--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইআইটি বম্বে আৰু টাটা মেম’ৰিয়েল হস্পিতালৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে ‘ইমিউন’এক্ট’ নামৰ এক বিশেষ ধৰণৰ চিকিৎসা। যিটো ভাৰতৰ ১৫ জন ৰোগীক দিয়া হৈছে। ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত বাতৰি অনুসৰি ইয়াৰে তিনিজন ৰোগীয়ে কৰ্কট ৰোগৰ পৰা সফলতাৰে আৰোগ্য লাভ কৰিছে। কৰ্কট ৰোগৰ পৰা মুকলি কৰা প্ৰথমজন ৰোগী ডাঃ গুপ্তাই সংবাদ মাধ্যমৰ সৈতে বিশেষ বাৰ্তালাপ কৰে। কিছু মাহ পূৰ্বে ভাৰতৰ ঔষধ নিয়ন্ত্ৰক ‘কেন্দ্ৰীয় ঔষধ মানক নিয়ন্ত্ৰণ সংস্থা’ (CDSCO) য়ে CAR-T cell therapyৰ বাণিজ্যিক ব্যৱহাৰৰ অনুমোদন জনাইছে। এই চিকিৎসাৰ অধীনত ৰোগীৰ ৰোগ প্ৰতিৰোধ ক্ষমতা জিনীয়ভাৱে পুনৰ প্ৰগ্ৰেম কৰা হয়।


কৰ্ণেল গুপ্তাৰ অস্ত্ৰোপচাৰ টাটা মেম’ৰিয়েল হস্পিতালত কৰা হৈছিল। তাৰ চিকিৎসকে ক’লে যে এতিয়া কৰ্ণেল গুপ্তা কেন্সাৰৰ পৰা মুক্ত। এই থেৰাপী গ্ৰহণ কৰি কৰ্কট ৰোগৰ পৰা মুক্ত হোৱা প্ৰথমজন ৰোগী। এবছৰ আগলৈকে কৰ্ণেল গুপ্তাই আৰোগ্য হোৱাৰ সপোনহে দেখিছিল যদিও এতিয়া ডাক্তৰে কৈছে যে তেওঁ কেন্সাৰৰ পৰা মুক্ত হৈ পৰিছে।


টাটা মেম’ৰিয়েল চেণ্টাৰ আৰু এডভান্সড চেণ্টাৰ ফৰ ট্ৰিটমেণ্টৰ হেমাট’ অংক’লজিষ্টৰ মতে এই চিকিৎসাই আজীৱন কাম কৰিব নে নাই সেয়া কোৱাটো এতিয়াও সম্ভৱ নহয় যদিও এতিয়াৰ বাবে কেন্সাৰ কোষবোৰ মুক্ত হৈছে।


এই থেৰাপী দিল্লীস্থিত গেষ্ট্ৰ’এণ্টেৰ’লজিষ্ট ডাঃ কৰ্ণেল ভি কে গুপ্তাকে ধৰি বহু ৰোগীৰ জীৱনৰেখা হৈ পৰিছে। ২৮ বছৰ ধৰি ভাৰতীয় সেনাবাহিনীত কৰ্মৰত ড° ভি কে গুপ্তা। তেওঁ ৪২ লাখ টকা খৰচ কৰি এই থেৰাপী গ্ৰহণ কৰিছিল। আনহাতে বিদেশত এই থেৰাপীৰ দাম ৪ কোটি টকা।

এই থেৰাপীৰ বিষয়ে একো কোৱাটো এতিয়াও সম্ভৱ নহয়। কিন্তু ক’ব পাৰি যে যদিহে প্ৰথম পৰ্যায়তে কেন্সাৰ ধৰা পৰে, তেন্তে এই চিকিৎসাৰ পৰা ৰোগীৰ আৰোগ্য লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু