--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰ’টিনৰ প্ৰকৃতিক ভাণ্ডাৰ ভাত কেৰেলা৷  মাংসত যিমান পৰিমাণৰ প্ৰ’টিন থাকে তাতোকৈ বহু গুণে বেছি প্ৰ’টিন পোৱা যায় আমাৰ সকলোৰে পৰিচিত পাচলি ভাতকেৰেলাত৷ ভাতকেৰেলাত মাংসত থকাতকৈ প্ৰায় ৫০ গুণে বেছি প্ৰ’টিন থকা বুলি খাদ্য বিশেষজ্ঞসকলে কৈ আহিছে৷ভাতকেৰেলাই দেহত  পুষ্টি যোগোৱাৰ লগতে বিভিন্ন ৰোগৰ ক্ষেত্ৰতো সহায় কৰে৷

ভাতকেৰেলাৰ উপকাৰিতা সম্পৰ্কে জানো আহকঃ-

 ওজন হ্ৰাস কৰেঃ দেহৰ ওজন হ্ৰাস কৰিবলৈ নিয়মিত বতৰৰ পাচলি ভাতকেৰেলা খাব পাৰি৷ তথ্য অনুসৰি প্ৰতি ১০০ গ্ৰাম ভাতকেৰেলাত মাত্ৰ ১৭ কেলৰি থাকে। সেয়েহে, ওজন হ্ৰাস কৰিবলৈ ভাতকেৰেলা খোৱাটো উপযোগী। ই হজম শক্তিও বৃদ্ধিত সহায় কৰে। এই পাচলি বিধ কম কেলৰিযুক্ত হোৱাৰ লগতে  ফাইবাৰযুক্তও৷
 
ডিঙিৰ সুৰসুৰণি দূৰ কৰাত সহায় কৰেঃ বাৰিষা কালত  বেক্টেৰিয়াৰ আক্ৰমণৰ বাবে প্ৰধানকৈ শিশুসকলৰ কাহ হোৱা দেখা যায়৷ শিশুৰ এলাৰ্জী তথা আন কোনো সমস্যা থাকিলে  ভাতকেৰেলা খুৱালে বহু সুফল পোৱা যায়৷

মধুমেহ নিয়ন্ত্ৰণ কৰেঃ ভাতকেৰেলাত  হাইপ’গ্লাইছেমিক গুণ আছে। ই অগ্নাশয়ৰ বিটাচেল সঠিক ৰূপত  ৰখাত সহায় কৰে৷ ই ইনছ্যুলিন নি:সৰণ বৃদ্ধি কৰি  ডায়েবেটিছ নিয়ন্ত্ৰণতসহায় কৰে৷

কেন্সাৰ প্ৰতিৰোধীঃ  কেন্সাৰ প্ৰতিৰোধী পাচলি হিচাবে ভাতকেৰেলা অতি উত্তম পাচলি৷শৰীৰৰ ফ্ৰী ৰেডিকেলৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত কেন্সাৰ সৃষ্টি হ’ব পাৰে। ভাতকেৰেলাত ভিটামিন ‘চি’ প্ৰচুৰ পৰিমাণে থাকে ৷ ই  প্ৰাকৃতিক এন্টিঅক্সিডেন্ট হিচাবে কাম কৰে। ই শৰীৰত ফ্ৰী ৰেডিকেলৰ সংখ্যা হ্ৰাস কৰাত সহায় কৰে৷

কোষ্ঠকাঠিন্যতা  দূৰ কৰে: কোষ্ঠকাঠিন্যতা  দূৰ কৰিবলৈ নিয়মিত ভাতকেৰেলা খালে ভাল৷ এই পাচলি বিধত  হাইফাইবাৰ তথা প্ৰচুৰ এন্টিঅক্সিডেন্ট থাকে যিয়ে হজমৰ সমস্যাৰ দূৰ কৰে।

ছাল ভালে ৰাখেঃছাল খন ভালে ৰখাত ভাতকেৰেলাই সহায় কৰে৷ ভাতকেৰেলাত প্ৰচুৰ পৰিমানে ভিটামিন ‘এ’ আৰু ভিটামিন ‘চি’ থাকে৷সেয়ে পাচলি বিধে  ছালৰ স্বাস্থ্য ৰক্ষাত সহায় কৰিব পাৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
কোকৰাঝাৰত পত্নী পিতৃগৃহলৈ গুচি যোৱাৰ বাবে স্বামীৰ আত্ম*হ*ত্যা*ৰ প্ৰচেষ্টা
শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান অব্যাহত চাইল্ড লাইন বিভাগৰ
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী