--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইআইটি বম্বে আৰু টাটা মেম’ৰিয়েল হস্পিতালৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে ‘ইমিউন’এক্ট’ নামৰ এক বিশেষ ধৰণৰ চিকিৎসা। যিটো ভাৰতৰ ১৫ জন ৰোগীক দিয়া হৈছে। ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত বাতৰি অনুসৰি ইয়াৰে তিনিজন ৰোগীয়ে কৰ্কট ৰোগৰ পৰা সফলতাৰে আৰোগ্য লাভ কৰিছে। কৰ্কট ৰোগৰ পৰা মুকলি কৰা প্ৰথমজন ৰোগী ডাঃ গুপ্তাই সংবাদ মাধ্যমৰ সৈতে বিশেষ বাৰ্তালাপ কৰে। কিছু মাহ পূৰ্বে ভাৰতৰ ঔষধ নিয়ন্ত্ৰক ‘কেন্দ্ৰীয় ঔষধ মানক নিয়ন্ত্ৰণ সংস্থা’ (CDSCO) য়ে CAR-T cell therapyৰ বাণিজ্যিক ব্যৱহাৰৰ অনুমোদন জনাইছে। এই চিকিৎসাৰ অধীনত ৰোগীৰ ৰোগ প্ৰতিৰোধ ক্ষমতা জিনীয়ভাৱে পুনৰ প্ৰগ্ৰেম কৰা হয়।


কৰ্ণেল গুপ্তাৰ অস্ত্ৰোপচাৰ টাটা মেম’ৰিয়েল হস্পিতালত কৰা হৈছিল। তাৰ চিকিৎসকে ক’লে যে এতিয়া কৰ্ণেল গুপ্তা কেন্সাৰৰ পৰা মুক্ত। এই থেৰাপী গ্ৰহণ কৰি কৰ্কট ৰোগৰ পৰা মুক্ত হোৱা প্ৰথমজন ৰোগী। এবছৰ আগলৈকে কৰ্ণেল গুপ্তাই আৰোগ্য হোৱাৰ সপোনহে দেখিছিল যদিও এতিয়া ডাক্তৰে কৈছে যে তেওঁ কেন্সাৰৰ পৰা মুক্ত হৈ পৰিছে।


টাটা মেম’ৰিয়েল চেণ্টাৰ আৰু এডভান্সড চেণ্টাৰ ফৰ ট্ৰিটমেণ্টৰ হেমাট’ অংক’লজিষ্টৰ মতে এই চিকিৎসাই আজীৱন কাম কৰিব নে নাই সেয়া কোৱাটো এতিয়াও সম্ভৱ নহয় যদিও এতিয়াৰ বাবে কেন্সাৰ কোষবোৰ মুক্ত হৈছে।


এই থেৰাপী দিল্লীস্থিত গেষ্ট্ৰ’এণ্টেৰ’লজিষ্ট ডাঃ কৰ্ণেল ভি কে গুপ্তাকে ধৰি বহু ৰোগীৰ জীৱনৰেখা হৈ পৰিছে। ২৮ বছৰ ধৰি ভাৰতীয় সেনাবাহিনীত কৰ্মৰত ড° ভি কে গুপ্তা। তেওঁ ৪২ লাখ টকা খৰচ কৰি এই থেৰাপী গ্ৰহণ কৰিছিল। আনহাতে বিদেশত এই থেৰাপীৰ দাম ৪ কোটি টকা।

এই থেৰাপীৰ বিষয়ে একো কোৱাটো এতিয়াও সম্ভৱ নহয়। কিন্তু ক’ব পাৰি যে যদিহে প্ৰথম পৰ্যায়তে কেন্সাৰ ধৰা পৰে, তেন্তে এই চিকিৎসাৰ পৰা ৰোগীৰ আৰোগ্য লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ