--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰভাসৰ অনুৰাগীৰ বাবে জুন মাহটো অতি বিশেষ হ’বলৈ গৈ আছে। বহু অপেক্ষাৰ অন্তত ১৬ জুনত মুক্তি পাব আদিপুৰুষ। আদিপুৰুষৰ বাবে সকলোৱে বৰ অধীৰ আগ্ৰহেৰে ৰৈ আছে। চিনেমাখনৰ প্ৰচাৰ আৰম্ভ হৈছে। ৰামায়ণৰ কাহিনীৰ আধাৰত নিৰ্মিত আদিপুৰুষ মুক্তিৰ পূৰ্বে নিৰ্মাতাই এক ডাঙৰ ঘোষণা কৰিছে। 

ছবিখনৰ প্ৰদৰ্শনৰ সময়ত প্ৰতিটো চিনেমা হলত এখনকৈ আসন খালী হৈ থাকিব বুলি নিৰ্মাতাসকলে সিদ্ধান্ত লৈছে। এই আসনখন ভগৱান হনুমানক উৎসৰ্গা কৰা হ’ব। হনুমান ভগৱানৰ প্ৰতি মানুহে ৰখা বিশ্বাসক সন্মান জনাই এই সিদ্ধান্ত লোৱা হৈছে। নিৰ্মাতাই কয় যে যেতিয়াই ৰামায়ণ পাঠ কৰা হয় তেতিয়াই তাত ভগৱান হনুমান আবিৰ্ভাৱ হয়। এইটোৱেই আমাৰ বিশ্বাস। এই বিশ্বাসক সন্মান জনাই আদিপুৰুষৰ প্ৰতিটো প্ৰদৰ্শনৰ সময়ত বিক্ৰী নোহোৱাকৈ এখন আসন সংৰক্ষিত ৰখা হ’ব। হনুমান হৈছে ৰামৰ আটাইতকৈ ডাঙৰ ভক্ত। এই ডাঙৰ ভক্তগৰাকীক আমি সন্মান জনাই সিদ্ধান্ত গ্ৰহণ কৰিছো। আমি সকলোৱে 'আদিপুৰুষ'ক ভগৱান হনুমানৰ সান্নিধ্যত অতি ভৱ্যতাৰে উপভোগ কৰিম। 

উল্লেখ্য যে ৫০০ কোটি টকা বাজেটেৰে নিৰ্মাণ কৰা হৈছে আদিপুৰুষ।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে