--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেত্ৰী ছাৰা আলী খানে বৰ্তমান তেওঁৰ ছবি জাৰা হাটকে জাৰা বচকেৰ সফলতা উদযাপন কৰি আছে। শেহতীয়াকৈ চিনেমা হলত মুক্তি পোৱা এই ছবিখনে বক্স অফিচত ভাল উপাৰ্জন কৰিছে। এই ছবিখনত ছাৰাৰ সৈতে মুখ্য চৰিত্ৰত দেখা গৈছে বিকি কৌশলক। ছাৰাই পেছাদাৰী জীৱনৰ লগতে ব্যক্তিগত জীৱনৰ বাবেও শিৰোনাম দখল কৰি আছে। প্ৰাপ্ত খৱৰ অনুসৰি ছাৰাই ক্ৰিকেটাৰ শুভমন গীলৰ সৈতে ডেটিং কৰি আছে। ডেটিং খবৰৰ প্ৰতি এতিয়াও কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ছাৰা বা শুভমনে৷কিন্তু আইতাকৰ দৰে ক্ৰিকেটাৰক বিয়া কৰোৱাৰ কথাত ছাৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে ছাৰা আলী খানৰ আইতাক শৰ্মিলা ঠাকুৰৰ বিবাহ ক্ৰিকেটাৰ মনছুৰ আলী খান পাটাউদীৰ সৈতে হৈছিল। এনে পৰিস্থিতিত শেহতীয়াকৈ এটা সাক্ষাৎকাৰত ছাৰাক সোধা হৈছিল যে তেৱোঁ আইতাকৰ পদাংক অনুসৰণ কৰি ক্ৰিকেটাৰক বিয়া কৰাবনে? ইয়াৰ উত্তৰত ছাৰাই ক’লে – তাইৰ বাবে পেছাৰ কোনো গুৰুত্ব নাই৷ছাৰা আলী খানে ক’লে- সেইজন ব্যক্তি ক্ৰিকেটাৰ বা ব্যৱসায়ী হ’ব পাৰে, কিন্তু তেওঁ মোৰ লগত মানসিক আৰু বৌদ্ধিকভাৱে মিল থকা উচিত। মই ভাবো মই যি ধৰণৰ মানুহ, মোৰ সংগী হ’বলৈ তেওঁ ক্ৰিকেটাৰ, ব্যৱসায়ী, ডাক্তৰ হ’ব লাগিব বুলি মই নাভাবো। 

যেতিয়া ছাৰাক সোধা হৈছিল যে তেওঁ বৰ্তমান ভাৰতীয় ক্ৰিকেট দলৰ কাৰোবাৰ লগত ডেটিং কৰি আছে নেকি, তেতিয়া তেওঁ কয় -" মই এতিয়াও সেইজন ব্যক্তিক লগ পোৱা নাই যাৰ লগত তেওঁ থিতাপি ল’ব পাৰে। সঁচা কথা ক’বলৈ গ"লে এই কথা মই সম্পূৰ্ণ বিশ্বাসেৰে ক’ম যে মই এনে এজন সংগীক লগ পোৱা নাই।"













FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে