--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জীৱনসংগীৰ অজ্ঞাতে বহু লোকেই ভৰি থয় এখন ব্যভিচাৰৰ পৃথিৱীত। কিছুমান ধৰা পৰি যায় আৰু কিছুমানে মৃত্যু পৰ্যন্ত জীৱনসংগীক চলনা কৰি ব্যভিচাৰ চলাই যায়।

শেহতীয়াকৈ আমেৰিকাৰ আটলাণ্টাত সংঘটিত হোৱা এক কাহিনী পোহৰলৈ আহিছে। ছ'চিয়েল মিডিয়াত চৰ্চা হৈছে এই কাহিনীকলৈ। এগৰাকী পত্নীৰ মৃত্যুৰ পাছতহে স্বামীয়ে গম পালে যে তেওঁক ঠগি পত্নীয়ে কেনেকৈ চলাই গৈছিল অনৈতিক তথা ব্যভিচাৰ কাৰ্যকলাপ।

পত্নীৰ মৃত্যুৰ পাছত তেওঁৰ ফোনটো হাতত লোৱাৰ পাছত এনে কিছুমান গোপন কথা ওলাই পৰিল, যিবোৰ দেখি স্বামী থকথককৈ  কঁপিবলৈ ধৰিলে।

মহিলাগৰাকীৰ নাম আছিল মৌলি ব্ৰডাক। দেখাত তেওঁ বৰ ধুনীয়া আছিল। পেছাত লেখিকা আৰু বিশ্ববিদ্যালয়ৰ শিক্ষয়িত্ৰী আছিল। ২০২০ চনৰ ৮ মাৰ্চত নিজকে গুলীয়াই আত্মহত্যা কৰিছিল মৌলি ব্ৰডাকে। তেতিয়া তেওঁৰ বয়স আছিল ৩৯ বছৰ। মৌলিৰ মৃত্যুৰ পাছত সকলো স্তম্ভিত হৈ পৰিল। পত্নীৰ মৃত্যুত স্বামী ব্লেক বাটলাৰ দুখত ভাগি পৰিছিল। তেওঁ বুজি পোৱা নাছিল যে সকলো ঠিকেই চলি আছিল, তেন্তে মৌলিয়ে কিয় নিজৰ জীৱন শেষ কৰিলে। আনকি চুবুৰীয়াইও বুজিব পৰা নাছিল মৃত্যুৰ আঁৰৰ কাৰণ। ওচৰ-চুবুৰীয়াই ভাবিছিল তেওঁলোক ইমান মৰমিয়াল দম্পতী, তেওঁলোক সদায় সুখী, তেন্তে মহিলাগৰাকীয়ে কিয় এনে কৰিলে? ইয়াৰ উত্তৰ বিচাৰি সকলোৱে হাবাথুৰি খাইছিল।

৪৪ বছৰীয়া ব্লেকে কয় যে মই জানো যে মৌলি ডিপ্ৰেছনত আছিল কিন্তু তেওঁৰ লগত মই সদায় মৰমেৰে আছিলো কিন্তু তেওঁ মোক কেনেকৈ এৰি যাব পাৰিলে? ব্লেকে মৌলিৰ স্মৃতিত এখন কিতাপ লিখিবলৈ আৰম্ভ কৰিলে। কিন্তু তেওঁৰ পত্নী কিমানখিনি অসুখী তেওঁ বুজিব পৰা নাছিল। পিছত তেওঁ গম পালে যে তেওঁ মৌলিৰ লগত জড়িত বহু কথা নাজানে। মৌলি আছিল অতি ভাল কবি। মৌলি আৰু ব্লেকে ফেচবুকত লগ পাইছিল। 

দীঘল চুলিৰ, নীলা চকুৰ মৌলিক প্ৰথম দেখাতেই প্ৰেমত পৰিল ব্লেক বাটলাৰ।  ব্লেকক লগ পোৱাৰ সময়ত মৌলি বিবাহিতা আছিল।  পাছত ২০১৭ চনত ব্লেকে মৌলিক বিয়া কৰায়। দুয়োৰে সংসাৰ সুখেৰে চলি আছিল কিন্তু মৌলিৰ মৃত্যুৰ পাছত সকলো সলনি হৈ গ’ল। ব্লেকে সেইবোৰ কথা জানিব পাৰিলে যিবোৰ জানি তেওঁৰ ভৰিৰ তলৰ পৰা মাটি খহি যোৱা যেন লাগিল। হঠাতে এনেকুৱা এটা কথা পোহৰলৈ আহিল যিটো মৌলিৰ স্বামী ব্লেক বাটলাৰে কল্পনাও কৰা নাছিল। 

পত্নীৰ মৃত্যুৰ কাৰণ বিচাৰি স্বামী ব্লেক বাটলাৰ উত্তাৱল হৈ পৰিছিল। কি কাৰণে ইমান ধুনীয়াকৈ চলি থকা সংসাৰখন এৰি গুচি গ'ল মৌলি। কিয় ইমান মৰম-ভালপোৱা দিয়াৰ পাছতো মৌলি নীৰৱে ব্লেকৰ কাষৰ পৰা চিৰদিনলৈ আঁতৰি গ'ল।

ব্লেক বাটলাৰে এদিন আৱিষ্কাৰ কৰিলে যে তেওঁৰ পত্নী মৌলিয়ে গোপনে আন এক জীৱন কটাই আছিল। ব্লেকে এদিন মৌলিৰ ফোনটো চেক কৰিলে। তেওঁ গম পালে যে বিয়াৰ মাত্ৰ কেইসপ্তাহমানৰ পাছতেই নিজৰে এগৰাকী ছাত্ৰৰ লগত সম্পৰ্ক গঢ় তুলিছিল মৌলিয়ে। আন বহু পুৰুষৰ লগতো তেওঁৰ সম্পৰ্ক আছিল। অশ্লীল খেলনাৰ সৈতে মৌলিৰ অশ্লীল ছবি ফোনত দেখা পায় ব্লেকে। অশ্লীল কৰ্মৰ কিছুমান ভিডিঅ’ও উদ্ধাৰ হয় ফোনটোত। তাৰপাছত ব্লেকে মৌলিৰ ইমেইলটো চেক কৰিলে। তাত তেওঁ দেখিলে যে মৌলিয়ে নিজৰ বহু অশ্লীল ছবি কলেজীয়া ছাত্ৰলৈ প্ৰেৰণ কৰিছে।

এজন ব্যক্তিৰ লগত আনকি মৌলিৰ শাৰীৰিক সম্পৰ্কও আছিল। সেই মানুহজনলৈ মৌলিয়ে কেইবাবাৰো টকাও পঠিয়াইছিল। ব্লেকে কয় যে এইবোৰ কথা জানি তেওঁৰ উশাহ বন্ধ হৈ যোৱা যেন হৈছিল যদিও এটা কথাতে তেওঁ সকাহ পালে যে পত্নীৰ মৃত্যুৰ বাবে তেওঁ দায়ী নহয়। ব্লেকে সদায় ভাবি আছিল কেনেবাকে মৌলিৰ মৃত্যুৰ কাৰণ তেওঁ নেকি?

মৌলিয়ে নিজেই নিজৰ মিছাৰ জগতখন সৃষ্টি কৰি ব্লেকক প্ৰতাৰণা কৰি আছিল। মৌলিৰ কথাবোৰ চিন্তা কৰি ব্লেকে এটা সিদ্ধান্তত উপনীত হ’ল যে মৌলি নিশ্চয় মানসিক ৰোগত আক্ৰান্ত আছিল। তেওঁ নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। 

অৱশ্যে পিছত ব্লেকে আন এগৰাকী মহিলাৰ প্ৰেমত পৰে। ২০২২ চনত দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হয় ব্লেক বাটলাৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement