--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : যেতিয়াই আমাৰ শৰীৰটো সুস্থ কৰি ৰখাৰ কথা আহে তেতিয়াই আমাৰ মনলৈ প্ৰথমে আহে খোজকঢ়া। খোজকঢ়াটো এনে এক ব্যায়াম যাৰ বাবে কোনো বিশেষ কষ্টৰ প্ৰয়োজন নহয়। অৱশ্যে আপুনি দিনটোত কিমান খোজকাঢ়িব সেয়া সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে আপোনাৰ ওপৰত। ইয়াৰ উপৰি খোজকঢ়াটো স্বাস্থ্যৰ বাবে কিমান উপকাৰী সেই কথাও আমি সকলোৱে জানো। ইতিমধ্যে বহু গৱেষণাত প্ৰকাশ পাইছে যে খোজকঢ়াৰ গতিবেগে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়, কিন্তু কেনে প্ৰভাৱ পেলায় সেই বিষয়ে বিতংকৈ জানো আহক।

 ১. অধ্যয়নে কি কয়?

জামা নিউৰ’লজী জাৰ্ণেলত খোজকঢ়াৰ ওপৰত এটা বিশেষ তথ্য প্ৰকাশ পাইছিল, য’ত কোৱা হৈছিল যে ৭৮,৫০০ লোকৰ ওপৰত এক অধ্যয়ন কৰা হৈছিল। য’ত মানুহৰ খোজকঢ়াৰ গতিৰ পৰিৱৰ্তনৰ ফলত স্বাস্থ্যৰ পৰিৱৰ্তন পৰীক্ষা কৰা হৈছিল। গৱেষকসকলে গৱেষণাৰ জৰিয়তে জানিব পাৰিছে যে দৈনিক ১০ হাজাৰ খোজকাঢ়িলে হৃদৰোগ, কেন্সাৰ আদি বিপজ্জনক ৰোগৰ লগতে শৰীৰৰ মৃত্যুৰ সম্ভাৱনাও হ্ৰাস পায়।

 ২. দৈনিক কিমান খোজকাঢ়িব লাগে?

ছিডনী বিশ্ববিদ্যালয়ৰ এগৰাকী গৱেষকে কয় যে আজিৰ পৰিৱেশত নিজকে সুস্থ কৰি ৰাখিব বিচৰাসকলে নিজৰ বাবে দৈনিক ১০ হাজাৰ খোজৰ লক্ষ্য নিৰ্ধাৰণ কৰিব পাৰে। দৈনিক ১০ হাজাৰ খোজ যদি দ্ৰুতগতিৰে কাঢ়িব পাৰে, ইয়াৰ পৰা স্বাস্থ্যৰ বহু পৰিমাণ ভাল প্ৰভাৱ পৰে।

 ৩. গৱেষণাৰ ফলাফল কি?

গৱেষকসকলে কয় যে খোজকঢ়াৰ সময়ত বেছিভাগ মানুহৰে মনোযোগ খোজৰ ওপৰত, গতিৰ ওপৰত থাকে আৰু তেওঁলোকৰ মনোযোগ বহুত কম হয়। যদিও গতিবেগে আপোনাৰ খোজকঢ়াৰ সুফল বৃদ্ধি কৰিব পাৰে। ডেনমাৰ্ক বিশ্ববিদ্যালয়ৰ অধ্যাপকে কয় যে যিসকল লোকে কম সক্ৰিয় হয় তেওঁলোকে দিনটোত কমেও ৩৫০০ খোজকাঢ়িব পাৰে। এনে কৰিলে তেওঁলোকো সুস্থ হৈ থাকিব আৰু ডিমেনচিয়াৰ দৰে ৰোগৰ পৰাও ৰক্ষা পৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
পুৱা খালী ভৰিৰে ঘাঁহত খোজ কাঢ়িলে আপুনি পাব শাৰীৰিক আৰু মানসিক লাভালাভ
অনলাইন লটাৰীৰ প্ৰলোভন! দেৰগাঁৱৰ এগৰাকী সচেতন ব্যক্তিৰ সজাগতাত ফাদিল প্ৰৱঞ্চনাৰ জাল
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২