--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰাখণ্ড চৰকাৰে যোগ গুৰু বাবা ৰামদেৱৰ পতঞ্জলি গ্ৰুপৰ ৫টা ঔষধ উৎপাদনত নিষেধাজ্ঞা আৰোপ কৰিছে। এই ঔষধসমূহ দিব্য ফাৰ্মাচীৰ দ্বাৰা প্ৰস্তুত কৰা হয়। উত্তৰাখণ্ডৰ আয়ুৰ্বেদ আৰু ইউনানী লাইচেন্সিং অথৰিটিৰ তথ্য অনুসৰি এই ঔষধসমূহৰ বিজ্ঞাপন বিভ্ৰান্তিকৰ বুলি অভিযোগ উঠিছে। অৱশ্যে বাবা ৰামদেৱে এনে কোনো আদেশৰ প্ৰতিলিপি এতিয়াও পোৱা নাই বুলি কৈছে। তেওঁ দাবী কৰে যে এই নিষেধাজ্ঞাৰ আঁৰত আয়ুৰ্বেদ বিৰোধী ড্ৰাগছ মাফিয়াৰ ষড়যন্ত্ৰ আছে।

কেৰালাৰ  ডাক্তৰ কে ভি বাবুৱে জুলাই মাহত অভিযোগ কৰিছিল। তেওঁ পতঞ্জলিৰ দিব্য ফাৰ্মাচীৰ হৈ ড্ৰাগছ এণ্ড মেজিক ৰিমেডিজ (আপত্তিজনক বিজ্ঞাপন) এক্ট ১৯৫৪, ড্ৰাগছ এণ্ড কচমেটিকছ এক্ট ১৯৪০ আৰু ড্ৰাগছ এণ্ড কচমেটিকছ ৰুলছ ১৯৪৫ উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছিল। বাবুৱে পুনৰবাৰ ১১ অক্টোবৰত ইমেইলযোগে ৰাজ্যিক অনুজ্ঞাপত্ৰ কৰ্তৃপক্ষলৈ অভিযোগ প্ৰেৰণ কৰিছিল।

খবৰ অনুসৰি এই নিষেধাজ্ঞাৰ নিৰ্দেশ জাৰি কৰিছে উত্তৰাখণ্ড আয়ুৰ্বেদিক আৰু ইউনানী সেৱাৰ অনুজ্ঞাপত্ৰ প্ৰদানকাৰী ড° জি চি এছ জংপাংগীয়ে। তেওঁ পতঞ্জলিক বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ অভিযোগ উত্থাপন কৰিছিল। 

কৰ্তৃপক্ষই ৰক্তচাপ, ডায়েবেটিছ, গ’ইটাৰ, গ্ল’ক’মা আৰু উচ্চ কলেষ্টেৰলৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা ঔষধ নিষিদ্ধ কৰিছে। এই ঔষধকেইটাৰ নাম নাম বি পি গ্ৰীট, মধুগ্ৰিট, থাইৰগ্ৰিট, লিপিডম আৰু আইগ্ৰিট গোল্ড।


এই আদেশত কৰ্তৃপক্ষই পতঞ্জলীক প্ৰস্তুতি পত্ৰ আৰু লেবেলত সালসলনি কৰি নিষিদ্ধ ঔষধৰ ওপৰত পুনৰ অনুমোদন ল’বলৈ কয়। অৰ্থাৎ পৰিৱৰ্তনৰ অনুমোদন পোৱাৰ পিছতহে কোম্পানীটোৱে পুনৰ উৎপাদন কৰিব পাৰিব। এই বিভ্ৰান্তিকৰ বিজ্ঞাপনসমূহ শীঘ্ৰে আঁতৰাবলৈ কৰ্তৃপক্ষই কয়। লগতে ভৱিষ্যতে অনুমতি পোৱাৰ পিছতহে যিকোনো বিজ্ঞাপন চলোৱাটো বাঞ্ছনীয়। তেনে নকৰিলে প্ৰডাকচন লাইচেন্স প্ৰত্যাহাৰ কৰাৰ ভাবুকিও আহি পৰিছে। জংপাংগীয়েও এসপ্তাহৰ ভিতৰত কোম্পানীটোৰ পৰা সঁহাৰি বিচাৰিছে।

কোম্পানীটোৱে এক বিবৃতিত কয় – পতঞ্জলিত নিৰ্মিত সকলো সামগ্ৰী আৰু ঔষধ নিৰ্ধাৰিত মানদণ্ড নিৰ্মাণৰ ক্ষেত্ৰত যত্ন লোৱা হয়। প্ৰতিটো সামগ্ৰী ৫০০ৰো অধিক বিজ্ঞানীৰ সহায়ত আয়ুৰ্বেদ পৰম্পৰাৰ উচ্চ পৰ্যায়ৰ গৱেষণা আৰু গুণগত মানৰ দ্বাৰা তৈয়াৰ কৰা হয়।

যোৱা ৯ নৱেম্বৰত আয়ুৰ্বেদ আৰু ইউনানী সেৱা উত্তৰাখণ্ডে পৃষ্ঠপোষকতাত প্ৰচাৰ কৰা এই পত্ৰখন পতঞ্জলি সংস্থাক এতিয়াও কোনো ৰূপত উপলব্ধ কৰা হোৱা নাই। কোম্পানীয়ে কৈছে – হয় বিভাগে নিজৰ ভুল শুধৰাই ষড়যন্ত্ৰৰ লগত জড়িত ব্যক্তিজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰক, নহ’লে পতঞ্জলিৰ ক্ষতিৰ লগতে জড়িত লোকসকলক ক্ষতিপূৰণ দিবলৈ কোম্পানীয়ে আইনী ব্যৱস্থা গ্ৰহণ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ