--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ওড়িশাত সংঘটিত হৈছে এক লজ্জাজনক ঘটনা। ৰাজ্য খনত এগৰাকী বৃদ্ধাৰ মৃত্যুৰ পিছত তেওঁৰ মৃতদেহ সৎকাৰ নকৰাকৈয়ে দুদিন ধৰি পেলাই ৰখা হ’ল।  কিন্তু কিয় এনে হ’ল? দৰাচলতে মহিলাগৰাকীৰ মৃত্যুৰ পিছত গাঁওবাসীয়ে মৃতকৰ পৰিয়ালক মাছে-মাংসই ভোজভাত খুৱাব লাগিব বুলি কৈছিল। দুখীয়া পৰিয়ালটোৱে ১০ কিলোগ্ৰাম পঠাৰ মাংস দিব নোৱাৰো বুলি কোৱাৰ বাবেই গাওঁবাসীয়ে মৃতদেহ সৎকাৰ কৰিবলৈ নাহিল।  

 এই লজ্জাজনক ঘটনাটো ঘটিছে  ওড়িশাৰ ময়ূৰভঞ্জ অঞ্চলত।শনিবাৰে তেলাবিলা গাঁৱত ৭০  বছৰীয়া সোমবাৰী সিঙৰ মৃত্যু হয়। গাওঁখনৰ ৰীতি-নীতি অনুসৰি  পৰিয়াল এটাত বিবাহ বা মৃত্যু হ'লে গাওঁখনৰ লোকসকলক   ভোজ খুওৱাৰ  পৰম্পৰা আছে। এনে পৰিস্থিতিত, যেতিয়া মৃতা মহিলাগৰাকীৰ  জ্যেষ্ঠ পুত্ৰক এই ৰীতি-নীতি পালন  কৰাৰ বাবে ১০ কিলোগ্ৰাম পঠাৰ মাংস  দিয়াৰ  দাবী কৰা হৈছিল, তেতিয়া তেওঁ আৰ্থিক দুৰ্বলতাৰ বাবে  ভোজ আয়োজন কৰিবলৈ অক্ষম বুলি প্ৰকাশ কৰিছিল।

 তাৰ পিছত বৃদ্ধ মহিলাগৰাকীৰ মৃতদেহ দুদিন  পৰি ৰৈছিল।  গাওঁবাসীয়ে মৃতদেহৰ  অন্তিম সংস্কাৰ কৰা নাছিল।  পিছত যেতিয়া পৰিয়ালটোৱে  ভোজৰ আয়োজন কৰিবলৈ সাজু হৈছিল  গাওঁবাসীয়ে তেতিয়াহে অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থাকিবলৈ সন্মত হৈছিল। ঘটনাটো এতিয়া বিভিন্ন জনৰ মাজত আলোচনাৰ বিষয় হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ