবলৈ ভিছা নাছিল। ৩০ মিনিটৰ পিছত সমস্যাটো সমাধান হয়। মেছিয়ে বিমানবন্দৰৰ পৰা ওলাই হোটেললৈ ৰাওনা হয়।

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ঘটনাটোৰ এটা ভিডিঅ’ ক্লিপ, য’ত দেখা গৈছে যে মেছিয়ে পাছপ’ৰ্ট লৈ আৰু সহযোগী ফুটবলাৰৰ সৈতে কথা পাতিছে। তেওঁৰ চাৰিওফালে চীনৰ আৰক্ষী বাহিনী থিয় হৈ আছিল।

১৫ জুনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলাৰ পাছত আৰ্জেণ্টিনাই ইণ্ডোনেছিয়াৰ বিৰুদ্ধে খেলিব। সেই মেচখন ১৯ জুনত জাকাৰ্টাত অনুষ্ঠিত হোৱাৰ কথা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ