--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাংসত যিমান পৰিমাণৰ প্ৰ’টিন থাকে তাতোকৈ বহু গুণে বেছি প্ৰ’টিন পোৱা যায় আমাৰ সকলোৰে পৰিচিত পাচলি ভাতকেৰেলাত৷ ভাতকেৰেলাত মাংসত থকাতকৈ প্ৰায় ৫০ গুণে বেছি প্ৰ’টিন থকা বুলি খাদ্য বিশেষজ্ঞসকলে কৈ আহিছে৷ভাতকেৰেলাই দেহত পুষ্টি যোগোৱাৰ লগতে বিভিন্ন ৰোগৰ ক্ষেত্ৰতো সহায় কৰে৷

ভাতকেৰেলাৰ উপকাৰিতা সম্পৰ্কে জানো আহকঃ-

ওজন হ্ৰাস কৰেঃ দেহৰ ওজন হ্ৰাস কৰিবলৈ নিয়মিত বতৰৰ পাচলি ভাতকেৰেলা খাব পাৰি৷ তথ্য অনুসৰি প্ৰতি ১০০ গ্ৰাম ভাতকেৰেলাত মাত্ৰ ১৭ কেলৰি থাকে। সেয়েহে, ওজন হ্ৰাস কৰিবলৈ ভাতকেৰেলা খোৱাটো উপযোগী। ই হজম শক্তিও বৃদ্ধিত সহায় কৰে। এই পাচলি বিধ কম কেলৰিযুক্ত হোৱাৰ লগতে ফাইবাৰযুক্তও৷

ডিঙিৰ সুৰসুৰণি দূৰ কৰাত সহায় কৰেঃ বাৰিষা কালত বেক্টেৰিয়াৰ আক্ৰমণৰ বাবে প্ৰধানকৈ শিশুসকলৰ কাহ হোৱা দেখা যায়৷ শিশুৰ এলাৰ্জী তথা আন কোনো সমস্যা থাকিলে ভাতকেৰেলা খুৱালে বহু সুফল পোৱা যায়৷

মধুমেহ নিয়ন্ত্ৰণ কৰেঃ ভাতকেৰেলাত হাইপ’গ্লাইছেমিক গুণ আছে। ই অগ্নাশয়ৰ বিটাচেল সঠিক ৰূপত ৰখাত সহায় কৰে৷ ই ইনছ্যুলিন নি:সৰণ বৃদ্ধি কৰি ডায়েবেটিছ নিয়ন্ত্ৰণতসহায় কৰে৷

কেন্সাৰ প্ৰতিৰোধীঃ কেন্সাৰ প্ৰতিৰোধী পাচলি হিচাবে ভাতকেৰেলা অতি উত্তম পাচলি৷শৰীৰৰ ফ্ৰী ৰেডিকেলৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত কেন্সাৰ সৃষ্টি হ’ব পাৰে। ভাতকেৰেলাত ভিটামিন ‘চি’ প্ৰচুৰ পৰিমাণে থাকে ৷ ই প্ৰাকৃতিক এন্টিঅক্সিডেন্ট হিচাবে কাম কৰে। ই শৰীৰত ফ্ৰী ৰেডিকেলৰ সংখ্যা হ্ৰাস কৰাত সহায় কৰে৷

কোষ্ঠকাঠিন্যতা দূৰ কৰে: কোষ্ঠকাঠিন্যতা দূৰ কৰিবলৈ নিয়মিত ভাতকেৰেলা খালে ভাল৷ এই পাচলি বিধত হাইফাইবাৰ তথা প্ৰচুৰ এন্টিঅক্সিডেন্ট থাকে যিয়ে হজমৰ সমস্যাৰ দূৰ কৰে।

ছাল ভালে ৰাখেঃছাল খন ভালে ৰখাত ভাতকেৰেলাই সহায় কৰে৷ ভাতকেৰেলাত প্ৰচুৰ পৰিমানে ভিটামিন ‘এ’ আৰু ভিটামিন ‘চি’ থাকে৷সেয়ে পাচলি বিধে ছালৰ স্বাস্থ্য ৰক্ষাত সহায় কৰিব পাৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ