--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেত্ৰী ছাৰা আলী খানে বৰ্তমান তেওঁৰ ছবি জাৰা হাটকে জাৰা বচকেৰ সফলতা উদযাপন কৰি আছে। শেহতীয়াকৈ চিনেমা হলত মুক্তি পোৱা এই ছবিখনে বক্স অফিচত ভাল উপাৰ্জন কৰিছে। এই ছবিখনত ছাৰাৰ সৈতে মুখ্য চৰিত্ৰত দেখা গৈছে বিকি কৌশলক। ছাৰাই পেছাদাৰী জীৱনৰ লগতে ব্যক্তিগত জীৱনৰ বাবেও শিৰোনাম দখল কৰি আছে। প্ৰাপ্ত খৱৰ অনুসৰি ছাৰাই ক্ৰিকেটাৰ শুভমন গীলৰ সৈতে ডেটিং কৰি আছে। ডেটিং খবৰৰ প্ৰতি এতিয়াও কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ছাৰা বা শুভমনে৷কিন্তু আইতাকৰ দৰে ক্ৰিকেটাৰক বিয়া কৰোৱাৰ কথাত ছাৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে ছাৰা আলী খানৰ আইতাক শৰ্মিলা ঠাকুৰৰ বিবাহ ক্ৰিকেটাৰ মনছুৰ আলী খান পাটাউদীৰ সৈতে হৈছিল। এনে পৰিস্থিতিত শেহতীয়াকৈ এটা সাক্ষাৎকাৰত ছাৰাক সোধা হৈছিল যে তেৱোঁ আইতাকৰ পদাংক অনুসৰণ কৰি ক্ৰিকেটাৰক বিয়া কৰাবনে? ইয়াৰ উত্তৰত ছাৰাই ক’লে – তাইৰ বাবে পেছাৰ কোনো গুৰুত্ব নাই৷ছাৰা আলী খানে ক’লে- সেইজন ব্যক্তি ক্ৰিকেটাৰ বা ব্যৱসায়ী হ’ব পাৰে, কিন্তু তেওঁ মোৰ লগত মানসিক আৰু বৌদ্ধিকভাৱে মিল থকা উচিত। মই ভাবো মই যি ধৰণৰ মানুহ, মোৰ সংগী হ’বলৈ তেওঁ ক্ৰিকেটাৰ, ব্যৱসায়ী, ডাক্তৰ হ’ব লাগিব বুলি মই নাভাবো। 

যেতিয়া ছাৰাক সোধা হৈছিল যে তেওঁ বৰ্তমান ভাৰতীয় ক্ৰিকেট দলৰ কাৰোবাৰ লগত ডেটিং কৰি আছে নেকি, তেতিয়া তেওঁ কয় -" মই এতিয়াও সেইজন ব্যক্তিক লগ পোৱা নাই যাৰ লগত তেওঁ থিতাপি ল’ব পাৰে। সঁচা কথা ক’বলৈ গ"লে এই কথা মই সম্পূৰ্ণ বিশ্বাসেৰে ক’ম যে মই এনে এজন সংগীক লগ পোৱা নাই।"













FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু