--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰাখণ্ড চৰকাৰে যোগ গুৰু বাবা ৰামদেৱৰ পতঞ্জলি গ্ৰুপৰ ৫টা ঔষধ উৎপাদনত নিষেধাজ্ঞা আৰোপ কৰিছে। এই ঔষধসমূহ দিব্য ফাৰ্মাচীৰ দ্বাৰা প্ৰস্তুত কৰা হয়। উত্তৰাখণ্ডৰ আয়ুৰ্বেদ আৰু ইউনানী লাইচেন্সিং অথৰিটিৰ তথ্য অনুসৰি এই ঔষধসমূহৰ বিজ্ঞাপন বিভ্ৰান্তিকৰ বুলি অভিযোগ উঠিছে। অৱশ্যে বাবা ৰামদেৱে এনে কোনো আদেশৰ প্ৰতিলিপি এতিয়াও পোৱা নাই বুলি কৈছে। তেওঁ দাবী কৰে যে এই নিষেধাজ্ঞাৰ আঁৰত আয়ুৰ্বেদ বিৰোধী ড্ৰাগছ মাফিয়াৰ ষড়যন্ত্ৰ আছে।

কেৰালাৰ  ডাক্তৰ কে ভি বাবুৱে জুলাই মাহত অভিযোগ কৰিছিল। তেওঁ পতঞ্জলিৰ দিব্য ফাৰ্মাচীৰ হৈ ড্ৰাগছ এণ্ড মেজিক ৰিমেডিজ (আপত্তিজনক বিজ্ঞাপন) এক্ট ১৯৫৪, ড্ৰাগছ এণ্ড কচমেটিকছ এক্ট ১৯৪০ আৰু ড্ৰাগছ এণ্ড কচমেটিকছ ৰুলছ ১৯৪৫ উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছিল। বাবুৱে পুনৰবাৰ ১১ অক্টোবৰত ইমেইলযোগে ৰাজ্যিক অনুজ্ঞাপত্ৰ কৰ্তৃপক্ষলৈ অভিযোগ প্ৰেৰণ কৰিছিল।

খবৰ অনুসৰি এই নিষেধাজ্ঞাৰ নিৰ্দেশ জাৰি কৰিছে উত্তৰাখণ্ড আয়ুৰ্বেদিক আৰু ইউনানী সেৱাৰ অনুজ্ঞাপত্ৰ প্ৰদানকাৰী ড° জি চি এছ জংপাংগীয়ে। তেওঁ পতঞ্জলিক বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ অভিযোগ উত্থাপন কৰিছিল। 

কৰ্তৃপক্ষই ৰক্তচাপ, ডায়েবেটিছ, গ’ইটাৰ, গ্ল’ক’মা আৰু উচ্চ কলেষ্টেৰলৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা ঔষধ নিষিদ্ধ কৰিছে। এই ঔষধকেইটাৰ নাম নাম বি পি গ্ৰীট, মধুগ্ৰিট, থাইৰগ্ৰিট, লিপিডম আৰু আইগ্ৰিট গোল্ড।


এই আদেশত কৰ্তৃপক্ষই পতঞ্জলীক প্ৰস্তুতি পত্ৰ আৰু লেবেলত সালসলনি কৰি নিষিদ্ধ ঔষধৰ ওপৰত পুনৰ অনুমোদন ল’বলৈ কয়। অৰ্থাৎ পৰিৱৰ্তনৰ অনুমোদন পোৱাৰ পিছতহে কোম্পানীটোৱে পুনৰ উৎপাদন কৰিব পাৰিব। এই বিভ্ৰান্তিকৰ বিজ্ঞাপনসমূহ শীঘ্ৰে আঁতৰাবলৈ কৰ্তৃপক্ষই কয়। লগতে ভৱিষ্যতে অনুমতি পোৱাৰ পিছতহে যিকোনো বিজ্ঞাপন চলোৱাটো বাঞ্ছনীয়। তেনে নকৰিলে প্ৰডাকচন লাইচেন্স প্ৰত্যাহাৰ কৰাৰ ভাবুকিও আহি পৰিছে। জংপাংগীয়েও এসপ্তাহৰ ভিতৰত কোম্পানীটোৰ পৰা সঁহাৰি বিচাৰিছে।

কোম্পানীটোৱে এক বিবৃতিত কয় – পতঞ্জলিত নিৰ্মিত সকলো সামগ্ৰী আৰু ঔষধ নিৰ্ধাৰিত মানদণ্ড নিৰ্মাণৰ ক্ষেত্ৰত যত্ন লোৱা হয়। প্ৰতিটো সামগ্ৰী ৫০০ৰো অধিক বিজ্ঞানীৰ সহায়ত আয়ুৰ্বেদ পৰম্পৰাৰ উচ্চ পৰ্যায়ৰ গৱেষণা আৰু গুণগত মানৰ দ্বাৰা তৈয়াৰ কৰা হয়।

যোৱা ৯ নৱেম্বৰত আয়ুৰ্বেদ আৰু ইউনানী সেৱা উত্তৰাখণ্ডে পৃষ্ঠপোষকতাত প্ৰচাৰ কৰা এই পত্ৰখন পতঞ্জলি সংস্থাক এতিয়াও কোনো ৰূপত উপলব্ধ কৰা হোৱা নাই। কোম্পানীয়ে কৈছে – হয় বিভাগে নিজৰ ভুল শুধৰাই ষড়যন্ত্ৰৰ লগত জড়িত ব্যক্তিজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰক, নহ’লে পতঞ্জলিৰ ক্ষতিৰ লগতে জড়িত লোকসকলক ক্ষতিপূৰণ দিবলৈ কোম্পানীয়ে আইনী ব্যৱস্থা গ্ৰহণ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু