--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হতাশা এতিয়া সমাজৰ এক সোঁচৰা ব্যাধিৰ দৰে হৈ পৰিছে। নৱ প্ৰজন্মৰ বহুতেই এতিয়া হতাশাৰ চিকাৰ হৈছে। ঘৰ খনৰ মূল মানুহ জনো কেতিয়া হতাশাৰ চিকাৰ হৈ পৰাৰ ফলত ঘৰত নানান বেমেজালিয়ে দেখা দিব পাৰে। হতাশাই কাৰোবাৰ স্বামী, পত্নীকে ধৰি যিকোনো লোককে প্ৰভাৱান্বিত কৰিব পাৰে। ঘৰ এখনত স্বামীৰ হতাশাৰ লক্ষণবোৰ চিনাক্ত কৰাটো কেতিয়াবা  যথেষ্ট জটিল হ'ব পাৰে। মূলতঃ সজাগতাৰ অভাৱতে তেনে হতাশাৰ লক্ষণ চিনাক্ত কৰাটো টান হৈ পৰিব পাৰে। 
 স্বামী হতাশাৰ চিকাৰ হৈছে নেকি সেয়া জানিবলৈ প্তনী এগৰাকীয়ে  ৫ টা বিশেষ লক্ষণলৈ তীক্ষ্ণ নজৰ দিয়া উচিৎ বুলি স্বাস্থ্য বিশেষজ্ঞসকলে কৈ আহিছে। 

 স্বামীৰ হতাশাৰ লক্ষণ কেইটামান

১. নিৰন্তৰ দুখবোধত ভুগি থকা

কোনো স্পষ্ট কাৰণ নথকাকৈয়ে স্বামীক যদি নিৰন্তৰ দুখী বা হতাশ হৈ থকা  যেন লাগে। তেওঁ মন মাৰি থাকে। 
কি কৰিব: আপুনি বিষয়টোকলৈ স্বামীৰ সৈতে কথা পাতিব পাৰে।  তেওঁৰ মনটো ভাল লগাবলৈ চেষ্টা কৰক আৰু কিবা সমস্যাৰ সন্মুখীন হৈছে নেকি সেয়া জানিবলৈ চেষ্টা কৰক। 

২. যিকোনো কথাত আগ্ৰহ নোহোৱা হোৱা

স্বামীয়ে এসময়ত আগ্ৰহ প্ৰদৰ্শন কৰা  কাৰ্যকলাপ যেনে ক্ৰীড়া,  বন্ধুবৰ্গৰ সৈতে সময় কটোৱা আদিৰ প্ৰতি আগ্ৰহ হেৰুৱালে আপোনাৰ স্বামী হতাশাগ্ৰস্ত হ'ব পাৰে বুলি ধাৰণা কৰিব পাৰে।
কি কৰিব: তেনে কামত পুনৰ নিজকে নিয়োজিত কৰিবলৈ স্বামীক পৰামৰ্শ দিয়ক।
৩. ভোক আৰু ওজনৰ পৰিৱৰ্তন

ভোকত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হতাশাৰ এক বিশেষ লক্ষণ বুলি স্বাস্থ্য বিশেষজ্ঞসকলে কৈ আহিছে।  ইয়াৰ ফলত স্বামীৰ  ওজন হ্ৰাস বা বৃদ্ধি হ’ব পাৰে।
কি কৰিব:  সন্তুলিত আহাৰ ৰান্ধক আৰু স্বামীৰ স্বাস্থ্যকৰ খাদ্যাভ্যাসক উৎসাহিত কৰক। স্বামীক আবেগিক সমৰ্থন আগবঢ়াওক কিন্তু তেওঁক তেওঁৰ চেহেৰাৰ বিষয়ে চিন্তা নকৰিবলৈ কওঁক।সঠিকভাবে খাদ্য গ্ৰহণ কৰিলে সকলো ঠিক হৈ যাব বুলি বুজাওক।




 
৪. টোপনিৰ সমস্যা

 অনিদ্ৰা বা অত্যাধিক টোপনি হতাশাৰ চিকাৰ হ’লে নিয়মীয়া ঘটনা হৈ পৰে।
কি কৰিব: শোৱাৰ সময়ৰ ঠিক  ৰুটিন এখন প্ৰস্তুত কৰক।  যিকোনো চিন্তা বা উদ্বেগৰ বিষয়ে স্বামীৰ সৈতে পত্নীয়ে খোলোচাকৈ আলোচনা কৰিলে হতাশা দূৰ হোৱাত সহায়ক হ’ব। 
৫. খিংখিঙীয়া হৈ পৰা

হতাশাৰ এক প্ৰধান লক্ষণ হৈছে খিংখিঙীয়া , উত্তেজিত বা খঙাল হৈ পৰা। এনে অৱস্থাত কোনো কথাই ভাল নলগা হৈ পৰে আৰু সাধাৰণ কথাতে খং উঠিব পাৰে। 
কি কৰিব: শান্তভাৱে তেওঁৰ ওচৰলৈ যাওঁক আৰু তেওঁৰ কি সমস্যা হৈছে সেই বিষয়ত আলোচনা কৰক। তেওঁক জনাব যে আপুনি তেওঁক তেওঁৰ আৱেগ নিয়ন্ত্ৰণ কৰাৰ উপায় বিচাৰি উলিওৱাত সহায় কৰিব পাৰে। 
আপোনাৰ স্বামীৰ ওচৰলৈ খং উঠি থকা অৱস্থাত নাযাব। ইয়াৰ বাবে সঠিক সময় বাছনি কৰক।  কথা পাতিবলৈ এক শান্ত, আৰামদায়ক মুহূৰ্ত বিচাৰক।


 যদি আপোনাৰ স্বামীৰ হতাশাৰ লক্ষণবোৰ দূৰ নহয় তেন্তে কোনো মনোৰোগ বিশেষজ্ঞৰ পৰামৰ্শ ল’ব পাৰে। 

ঘোষণা: এই লেখাটো কেৱল তথ্যগত উদ্দেশ্যৰ বাবে আৰু ইয়াক পেছাদাৰী চিকিৎসা পৰামৰ্শৰ বিকল্প হিচাপে বিবেচনা কৰা উচিত নহয়। যদি আপুনি বা আপোনাৰ প্ৰিয়জনে হতাশা বা যিকোনো মানসিক স্বাস্থ্যৰ সমস্যাৰ সন্মুখীন হৈছে, অনুগ্ৰহ কৰি এগৰাকী বিশেষজ্ঞৰ   পৰামৰ্শ লওঁক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা