--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুৰ্বল হাড়ৰ সমস্যা বহু লোকৰে থাকে আৰু ইয়াৰ মূল কাৰণ - কেলচিয়ামৰ অভাৱক প্ৰায়ে আওকাণ কৰা হয়।  ৰাষ্ট্ৰীয় চিকিৎসক দিৱস ২০২২ৰ পূৰ্বে চাওঁক চিকিৎসক আৰু স্বাস্থ্য বিশেষজ্ঞৰ এই সহজ টিপছবোৰ কেনেকৈ আপোনাৰ হাড়বোৰ শক্তিশালী কৰিব পাৰি ৷

আমাৰ হাড়বোৰ অহৰহ সলনি হৈ থাকে — নতুন হাড় তৈয়াৰ হয়, পুৰণি হাড়বোৰ ভাঙি যায় আৰু কেইবাটাও কাৰকে হাড়ৰ স্বাস্থ্যত প্ৰভাৱ পেলাব পাৰে ৷ যেনে আমাৰ খাদ্যত থকা কেলচিয়ামৰ পৰিমাণ, শাৰীৰিক কাৰ্যকলাপ, ধঁপাত আৰু মদ্যপান, লিংগ, ওজন, বয়স, হৰম’নৰ মাত্ৰা, অসুখ আৰু ঔষধ (যেনে ষ্টেৰ’ইড)।  

এতিয়া আহক জানো আমি কিদৰে আমাৰ হাড় মজবুত কৰি ৰাখিব পাৰো,

১) ভিটামিন ডিৰ মাত্ৰা কম হোৱা - ভিটামিন ডিৰ মাত্ৰা কম হ’লে আমাৰ শৰীৰে কেলচিয়াম শোষণ কৰিবলৈ অক্ষম হয়, যাৰ ফলত হাড় দুৰ্বল হয়।  ভিটামিন ডিৰ অভাৱত পৰিপূৰক আৰু পুষ্টিৰ উন্নতি সাধন কৰি চিকিৎসা কৰিব পাৰি।  যিহেতু ভিটামিন ডি এটা চৰ্বিত দ্ৰৱীভূত ভিটামিন, সেয়েহে চৰ্বিৰ স্বাস্থ্যকৰ উৎস যেনে দেশী ঘিউ, গুটি (শন, তিল, চিয়া), বাদাম (আলমণ্ড, কাজু, আখৰোট), নাৰিকল তেল, গোটা কণী, চৰ্বিযুক্ত মাছ আদি খাবলৈ ৰোগীক পৰামৰ্শ দিয়া হয়  ৷


২) শাৰীৰিক ব্যায়াম - শাৰীৰিক পৰিশ্ৰমৰ অভাৱেও আপোনাৰ কেলচিয়াম শোষণ কম কৰিব পাৰে।  বয়স বৃদ্ধি হোৱাৰ লগে লগে আৰু মহিলাসকলৰ ৰজোনিবৃত্তি হোৱাৰ লগে লগে হাড়বোৰ দুৰ্বল হৈ পৰে।  নিয়মীয়া শক্তি প্ৰশিক্ষণে হাড়ৰ স্বাস্থ্য আৰু কেলচিয়াম শোষণ উন্নত কৰাত সহায় কৰিব পাৰে।  সপ্তাহত দুবাৰকৈ ব্যায়াম অন্তৰ্ভুক্ত কৰাটো বাঞ্ছনীয়।

 ৩) আন্ত্ৰিক স্বাস্থ্য আৰু এচিডিটি - আন্ত্ৰিক স্বাস্থ্যৰ উন্নতি আৰু এচিডিটিৰ পৰা হাত সাৰিবলৈ খাদ্য আৰু জীৱনশৈলীৰ প্ৰতি যত্ন লোৱাটো বাঞ্ছনীয়।

 ৪) কেলচিয়াম সমৃদ্ধ খাদ্য - হাড়ৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিবলৈ কেলচিয়াম সমৃদ্ধ খাদ্যও আপোনাৰ খাদ্যৰ অংশ হ’ব লাগে।  গাখীৰক সাধাৰণতে কেলচিয়ামৰ সমৃদ্ধ উৎস বুলি গণ্য কৰা হয় যদিও ই অন্যথা।  ৰাগী, পপি, তিল, চিয়া গুটি, মাখানে, সেউজীয়া পাতৰ শাক-পাচলি আদিও কেলচিয়ামৰ উৎকৃষ্ট উৎস আৰু ই আপোনাৰ হাড় শক্তিশালী কৰাত সহায় কৰিব পাৰে।"



FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকললৈ Tata Sierra উপহাৰ টাটা মটৰ্ছৰ
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক