--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পাকঘৰত সদায় আদা ব্যৱহাৰ কৰাতো কৰক। এই উপকাৰী উপাদানটো ৰন্ধা-বঢ়াৰ সোৱাদ বৃদ্ধি কৰিবলৈ বা সুগন্ধিৰ বাবে ব্যৱহাৰ কৰা হয়। কিন্তু আপুনি জানেনে, আদা কেৱল ৰন্ধা বঢ়াত ব্যৱহাৰ কৰা উপাদান নহয়। ইয়াৰ স্বাস্থ্যজনিত উপকাৰীতাও বহুত‌ আছে।আদা কিছুমান  সমস্যাৰ একমাত্ৰ ঘৰুৱা উপায় মূৰ ঘূৰোৱা, বমি, পাচন সমস্যা, গেছ হাৰ্টবাৰ্ণ সমস্যা আৰু বহুতো সমস্যা নিবাৰণ কৰে আদাই। সেয়ে আদাৰে দিনটো আৰম্ভ কৰিবলৈ বিশেষজ্ঞসকলে পৰামৰ্শ দিয়ে। প্ৰতিদিনে পুৱা খালী পেটত আদা এটুকুৰা খালে কি হ’ব?জানেনে?

১. বিশেষজ্ঞসকলৰ মতে, ৰাতি ভালদৰে টোপনি যোৱাৰ পাছতো বহুতে ভাগৰুৱা অনুভৱ কৰে। বিভিন্ন শাৰীৰিক কাৰণত এই সমস্যা হ’ব পাৰে। এনে পৰিস্থিতিত আদা কামত আহিব পাৰে। বিশেষজ্ঞসকলে ৰাতিপুৱা চাহ বা কফিৰ সলনি একাপ আদাৰ পানী খাবলৈ পৰামৰ্শ দিয়ে। এই পানীয়ে গোটেই দিনটো  সম্পূৰ্ণ শক্তি প্ৰদান কৰে।

২. আদা খালে মূৰ ঘূৰোৱা, বমি ভাব দূৰ হয়। বিশেষজ্ঞসকলে এই সমস্যা দূৰ কৰিবলৈ পুৱা খালী পেটত আদা এটুকুৰা চোবাই খাবলৈ পৰামৰ্শ দিয়ে। আদা এটুকুৰাই পেটৰ বিভিন্ন বেমাৰ নিৰাময় কৰে। কোৱা হয় যিসকল গৰ্ভৱতী মহিলাই প্ৰায়ে আদাৰ পানী সেৱন কৰে তেওঁলোকৰ গৰ্ভস্থ সন্তান বহু সুস্থ হয় ।

৩. ডায়েবেটিছ ৰোগীৰ বাবে আদা অতি উপকাৰী। তদুপৰি যিসকল লোকৰ এতিয়াও মৌশিৰ ৰোগ হোৱা নাই, তেওঁলোকক পুৱা খালী পেটত আদা খোৱাৰ পৰামৰ্শ দিয়ে বিশেষজ্ঞসকলে। তেওঁলোকৰ মতে, ৰাতিপুৱা আদা চোবাই খালে বা আদাৰ পানী খালে তেজৰ চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে। ৰক্তচাপও নিয়ন্ত্ৰণত আছে। হৃদৰোগকো আঁতৰাই ৰখা হয়।

৪. গেছ, হাৰ্টবান, পেট ফুলা আদি সমস্যা ৰোধ কৰাত আদা অতি উপযোগী। যিসকলৰ পাচনতন্ত্ৰৰ সমস্যা আছে তেওঁলোকে পুৱা নিয়মীয়াকৈ খালী পেটত আদা খালে উপকৃত হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ