--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰভাসৰ অনুৰাগীৰ বাবে জুন মাহটো অতি বিশেষ হ’বলৈ গৈ আছে। বহু অপেক্ষাৰ অন্তত ১৬ জুনত মুক্তি পাব আদিপুৰুষ। আদিপুৰুষৰ বাবে সকলোৱে বৰ অধীৰ আগ্ৰহেৰে ৰৈ আছে। চিনেমাখনৰ প্ৰচাৰ আৰম্ভ হৈছে। ৰামায়ণৰ কাহিনীৰ আধাৰত নিৰ্মিত আদিপুৰুষ মুক্তিৰ পূৰ্বে নিৰ্মাতাই এক ডাঙৰ ঘোষণা কৰিছে। 

ছবিখনৰ প্ৰদৰ্শনৰ সময়ত প্ৰতিটো চিনেমা হলত এখনকৈ আসন খালী হৈ থাকিব বুলি নিৰ্মাতাসকলে সিদ্ধান্ত লৈছে। এই আসনখন ভগৱান হনুমানক উৎসৰ্গা কৰা হ’ব। হনুমান ভগৱানৰ প্ৰতি মানুহে ৰখা বিশ্বাসক সন্মান জনাই এই সিদ্ধান্ত লোৱা হৈছে। নিৰ্মাতাই কয় যে যেতিয়াই ৰামায়ণ পাঠ কৰা হয় তেতিয়াই তাত ভগৱান হনুমান আবিৰ্ভাৱ হয়। এইটোৱেই আমাৰ বিশ্বাস। এই বিশ্বাসক সন্মান জনাই আদিপুৰুষৰ প্ৰতিটো প্ৰদৰ্শনৰ সময়ত বিক্ৰী নোহোৱাকৈ এখন আসন সংৰক্ষিত ৰখা হ’ব। হনুমান হৈছে ৰামৰ আটাইতকৈ ডাঙৰ ভক্ত। এই ডাঙৰ ভক্তগৰাকীক আমি সন্মান জনাই সিদ্ধান্ত গ্ৰহণ কৰিছো। আমি সকলোৱে 'আদিপুৰুষ'ক ভগৱান হনুমানৰ সান্নিধ্যত অতি ভৱ্যতাৰে উপভোগ কৰিম। 

উল্লেখ্য যে ৫০০ কোটি টকা বাজেটেৰে নিৰ্মাণ কৰা হৈছে আদিপুৰুষ।







FOLLOW US F
POPULAR
FEATURE
TRENDY
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?