--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বৰ্তমান ইলন মাস্ক বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি। তেওঁ এক্স (টুইটাৰ)ৰ দৰে বহু বৃহৎ আৰু আন্তঃৰাষ্ট্ৰীয় কোম্পানী টেছলা আৰু স্পেচএক্সৰ স্বত্বাধিকাৰ ৷ আপোনাৰো মন যায় নে ইলন মাস্কৰ কোম্পানীত কাম কৰিবলৈ ? ইয়াৰ বাবে কি কি অৰ্হতা লাগিব সবিশেষ জানো আহক ৷


Elon Musk's xAI may Selects Memphis for Supercomputer Gigafactory - Global  Brands Magazine

আচলতে ইলন মাস্কক তেওঁৰ এটা কোম্পানীৰ বাবে এআই প্ৰশিক্ষক প্ৰয়োজন। ইলন মাস্কে তেওঁৰ আৰ্টিফিচিয়েল ইনটেলিজেন্স (এআই) কোম্পানী xAI ৰ বাবে এআই প্ৰশিক্ষকৰ সন্ধান কৰি আছে। এক প্ৰতিবেদন অনুসৰি ইলন মাস্কৰ এই এআই কোম্পানীত কৰ্মৰত এআই প্ৰশিক্ষকসকলে ভাৰতীয় টকাত প্ৰতি ঘণ্টাত ৫০০০ টকা লাভ কৰিব।

এই চাকৰিসমূহৰ বাবে প্ৰাৰ্থীসকলে এই ভাষাসমূহৰ ভিতৰত কমেও দুটা ভাষা জানিব লাগিব, য’ত কোৰিয়ান, ভিয়েটনামী, চীনা, জাৰ্মান, ৰাছিয়ান, ইটালীয়, ফৰাচী, আৰবী, ইণ্ডোনেছিয়ান, তুৰ্কী, হিন্দী, পাৰ্চী, স্পেনিছ আৰু পৰ্তুগীজ আদি ভাষা অন্তৰ্ভুক্ত।


এই চাকৰিৰ বাবে এআই প্ৰশিক্ষকসকলক প্ৰতি ঘণ্টাত ৩৫-৬৫ ডলাৰ অৰ্থাৎ প্ৰায় ৫০০০ টকা দৰমহা দিয়া হ’ব আৰু এই চাকৰিবোৰ দূৰৱৰ্তী আৰু পূৰ্ণকালীন হ’ব।
xAI, Elon Musk's OpenAI rival, is closing on $6B in funding and X, his  social network, is already one of its shareholders | TechCrunch

ইলন মাস্কৰ লক্ষ্য হৈছে xAI দ্ৰুতগতিত বিকশিত কৰা আৰু বিশ্বব্ৰহ্মাণ্ডৰ বিষয়ে বুজাবুজি বৃদ্ধি আৰু উন্নত কৰা। ইয়াৰ বাবে তেওঁ ছ’চিয়েল মিডিয়া এক্সত তেওঁৰ জেনেৰেটিভ এআই প্ৰগ্ৰেম গ্ৰ’ক আৰম্ভ কৰিছে, য’ত ৰাজহুৱা টুইটসমূহ ডাটা প্ৰশিক্ষণৰ বাবে ব্যৱহাৰ কৰা হ’ব।

উল্লেখ্য যে এইটো প্ৰথম কোম্পানী নহয়, যিয়ে ইংৰাজী ভাষাৰ বাবে দ্ৰুতগতিত ডাটা এনোটেটৰ নিযুক্তি দিছে। ইয়াৰ পূৰ্বে স্কেল এআইয়েও বাংলা আৰু উৰ্দুৰ দৰে ভাষাৰ বাবে ৬০টাতকৈও অধিক চাকৰিৰ বিজ্ঞাপন দিছিল, কাৰণ এই ভাষাসমূহত ইণ্টাৰনেটত লিখিত বিষয়বস্তু কম।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু