--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চিন্তাৰ মেঘ আঁতৰা নাই। বিভ্ৰান্তিকৰ বিজ্ঞাপন প্ৰচাৰৰ বাবে ৰামদেৱলৈ জাননী প্ৰেৰণ কৰিলে উচ্চতম ন্যায়ালয়ে। আদালতে ৰামদেৱক বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ গোচৰত মাতি পঠিয়াইছে। ৰামদেৱৰ  কোম্পানী পতঞ্জলিৰ বিৰুদ্ধে চলি থকা  গোচৰটোত উচ্চতম ন্যায়ালয়ৰ আদেশ অমান্য কৰাৰো অভিযোগ উত্থাপিত হৈছে। উচ্চতম ন্যায়ালয়ৰ আদেশ বাৰে বাৰে উলংঘা কৰিছে তাৰ ব্যাখ্যা বিচাৰি আদালতে ৰামদেৱক উচ্চতম ন্যায়ালয়লৈ মাতি পঠিয়াইছে। 

 পতঞ্জলিয়ে বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ বাবে কেইবাবাৰো উচ্চতম ন্যায়ালয়ৰ ৰোষত পৰিবলগীয়া  হৈছে। যোৱা বছৰৰ নৱেম্বৰত উচ্চতম  ন্যায়ালয়ে কৈছিল যে মিছা তথ্যৰে  বিজ্ঞাপন প্ৰকাশ কৰিলে ১  কোটি টকালৈকে জৰিমনা ভৰিব কৰিব। পতঞ্জলিৰ বিজ্ঞাপনক লৈ ৰামদেৱ  উচ্চতম ন্যায়ালয়ৰ সমালোচনাৰ সন্মুখীন হৈ আহিছে। কিছুদিন পূৰ্বে শীৰ্ষ ন্যায়ালয়ে মন্তব্য কৰিছিল , "চৰকাৰ অন্ধভাৱে বহি আছে। এয়া অতি দুৰ্ভাগ্যজনক।

 চৰকাৰে দ্ৰুততাৰে কাম কৰিব লাগিব। "উচ্চতম ন্যায়ালয়ে ইতিমধ্যে পতঞ্জলিক ইয়াৰ বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ বাবে জাননী জাৰি কৰিছে। ইয়াৰ পূৰ্বে, পতঞ্জলিৰ দ্বাৰা নিৰ্মিত ঔষধৰ কাৰ্যকাৰিতাৰ বিষয়ে এক বিতং প্ৰতিবেদন দাখিল কৰিবলৈও আদালতে  জাননী জাৰি কৰিছিল। কিন্তু আদালতৰ ৰায় বাৰে বাৰে উলংঘা কৰাৰ বাবে  উচ্চতম ন্যায়ালয়ে কৈছিল যে যোগ গুৰু ৰামদেৱৰ বিৰুদ্ধে আদালত অৱমাননাৰ অভিযোগ আৰোপ কৰা হ'ব পাৰে। পতঞ্জলিয়ে সেই জাননীখনৰো কোনো সঁহাৰি জনোৱা  নাছিল।

মঙলবাৰে শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে  যে যোৱাবাৰ ন্যায়ালয়ৰ ৰায়ৰ পিছত পতঞ্জলিয়ে সংবাদমেল অনুষ্ঠিত কৰাৰ সময় পাইছিল,  কিন্তু তেওঁ আদালতৰ জাননীৰ সঁহাৰি দিয়াৰ সময়হে পোৱা নাছিল। সেয়েহে পতঞ্জলিৰ প্ৰতিষ্ঠাপক ৰামদেৱে এই গোচৰটোৰ পৰৱৰ্তী শুনানিৰ তাৰিখত হাজিৰ হ'ব লাগিব। কোম্পানীটোৰ আন এজন মুৰব্বী বালাকৃষ্ণকো আদালতত  উপস্থিত হ'বলৈ কোৱা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পিতৃৰ তিনিটাকৈ গুলীত ঢলি পৰিল উদীয়মান টেনিছ তাৰকা, কিন্তু কিয় সংঘটিত হ'ল এই ঘটনা ?
১৩ জুলাইত সংঘটিত হ’ব গ্ৰহণ যোগ! এই ৩টা ৰাশিৰ হ'ব ক্ষতি
ভাৰতৰ বজাৰত প্ৰৱেশ বহু প্রত্যাশিত এ আই+ স্মার্টফ'ন
আমেৰিকাৰ বায়ুসেনাৰ শীৰ্ষ পদত অসম সন্তান মনজিত বৰ্মন
অসমত থকাৰ বাবেই কেন্দ্ৰীয় চৰকাৰৰ স্বীকৃত নহ'ল টোকোলাই চাহ গৱেষণা কেন্দ্র
আজি পৱিত্ৰ গুৰু পূৰ্ণিমা, আজিৰে পৰা কপাল ফুলিব এইকেইটা ৰাশিৰ ভাগ্য
এমাহৰ ভিতৰতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষণা
প্ৰটিন দেহত কমিলে নানা ক্ষতি হয়! জানি লওক সৱিশেষ
আত্মনিৰ্ভৰশীলতাৰ নিদৰ্শন দাঙি ধৰিলে ডিগবৈৰ পাঁচ গৰাকী উদ্যমী মহিলাই
আমেৰিকাৰ ছিকাগ’ত তিনিদিনীয়া বিশেষ কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অসম অভিৱৰ্তন ২০২৫
এইবাৰ মহিলাই নেতৃত্ব দিব বিজেপিক, দক্ষিণৰ তিনিগৰাকী নেত্ৰীৰ নাম চৰ্চাত
বলীউডে সুশান্তৰ দৰে কাৰ্তিকক আঁতৰাবলৈ চেষ্টা কৰিছে! সংগীত পৰিচালক অমল মালিকৰ দাবী
আমেৰিকাত সোণ জিনিলে জামুগুৰিহাটৰ কন্দৰ্প বৰাই
৫০০০ কিল'মিটাৰ দূৰত্বৰ পৰা ছেটেলাইটৰ জৰিয়তে সম্পন্ন কৰিলে ৰ'বটিক ছাৰ্জাৰী