--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত বৰ্ষৰ আৰম্ভণিতে হোৱাটছএপত মেটা এআই প্ৰৱৰ্তন কৰাৰ পিছত ইয়াক অধিক ব্যৱহাৰকাৰী অনুকূল কৰি তোলাৰ দিশত কেইবাটাও প্ৰচেষ্টা হাতত লৈছে। ইতিমধ্যে হোৱাটছএপে ব্যক্তিগত সহায়ক হিচাপে মেটা এআই বিকশিত কৰি এতিয়া হিন্দীতো উপলব্ধ কৰি ব্যৱহাৰকাৰীৰ অভিজ্ঞতা ক্ৰমান্বয়ে ভালৰ দিশলৈ আগবঢ়াই নিছে ।


Chatbot for WhatsApp | Chatarmin

এক প্ৰতিবেদন অনুসৰি হোৱাটছএপে এটা নতুন বৈশিষ্ট্যৰ কাম চলাই আছে যাৰ নাম হৈছে “Chat Memory”। এই বৈশিষ্ট্যই মেটা এআইক দিয়া গুৰুত্বপূৰ্ণ তথ্য ৰেকৰ্ডিং কৰাত সহায় কৰিব, যাৰ ফলত এই ব্যক্তিগত সহায়কটো আৰু অধিক ব্যৱহাৰকাৰী অনুকূল হ’ব। উদাহৰণস্বৰূপে, যদি এআইয়ে জানে যে আপুনি নিৰামিষভোজী, তেন্তে সেই অনুসৰি আপোনাৰ সৈতে ৰেচিপি শ্বেয়াৰ কৰিব। অৱশ্যে এই বৈশিষ্ট্যৰ সৈতে গোপনীয়তা সম্পৰ্কীয় সমস্যাও আহিব বুলি কোৱা হৈছে। বৰ্তমান এই বৈশিষ্ট্য বিকাশৰ পৰ্যায়ত আছে আৰু ইয়াৰ বিষয়ে সীমিত তথ্যহে উপলব্ধ।


এই বৈশিষ্ট্যই কেনেকৈ কাম কৰিব?

হোৱাটছএপৰ এই নতুন বৈশিষ্ট্য মেটা এআইৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে পূৰ্বে শ্বেয়াৰ কৰা তথ্য মনত ৰাখিব পাৰিব। ইয়াৰ লক্ষ্য হৈছে ব্যৱহাৰকাৰীসকলক তেওঁলোকৰ পছন্দ অনুসৰি অধিক প্ৰাসংগিক আৰু ব্যক্তিগতকৃত সঁহাৰি দিয়া।হোৱাটছএপৰ নতুন ফিচাৰত ব্যৱহাৰকাৰীয়ে কি তথ্য মনত ৰাখিব বিচাৰে সেইটো নিৰ্বাচন কৰাৰ অধিকাৰ দিয়া হ’ব। অৱশ্যে এই সকলোবোৰ স্পষ্ট হ’ব যেতিয়া এই বৈশিষ্ট্য আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ