--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পটল আমাৰ সকলোৰে চিনাকি এক গ্ৰীষ্মকালীন পাচলি। পটল খাই বহু লোকে ভাল পায়। পটল অনেক ঔষধি গুণেৰে পৰিপূৰ্ণ পুষ্টিকৰ পাচলি। পটলৰ পাত, ঠাল-ঠেঙুলি, ফল, শিপা আদি আটাইবোৰেই ঔষধি গুণসমৃদ্ধ। সোৱাদযুক্ত এইবিধ পাচলিৰ খাদ্যগুণো যথেষ্ট। পটল সাধাৰণতে মানুহে দুফাল কৰি তেলত ডীপ ফ্ৰাই কৰি খাই বেছি ভালপায়। সানমিহলি পাচলিৰ ভাজিতো পটল ব্যৱহাৰ কৰা হয়। আলুৰ সৈতে মিহি মিহিকৈ কাটিও পটল খাবলৈ ভাল। পটলৰ মছলা কাৰীও এবিধ সুস্বাদু ব্যঞ্জন। দাইলত দিও পটল খাব পাৰি। পটল কেৱল সোৱাদতে জুতিলগা নহয়..ইয়াৰ আছে অনেক উপকাৰী গুণ।

পটলৰ নানা উপকাৰিতাৰ বিষয়ে জানো আহক

সাধাৰণতে মানুহে পটলৰ গুণাগুণৰ বিষয়ে অধিক নাজানে। কিন্তু ইয়াত বহু ভিটামিন, খনিজ পদাৰ্থ থাকে, যিয়ে পটলক আমাৰ স্বাস্থ্যৰ বাবে অতি উপযোগী কৰি তুলিছে। ইয়াত ভিটামিন এ, ভিটামিন বি1, বি2, ভিটামিন চি, কেলচিয়াম, পটাছিয়াম, মেগনেছিয়াম, ফছফৰাছৰ দৰে বহুতো পুষ্টি পোৱা যায় পটলত ।

১)জ্বৰ হ’লে শৰীৰ দুৰ্বল হয়। তেতিয়া পটলৰ ৰস উলিয়াই দুই-তিনি চামুচ ৰসৰ লগত একাপ পানী মিহলাই উতলাই চেঁচা কৰি ২-৩ চামুচকৈ খালে জ্বৰ কমাৰ লগতে শৰীৰটোলৈ শক্তি আহে।

২)পটলৰ পাতৰ ৰস উলিয়াই ফোঁহা হোৱা স্থানত লগালে বিষ নোহোৱা হয় আৰু ফোঁহাৰ ভিতৰত থকা বেয়া তেজ-পুঁজি বাহিৰ হৈ ফোঁহা শুকায়।

৩)কেতিয়াবা মানুহৰ মুখ গোন্ধায়। তেতিয়া পটল জুইত পুৰি ৰস উলিয়াই মৌৰ লগত মিহলি কৰি কিছু সময় কুলিকুলি কৰি পেলাই দিলে মুখৰ গোন্ধ নোহোৱা হয়।

৪)হাত-ভৰিৰ তলুৱা জ্বলা-পোৰা কৰিলে পটলৰ পাতৰ ৰস মৌৰ লগত খালে পোৰণি কমে।

৫)গুহ্যদ্বাৰ বাহিৰ ওলালে যষ্টিমধু আৰু পটলৰ পাত সমান পৰিমাণে থেতেলিয়াই ৰস উলিয়াই ছাগলীৰ গাখীৰ মিহলাই গুহ্যদ্বাৰত লগালে ৰোগ নিৰাময় হয়।

৬)পটল খালে প্রস্ৰাৱ-পায়খানা খোলোচা হয়।

৭)পাকস্থলীৰ ঘাত মছলা নিদিয়া পটলৰ আঞ্জা উপকাৰী।

৮)পটল পুৰি ছাই উলিয়াই সেই ছাই বসন্তৰ দাগত ঘঁহিলে দাগ আঁতৰে।

৯)কেতিয়াবা নখত অসহ্য বিষ হয়। নখ ফাটি তেজ ওলায়। তেতিয়া পটল পুৰি আগফালে অকণমান কাটি গুটিবোৰ উলিয়াই আঙুলিত পটলটো পিন্ধিলে আৰাম পোৱা যায়।

১০)পটলত যথেষ্ট পৰিমাণে আঁহ আছে যি সঠিক পাচনৰ বাবে অতি অত্যাৱশ্যকীয়। ই গেষ্ট্ৰোইনটেস্টাইনাল আৰু যকৃতক বহু সমস্যাৰ পৰা আঁতৰাই ৰাখে। সদায় পটল খালে আপোনাৰ পাচন তন্ত্ৰই সঠিকভাৱে কাম কৰি থাকিব৷

১১)পটলত অতি কম কেলৰি থাকে আৰু ই ফাইবাৰযুক্ত। যদি আপুনি নিয়মীয়াকৈ পটলৰ ব্যৱহাৰ কৰে, ইয়ে আপোনাৰ ওজন বৃদ্ধি নকৰিব। আনকি ইয়ে আপোনাৰ পেট ভৰ্তি ৰাখিব যাতে আপুনি সোনকালে ভোক অনুভৱ নকৰে৷।

১২)আয়ুৰ্বেদৰ মতে পটলে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে । ইয়ে আপোনাক ঋতুগত পৰিৱৰ্তনত হোৱা ফ্লু আৰু ঠাণ্ডাৰ পৰা আঁতৰত ৰাখে ।

১৩)পটল লিভাৰৰ বাবে অতি লাভজনক, সেয়েহে ই জণ্ডিচৰ চিকিৎসাতো যথেষ্ট কাম কৰে। ই লিভাৰৰ কাৰ্যকলাপ বৃদ্ধি কৰে আৰু পাচন প্ৰণালী উন্নত কৰে।

১৪)পটলত এণ্টি-অক্সিডেণ্ট, ভিটামিন এ আৰু চি থাকে, যি মুক্ত ৰেডিকেল অণু নিয়ন্ত্ৰণ কৰে আৰু বার্ধক্য প্ৰক্ৰিয়া হ্ৰাস কৰে।

১৫)তেজ পৰিস্কাৰ কৰাত পটলক অতি উপযোগী বুলি গণ্য কৰা হয়। আয়ুৰ্বেদৰ মতে, ইয়ে আমাৰ শৰীৰৰ তেজ পৰিষ্কাৰ কৰাত সহায় কৰে আৰু ছালৰ যত্ন লয়।

১৬)মূৰত চুলি গজাটো পটল উপযোগী। মূৰত পটলৰ ৰস লগালে মূৰৰ বিষ হ্ৰাস হয়। পটলৰ পাতৰ ৰসে আঘাত নিৰাময় কৰাত সহায় কৰে।

গতিকে পটল খোৱাত জোৰ দিয়ক আৰু সুস্বাস্থ্যৱান হৈ থাকক।  



FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ