--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পত্নীৰ হস্পিতালৰ বিল পৰিশোধ কৰাৰ সামৰ্থ্য নাই। সেয়ে হস্পিতালত চিকিৎসাধীন হৈ পত্নীক হত্যা কৰিলে এজন যুৱকে! আমেৰিকাৰ মিছৌৰীৰ বাসিন্দা ৰনি উইগছৰ বিৰুদ্ধে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ৰনিৰ পত্নীক মিছৌৰীৰ এখন চিকিৎসালয়ৰ আই চি ইউত ভৰ্তি কৰা হৈছিল। ডায়েলাইছিছ কৰি আছিল। ইফালে চিকিৎসালয়ৰ বিল বাঢ়ি আহিছিল। কিছু টকা দিলেও বেলেঞ্চ বহুত থাকে। সেই টকাখিনি ৰনিয়ে দিব পৰা নাছিল। শুকুৰবাৰে নিশা ১১:৩০ মান বজাত তেওঁ পত্নীক চিকিৎসালয়ত চাবলৈ গৈছিল। অভিযোগ অনুসৰি ৰ’নীয়ে আঠুৱা টিপি পত্নীক হত্যা কৰিছিল।

বিষয়টো চিকিৎসালয়ৰ কৰ্মচাৰীৰ দৃষ্টিগোচৰ হোৱাৰ লগে লগে তেওঁলোকে আৰক্ষীক খবৰ দিয়ে। ইয়াৰ লগে লগে মহিলাগৰাকীৰ চিকিৎসা আৰম্ভ হ’ল। তেওঁক লাইফ চাপৰ্টত ৰখা হৈছিল। কিন্তু কোনো সঁহাৰি নাপালে। অৱশেষত লাইফ চাপৰ্ট বন্ধ হৈ গ’ল। চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্তক। জেৰাৰ অধীনত তেওঁ পত্নীক হত্যা কৰাৰ কথা স্বীকাৰ কৰে। কিয় হত্যা কৰিলে পত্নীক, আৰক্ষীৰ প্ৰশ্নৰ উত্তৰত ৰ’নীয়ে কয় যে তেওঁ আৰ্থিকভাৱে দুৰ্দশাগ্ৰস্ত। এনে পৰিস্থিতিত পত্নীয়ে চিকিৎসালয়ৰ খৰচ বহন কৰিব নোৱাৰে। গতিকে ৰ’নীয়ে পুলিচক ক’লে যে তেওঁ নিজৰ পত্নীক হত্যা কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ