--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হৃদৰোগসমূহৰ ভিতৰত অতি ভয়াৱহ হৈছে হাৰ্ট এটেক। হাৰ্ট এটেক হোৱা লোকে আক্ৰান্ত হোৱাৰ পিছতে চিকিৎসাৰ সুবিধা লাভ নকৰিলে জীৱনৰ বাবে সেয়া ভয়াৱহ হৈ উঠিব পাৰে। কম বয়সীয়া লোকৰ মাজতো বৰ্তমান হাৰ্ট এটেকৰ চিকাৰ হৈ অহা দেখিবলৈ পোৱা গৈছে।

চিকিৎসকলে হাৰ্ট এটেকৰ কাৰণ হিচাপে অনিয়মিত জীৱন প্ৰণালীকে দায়ী কৰে। জীৱন প্ৰণালীৰ অলপ পৰিৱৰ্তন কৰিলেই হাৰ্ট এটেকৰ আশংকাৰ পৰা বহুখিনি আঁতৰি থাকিব পাৰি।

বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি, ভাৰতৰ দৰে তৃতীয় বিশ্বৰ দেশসমূহত হাৰ্ট এটেক হৈছে মৃত্যুৰ দ্বিতীয় বৃহৎ কাৰণ।

আমাৰ দৈনন্দিন জীৱনত কেত বোৰ কথাৰ পৰিৱৰ্তন সাধিলে আমি এনে গুৰুতৰ সমস্যাৰ পৰা ভালে খিনি হাতসাৰি থাকিব পাৰো।

শৰীৰত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি পোৱাটো মুঠেও স্বাস্থ্যসন্মত কথা নহয়। ডায়েবেটিছৰ সমস্যা হ্ৰাস পালে হাৰ্ট এটেকৰ সম্ভাৱনাও ভালে খিনি কমি যায়।

শৰীৰৰ ওজন নিয়ন্ত্ৰণ ৰাখক। নিয়মিত যোগাসন-ব্যায়াম কৰিলে হাৰ্ট সুস্থ থাকে। সদায় আধাঘন্টা খোজকঢ়াটো প্ৰয়োজন। সপ্তাহটোত কমেও পাঁচদিন যোগ-ব্যায়াম কৰা উচিত।

মদ্যপান আৰু ধূমপান পৰিত্যাগ সম্পূৰ্ণ পৰিত্যাগ কৰিব লাগিব।

স্বাস্থ্যসন্মত খাদ্য খোৱাটো আন এক গুৰুত্বপূৰ্ণ বিষয়। প্ৰতিদিনিৰ খাদ্য তালিকাত প্ৰ’টিন, কাৰ্ব’হাইড্ৰেইট আৰু চৰ্বিৰ পৰিমাণৰ সমতা ৰক্ষা কৰিব লাগে।

সতেজ ফল-মূল, শাক-পাচলি খাওক। প্ৰতিদিনে খোৱাৰ সাজত অমেগা -৩ফেটি এচিড থকা মাছ খাবলৈ চেষ্টা কৰক। ছাগলীৰ মাংস (ৰেড মিট), নিমখ, মিঠাই আদি খোৱাটো কমাই দিয়ক।

হাৰ্ট সুস্থ ৰাখিবলৈ পৰ্যাপ্ত টোপনি অত্যন্ত প্ৰয়োজনীয় বিষয়। সুস্থ থাকিবলৈ প্ৰতিদিনে ছয়-সাত ঘন্টা টোপনি মৰাটো দৰকাৰী কথা।

সেইদৰে মানসিক চাপৰ পৰা নিজকে মুক্ত ৰখাৰ চেষ্টা কৰা উচিত। ইয়াৰ বাবে নিয়মিত যোগাভ্যাস কৰা উচিত। প্ৰাণায়ামেও হৃদয় সুস্থ ৰখাত সহায় কৰে। নিয়মিত প্ৰাণায়াম কৰিলে আনকি হৃদযন্ত্ৰ ব্ল'কো খোল খাই যায় বুলি বিশেষজ্ঞসকলে কৈ আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্রতীকালৈ বিশ্ব কাপৰ পদক, শেষৰ দুখন মেচ খেলিবলৈ নোপোৱা ক্রিকেটাৰৰ স্বপ্ন পূৰণ
প্রত্যর্পণ নহ'লে বহিষ্কাৰ কৰক বাংলাদেশীক, বহিঃৰাষ্ট্ৰৰ পৰা হোৱা আগ্রাসনক লৈ উদ্বিগ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অভিমত
চীনে বৃদ্ধি কৰিলে সামৰিক শক্তি! তৃতীয়খন বিমানবাহী জাহাজ ‘ফুজিয়ান’ সাজু, আমেৰিকাৰ উদ্বেগ বৃদ্ধি
৫০০ বছৰৰ পাছত বৃহস্পতি গ্ৰহ আৰু শনি গ্ৰহৰ গতিৰ পৰিৱৰ্তনে ভাগ্য সলনি কৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ
আমেৰিকাসহ বিশ্বৰ শ্বেয়াৰ বজাৰৰ ৪৪.৪ লাখ কোটি টকা লোকচান, চিপ প্ৰস্তুত কৰা, ছেমিকণ্ডাক্টৰ উদ্যোগৰ অধিক লাভৰ প্ৰৱণতাৰ পৰিণতি
সুদূৰ দক্ষিণ কোৰিয়াৰ অভিজ্ঞ প্ৰশিক্ষকক লৈ কোকৰাঝাৰত সপ্তাহজোৰা টাইকোৱানডো প্ৰশিক্ষণ শিবিৰ
ডিগবৈ আৰ ডি স্কুলৰ অভিনৱ পদক্ষেপ ; বাৰ্ষিক প্ৰদৰ্শনীত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সৃষ্টি সম্বলিত প্ৰদৰ্শনী কক্ষ মুকলি
আজি শ্বাহৰূখ খানৰ জন্মদিন; 'মন্নত'ৰ বাহিৰত সমবেত অনুৰাগীলৈ কিং খানৰ উপহাৰ
'হাৰমনিয়াম আৰু কি বৰ্ডত সুৰৰ মূৰ্চ্ছনা তুলিবলৈ গল্ডিৰ হাত কেইখন আৰু নাই' - মনোজ বৰঠাকুৰ
ওদালগুৰিত পুনৰ মৃত্যু বন্যহস্তীৰ ; এসপ্তাহত তিনিটাকৈ বন্যহস্তীৰ মৃত্যু
বিশ্বৰ 'সৃষ্টিশীল মহানগৰী' হিচাপে ইউনেস্ক'ৰ তালিকাত লক্ষ্ণৌ
বিশ্বৰ যিকোনো দেশৰ সংকটৰ সময়ত কাষত থিয় দিয়ে ভাৰতে, ছট্টিশগড় ৰাজ্যৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত প্রধানমন্ত্রী মোদী
শিক্ষাৰ্থীৰ বাবে কৃত্রিম বুদ্ধিমত্তাৰ পাঠ্যক্ৰম, দেশৰ বিদ্যালয়সমূহত তৃতীয় শ্ৰেণীৰ পৰা আৰম্ভ হ'ব 'এ আই', 'চি টি'ৰ শিক্ষা
জুবিন গাৰ্গৰ পিছে পিছে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাও গুচি গ'ল উভতি নহাৰ বাটেৰে