--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হতাশা এতিয়া সমাজৰ এক সোঁচৰা ব্যাধিৰ দৰে হৈ পৰিছে। নৱ প্ৰজন্মৰ বহুতেই এতিয়া হতাশাৰ চিকাৰ হৈছে। ঘৰ খনৰ মূল মানুহ জনো কেতিয়া হতাশাৰ চিকাৰ হৈ পৰাৰ ফলত ঘৰত নানান বেমেজালিয়ে দেখা দিব পাৰে। হতাশাই কাৰোবাৰ স্বামী, পত্নীকে ধৰি যিকোনো লোককে প্ৰভাৱান্বিত কৰিব পাৰে। ঘৰ এখনত স্বামীৰ হতাশাৰ লক্ষণবোৰ চিনাক্ত কৰাটো কেতিয়াবা  যথেষ্ট জটিল হ'ব পাৰে। মূলতঃ সজাগতাৰ অভাৱতে তেনে হতাশাৰ লক্ষণ চিনাক্ত কৰাটো টান হৈ পৰিব পাৰে। 
 স্বামী হতাশাৰ চিকাৰ হৈছে নেকি সেয়া জানিবলৈ প্তনী এগৰাকীয়ে  ৫ টা বিশেষ লক্ষণলৈ তীক্ষ্ণ নজৰ দিয়া উচিৎ বুলি স্বাস্থ্য বিশেষজ্ঞসকলে কৈ আহিছে। 

 স্বামীৰ হতাশাৰ লক্ষণ কেইটামান

১. নিৰন্তৰ দুখবোধত ভুগি থকা

কোনো স্পষ্ট কাৰণ নথকাকৈয়ে স্বামীক যদি নিৰন্তৰ দুখী বা হতাশ হৈ থকা  যেন লাগে। তেওঁ মন মাৰি থাকে। 
কি কৰিব: আপুনি বিষয়টোকলৈ স্বামীৰ সৈতে কথা পাতিব পাৰে।  তেওঁৰ মনটো ভাল লগাবলৈ চেষ্টা কৰক আৰু কিবা সমস্যাৰ সন্মুখীন হৈছে নেকি সেয়া জানিবলৈ চেষ্টা কৰক। 

২. যিকোনো কথাত আগ্ৰহ নোহোৱা হোৱা

স্বামীয়ে এসময়ত আগ্ৰহ প্ৰদৰ্শন কৰা  কাৰ্যকলাপ যেনে ক্ৰীড়া,  বন্ধুবৰ্গৰ সৈতে সময় কটোৱা আদিৰ প্ৰতি আগ্ৰহ হেৰুৱালে আপোনাৰ স্বামী হতাশাগ্ৰস্ত হ'ব পাৰে বুলি ধাৰণা কৰিব পাৰে।
কি কৰিব: তেনে কামত পুনৰ নিজকে নিয়োজিত কৰিবলৈ স্বামীক পৰামৰ্শ দিয়ক।
৩. ভোক আৰু ওজনৰ পৰিৱৰ্তন

ভোকত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হতাশাৰ এক বিশেষ লক্ষণ বুলি স্বাস্থ্য বিশেষজ্ঞসকলে কৈ আহিছে।  ইয়াৰ ফলত স্বামীৰ  ওজন হ্ৰাস বা বৃদ্ধি হ’ব পাৰে।
কি কৰিব:  সন্তুলিত আহাৰ ৰান্ধক আৰু স্বামীৰ স্বাস্থ্যকৰ খাদ্যাভ্যাসক উৎসাহিত কৰক। স্বামীক আবেগিক সমৰ্থন আগবঢ়াওক কিন্তু তেওঁক তেওঁৰ চেহেৰাৰ বিষয়ে চিন্তা নকৰিবলৈ কওঁক।সঠিকভাবে খাদ্য গ্ৰহণ কৰিলে সকলো ঠিক হৈ যাব বুলি বুজাওক।




 
৪. টোপনিৰ সমস্যা

 অনিদ্ৰা বা অত্যাধিক টোপনি হতাশাৰ চিকাৰ হ’লে নিয়মীয়া ঘটনা হৈ পৰে।
কি কৰিব: শোৱাৰ সময়ৰ ঠিক  ৰুটিন এখন প্ৰস্তুত কৰক।  যিকোনো চিন্তা বা উদ্বেগৰ বিষয়ে স্বামীৰ সৈতে পত্নীয়ে খোলোচাকৈ আলোচনা কৰিলে হতাশা দূৰ হোৱাত সহায়ক হ’ব। 
৫. খিংখিঙীয়া হৈ পৰা

হতাশাৰ এক প্ৰধান লক্ষণ হৈছে খিংখিঙীয়া , উত্তেজিত বা খঙাল হৈ পৰা। এনে অৱস্থাত কোনো কথাই ভাল নলগা হৈ পৰে আৰু সাধাৰণ কথাতে খং উঠিব পাৰে। 
কি কৰিব: শান্তভাৱে তেওঁৰ ওচৰলৈ যাওঁক আৰু তেওঁৰ কি সমস্যা হৈছে সেই বিষয়ত আলোচনা কৰক। তেওঁক জনাব যে আপুনি তেওঁক তেওঁৰ আৱেগ নিয়ন্ত্ৰণ কৰাৰ উপায় বিচাৰি উলিওৱাত সহায় কৰিব পাৰে। 
আপোনাৰ স্বামীৰ ওচৰলৈ খং উঠি থকা অৱস্থাত নাযাব। ইয়াৰ বাবে সঠিক সময় বাছনি কৰক।  কথা পাতিবলৈ এক শান্ত, আৰামদায়ক মুহূৰ্ত বিচাৰক।


 যদি আপোনাৰ স্বামীৰ হতাশাৰ লক্ষণবোৰ দূৰ নহয় তেন্তে কোনো মনোৰোগ বিশেষজ্ঞৰ পৰামৰ্শ ল’ব পাৰে। 

ঘোষণা: এই লেখাটো কেৱল তথ্যগত উদ্দেশ্যৰ বাবে আৰু ইয়াক পেছাদাৰী চিকিৎসা পৰামৰ্শৰ বিকল্প হিচাপে বিবেচনা কৰা উচিত নহয়। যদি আপুনি বা আপোনাৰ প্ৰিয়জনে হতাশা বা যিকোনো মানসিক স্বাস্থ্যৰ সমস্যাৰ সন্মুখীন হৈছে, অনুগ্ৰহ কৰি এগৰাকী বিশেষজ্ঞৰ   পৰামৰ্শ লওঁক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন