--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ওড়িশাত সংঘটিত হৈছে এক লজ্জাজনক ঘটনা। ৰাজ্য খনত এগৰাকী বৃদ্ধাৰ মৃত্যুৰ পিছত তেওঁৰ মৃতদেহ সৎকাৰ নকৰাকৈয়ে দুদিন ধৰি পেলাই ৰখা হ’ল।  কিন্তু কিয় এনে হ’ল? দৰাচলতে মহিলাগৰাকীৰ মৃত্যুৰ পিছত গাঁওবাসীয়ে মৃতকৰ পৰিয়ালক মাছে-মাংসই ভোজভাত খুৱাব লাগিব বুলি কৈছিল। দুখীয়া পৰিয়ালটোৱে ১০ কিলোগ্ৰাম পঠাৰ মাংস দিব নোৱাৰো বুলি কোৱাৰ বাবেই গাওঁবাসীয়ে মৃতদেহ সৎকাৰ কৰিবলৈ নাহিল।  

 এই লজ্জাজনক ঘটনাটো ঘটিছে  ওড়িশাৰ ময়ূৰভঞ্জ অঞ্চলত।শনিবাৰে তেলাবিলা গাঁৱত ৭০  বছৰীয়া সোমবাৰী সিঙৰ মৃত্যু হয়। গাওঁখনৰ ৰীতি-নীতি অনুসৰি  পৰিয়াল এটাত বিবাহ বা মৃত্যু হ'লে গাওঁখনৰ লোকসকলক   ভোজ খুওৱাৰ  পৰম্পৰা আছে। এনে পৰিস্থিতিত, যেতিয়া মৃতা মহিলাগৰাকীৰ  জ্যেষ্ঠ পুত্ৰক এই ৰীতি-নীতি পালন  কৰাৰ বাবে ১০ কিলোগ্ৰাম পঠাৰ মাংস  দিয়াৰ  দাবী কৰা হৈছিল, তেতিয়া তেওঁ আৰ্থিক দুৰ্বলতাৰ বাবে  ভোজ আয়োজন কৰিবলৈ অক্ষম বুলি প্ৰকাশ কৰিছিল।

 তাৰ পিছত বৃদ্ধ মহিলাগৰাকীৰ মৃতদেহ দুদিন  পৰি ৰৈছিল।  গাওঁবাসীয়ে মৃতদেহৰ  অন্তিম সংস্কাৰ কৰা নাছিল।  পিছত যেতিয়া পৰিয়ালটোৱে  ভোজৰ আয়োজন কৰিবলৈ সাজু হৈছিল  গাওঁবাসীয়ে তেতিয়াহে অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থাকিবলৈ সন্মত হৈছিল। ঘটনাটো এতিয়া বিভিন্ন জনৰ মাজত আলোচনাৰ বিষয় হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু