--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চিন্তাৰ মেঘ আঁতৰা নাই। বিভ্ৰান্তিকৰ বিজ্ঞাপন প্ৰচাৰৰ বাবে ৰামদেৱলৈ জাননী প্ৰেৰণ কৰিলে উচ্চতম ন্যায়ালয়ে। আদালতে ৰামদেৱক বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ গোচৰত মাতি পঠিয়াইছে। ৰামদেৱৰ  কোম্পানী পতঞ্জলিৰ বিৰুদ্ধে চলি থকা  গোচৰটোত উচ্চতম ন্যায়ালয়ৰ আদেশ অমান্য কৰাৰো অভিযোগ উত্থাপিত হৈছে। উচ্চতম ন্যায়ালয়ৰ আদেশ বাৰে বাৰে উলংঘা কৰিছে তাৰ ব্যাখ্যা বিচাৰি আদালতে ৰামদেৱক উচ্চতম ন্যায়ালয়লৈ মাতি পঠিয়াইছে। 

 পতঞ্জলিয়ে বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ বাবে কেইবাবাৰো উচ্চতম ন্যায়ালয়ৰ ৰোষত পৰিবলগীয়া  হৈছে। যোৱা বছৰৰ নৱেম্বৰত উচ্চতম  ন্যায়ালয়ে কৈছিল যে মিছা তথ্যৰে  বিজ্ঞাপন প্ৰকাশ কৰিলে ১  কোটি টকালৈকে জৰিমনা ভৰিব কৰিব। পতঞ্জলিৰ বিজ্ঞাপনক লৈ ৰামদেৱ  উচ্চতম ন্যায়ালয়ৰ সমালোচনাৰ সন্মুখীন হৈ আহিছে। কিছুদিন পূৰ্বে শীৰ্ষ ন্যায়ালয়ে মন্তব্য কৰিছিল , "চৰকাৰ অন্ধভাৱে বহি আছে। এয়া অতি দুৰ্ভাগ্যজনক।

 চৰকাৰে দ্ৰুততাৰে কাম কৰিব লাগিব। "উচ্চতম ন্যায়ালয়ে ইতিমধ্যে পতঞ্জলিক ইয়াৰ বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ বাবে জাননী জাৰি কৰিছে। ইয়াৰ পূৰ্বে, পতঞ্জলিৰ দ্বাৰা নিৰ্মিত ঔষধৰ কাৰ্যকাৰিতাৰ বিষয়ে এক বিতং প্ৰতিবেদন দাখিল কৰিবলৈও আদালতে  জাননী জাৰি কৰিছিল। কিন্তু আদালতৰ ৰায় বাৰে বাৰে উলংঘা কৰাৰ বাবে  উচ্চতম ন্যায়ালয়ে কৈছিল যে যোগ গুৰু ৰামদেৱৰ বিৰুদ্ধে আদালত অৱমাননাৰ অভিযোগ আৰোপ কৰা হ'ব পাৰে। পতঞ্জলিয়ে সেই জাননীখনৰো কোনো সঁহাৰি জনোৱা  নাছিল।

মঙলবাৰে শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে  যে যোৱাবাৰ ন্যায়ালয়ৰ ৰায়ৰ পিছত পতঞ্জলিয়ে সংবাদমেল অনুষ্ঠিত কৰাৰ সময় পাইছিল,  কিন্তু তেওঁ আদালতৰ জাননীৰ সঁহাৰি দিয়াৰ সময়হে পোৱা নাছিল। সেয়েহে পতঞ্জলিৰ প্ৰতিষ্ঠাপক ৰামদেৱে এই গোচৰটোৰ পৰৱৰ্তী শুনানিৰ তাৰিখত হাজিৰ হ'ব লাগিব। কোম্পানীটোৰ আন এজন মুৰব্বী বালাকৃষ্ণকো আদালতত  উপস্থিত হ'বলৈ কোৱা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ