--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰটিন আমাৰ শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান, ইয়াৰ জৰিয়তে আমাৰ পেশীবোৰ গঢ় লৈ উঠে, যিয়ে শৰীৰক শক্তিশালী কৰে। ইয়াৰ লগতে এই পুষ্টিকৰ উপাদানটো হৰম’ন আৰু এনজাইমৰ ভাৰসাম্য ৰক্ষাৰ বাবেও প্ৰয়োজনীয়। 

ভাৰতকে ধৰি সমগ্ৰ বিশ্বৰ এক বৃহৎ সংখ্যক লোকে প্ৰটিনৰ অভাৱৰ সৈতে যুঁজি আছে। সাধাৰণতে কণী, মাংস, দালি, ছয়াবিন আদি বস্তু খালে এই পুষ্টিকৰ উপাদানসমূহ পোৱা যায়। যদি আমি প্ৰটিন ভিত্তিক খাদ্য খোৱা বন্ধ কৰো তেন্তে আমাৰ শৰীৰত কি প্ৰভাৱ পৰিব পাৰে জানো আহক।

প্ৰটিনৰ অভাৱৰ লক্ষণ

১) প্ৰটিনৰ অভাৱে ৰোগ প্ৰতিৰোধ ক্ষমতাৰ ওপৰত বেয়া প্ৰভাৱ পেলায়, যাৰ বাবে সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায় আৰু আপুনি অধিক বেমাৰত পৰিবলৈ আৰম্ভ কৰে।

২) যেতিয়া শৰীৰত প্ৰটিনৰ অভাৱ হয় তেতিয়া পেশীবোৰে আমাৰ হাড়ৰ পৰা প্ৰটিন শোষণ কৰিবলৈ আৰম্ভ কৰে, যাৰ ফলত হাড়বোৰ দুৰ্বল হৈ পৰে।

৩) প্ৰটিনৰ অভাৱত আমাৰ শৰীৰত বিষ হয় কাৰণ পেশীবোৰ দুৰ্বল হৈ পৰে।

৪) শিশুৰ বিকাশৰ বাবেও প্ৰটিন প্ৰয়োজনীয়, এই পুষ্টিকৰ উপাদানৰ অভাৱে সামগ্ৰিক বৃদ্ধিত প্ৰভাৱ পেলায়।

৫) যদি আপুনি সম্পূৰ্ণ টোপনি আৰু প্ৰচুৰ খাদ্য খোৱাৰ পিছত শৰীৰত ভাগৰুৱা অনুভৱ কৰিছে তেন্তে নিশ্চিতভাৱে আপুনি প্ৰটিনৰ অভাৱৰ সন্মুখীন হৈছে।

৬) প্ৰটিনৰ অভাৱৰ বাবে আমাৰ শৰীৰটো হঠাতে ফুলিবলৈ আৰম্ভ কৰে, কাৰণ শৰীৰে শক্তি পাবলৈ অধিক চাপ দিব লগা হয়।

৭) প্ৰটিনৰ অভাৱৰ বাবে আমাৰ শৰীৰে নতুন কোষ তৈয়াৰ কৰাত অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়, লগতে সুস্থ হ’বলৈও সময় লাগে।

৮) মুখ আৰু ছালত ফুলাৰ কাৰণ হৈছে প্ৰটিনৰ অভাৱ, পেটত ফুলাৰ বাবেও ই দায়ী।

৯) প্ৰটিন আমাৰ চুলিৰ বাবেও প্ৰয়োজনীয়, যদি নাথাকে তেন্তে আমাৰ চুলি শুকান আৰু নিৰ্জীৱ দেখাবলৈ আৰম্ভ কৰে, ইয়াৰ লগতে চুলি সৰা সমস্যাও উদ্ভৱ হয়।

১০) আমাৰ নখৰ স্বাস্থ্যৰ বাবেও প্ৰটিন অতি গুৰুত্বপূৰ্ণ। যদি এই পুষ্টিকৰ উপাদানসমূহ উপলব্ধ নহয়, তেন্তে নখৰ সংক্ৰমণ আৰু নখ ভাঙি যোৱাৰ আশংকা থাকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী