--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পটল আমাৰ সকলোৰে চিনাকি এক গ্ৰীষ্মকালীন পাচলি। পটল খাই বহু লোকে ভাল পায়। পটল অনেক ঔষধি গুণেৰে পৰিপূৰ্ণ পুষ্টিকৰ পাচলি। পটলৰ পাত, ঠাল-ঠেঙুলি, ফল, শিপা আদি আটাইবোৰেই ঔষধি গুণসমৃদ্ধ। সোৱাদযুক্ত এইবিধ পাচলিৰ খাদ্যগুণো যথেষ্ট। পটল সাধাৰণতে মানুহে দুফাল কৰি তেলত ডীপ ফ্ৰাই কৰি খাই বেছি ভালপায়। সানমিহলি পাচলিৰ ভাজিতো পটল ব্যৱহাৰ কৰা হয়। আলুৰ সৈতে মিহি মিহিকৈ কাটিও পটল খাবলৈ ভাল। পটলৰ মছলা কাৰীও এবিধ সুস্বাদু ব্যঞ্জন। দাইলত দিও পটল খাব পাৰি। পটল কেৱল সোৱাদতে জুতিলগা নহয়..ইয়াৰ আছে অনেক উপকাৰী গুণ।

পটলৰ নানা উপকাৰিতাৰ বিষয়ে জানো আহক

সাধাৰণতে মানুহে পটলৰ গুণাগুণৰ বিষয়ে অধিক নাজানে। কিন্তু ইয়াত বহু ভিটামিন, খনিজ পদাৰ্থ থাকে, যিয়ে পটলক আমাৰ স্বাস্থ্যৰ বাবে অতি উপযোগী কৰি তুলিছে। ইয়াত ভিটামিন এ, ভিটামিন বি1, বি2, ভিটামিন চি, কেলচিয়াম, পটাছিয়াম, মেগনেছিয়াম, ফছফৰাছৰ দৰে বহুতো পুষ্টি পোৱা যায় পটলত ।

১)জ্বৰ হ’লে শৰীৰ দুৰ্বল হয়। তেতিয়া পটলৰ ৰস উলিয়াই দুই-তিনি চামুচ ৰসৰ লগত একাপ পানী মিহলাই উতলাই চেঁচা কৰি ২-৩ চামুচকৈ খালে জ্বৰ কমাৰ লগতে শৰীৰটোলৈ শক্তি আহে।

২)পটলৰ পাতৰ ৰস উলিয়াই ফোঁহা হোৱা স্থানত লগালে বিষ নোহোৱা হয় আৰু ফোঁহাৰ ভিতৰত থকা বেয়া তেজ-পুঁজি বাহিৰ হৈ ফোঁহা শুকায়।

৩)কেতিয়াবা মানুহৰ মুখ গোন্ধায়। তেতিয়া পটল জুইত পুৰি ৰস উলিয়াই মৌৰ লগত মিহলি কৰি কিছু সময় কুলিকুলি কৰি পেলাই দিলে মুখৰ গোন্ধ নোহোৱা হয়।

৪)হাত-ভৰিৰ তলুৱা জ্বলা-পোৰা কৰিলে পটলৰ পাতৰ ৰস মৌৰ লগত খালে পোৰণি কমে।

৫)গুহ্যদ্বাৰ বাহিৰ ওলালে যষ্টিমধু আৰু পটলৰ পাত সমান পৰিমাণে থেতেলিয়াই ৰস উলিয়াই ছাগলীৰ গাখীৰ মিহলাই গুহ্যদ্বাৰত লগালে ৰোগ নিৰাময় হয়।

৬)পটল খালে প্রস্ৰাৱ-পায়খানা খোলোচা হয়।

৭)পাকস্থলীৰ ঘাত মছলা নিদিয়া পটলৰ আঞ্জা উপকাৰী।

৮)পটল পুৰি ছাই উলিয়াই সেই ছাই বসন্তৰ দাগত ঘঁহিলে দাগ আঁতৰে।

৯)কেতিয়াবা নখত অসহ্য বিষ হয়। নখ ফাটি তেজ ওলায়। তেতিয়া পটল পুৰি আগফালে অকণমান কাটি গুটিবোৰ উলিয়াই আঙুলিত পটলটো পিন্ধিলে আৰাম পোৱা যায়।

১০)পটলত যথেষ্ট পৰিমাণে আঁহ আছে যি সঠিক পাচনৰ বাবে অতি অত্যাৱশ্যকীয়। ই গেষ্ট্ৰোইনটেস্টাইনাল আৰু যকৃতক বহু সমস্যাৰ পৰা আঁতৰাই ৰাখে। সদায় পটল খালে আপোনাৰ পাচন তন্ত্ৰই সঠিকভাৱে কাম কৰি থাকিব৷

১১)পটলত অতি কম কেলৰি থাকে আৰু ই ফাইবাৰযুক্ত। যদি আপুনি নিয়মীয়াকৈ পটলৰ ব্যৱহাৰ কৰে, ইয়ে আপোনাৰ ওজন বৃদ্ধি নকৰিব। আনকি ইয়ে আপোনাৰ পেট ভৰ্তি ৰাখিব যাতে আপুনি সোনকালে ভোক অনুভৱ নকৰে৷।

১২)আয়ুৰ্বেদৰ মতে পটলে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে । ইয়ে আপোনাক ঋতুগত পৰিৱৰ্তনত হোৱা ফ্লু আৰু ঠাণ্ডাৰ পৰা আঁতৰত ৰাখে ।

১৩)পটল লিভাৰৰ বাবে অতি লাভজনক, সেয়েহে ই জণ্ডিচৰ চিকিৎসাতো যথেষ্ট কাম কৰে। ই লিভাৰৰ কাৰ্যকলাপ বৃদ্ধি কৰে আৰু পাচন প্ৰণালী উন্নত কৰে।

১৪)পটলত এণ্টি-অক্সিডেণ্ট, ভিটামিন এ আৰু চি থাকে, যি মুক্ত ৰেডিকেল অণু নিয়ন্ত্ৰণ কৰে আৰু বার্ধক্য প্ৰক্ৰিয়া হ্ৰাস কৰে।

১৫)তেজ পৰিস্কাৰ কৰাত পটলক অতি উপযোগী বুলি গণ্য কৰা হয়। আয়ুৰ্বেদৰ মতে, ইয়ে আমাৰ শৰীৰৰ তেজ পৰিষ্কাৰ কৰাত সহায় কৰে আৰু ছালৰ যত্ন লয়।

১৬)মূৰত চুলি গজাটো পটল উপযোগী। মূৰত পটলৰ ৰস লগালে মূৰৰ বিষ হ্ৰাস হয়। পটলৰ পাতৰ ৰসে আঘাত নিৰাময় কৰাত সহায় কৰে।

গতিকে পটল খোৱাত জোৰ দিয়ক আৰু সুস্বাস্থ্যৱান হৈ থাকক।  



FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকললৈ Tata Sierra উপহাৰ টাটা মটৰ্ছৰ
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক