--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পানী শৰীৰৰ বাবে স্বাস্থ্যকৰ উপাদান। পানীক প্ৰাণীৰ প্ৰাণ বুলি কোৱা হয়। গৰম পানী খোৱাৰ ফলত মানুহৰ শৰীৰে অনেক সুফল লাভ কৰে। গৰম পানী খালে শৰীৰৰ বহু স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ পৰা সকাহ পোৱা যায়। প্ৰতিদিনে পুৱা গৰম পানী খালে বহু ৰোগৰ পৰা মুক্তি পোৱা যায়। গৰম পানী খোৱাৰ উপকাৰিতাৰ বিষয়ে জানো আহক।

১)পাচনতন্ত্ৰ শক্তিশালী হয়ঃ হজম শক্তিৰ লগত জড়িত সমস্যাত গৰম পানী অতি উপকাৰী। ই মেটাবলিজম উন্নত কৰে। শৰীৰত গৈ ক্ষতিকাৰক বেক্টেৰিয়া মাৰি পেলায়। গৰম পানীয়ে হজম প্ৰক্ৰিয়া শক্তিশালী কৰে। ইয়াৰ বাবেই পেটৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা সঠিকভাৱে হ’বলৈ আৰম্ভ কৰে। ইয়াৰ ফলত কোষ্ঠকাঠিন্যৰ পৰা উপশম পোৱা যায়। সঠিককৈ হজম হ’লে বহু সমস্যা নিজে নিজে আঁতৰি যায়।

২)হৃদযন্ত্ৰৰ সমস্যা আঁতৰি যায়ঃ বহুতে কয় যে দৈনিক লঘু গৰম পানী খালে কলেষ্টেৰল কমি যায়। কলেষ্টেৰলে হৃদযন্ত্ৰৰ লগত জড়িত ৰোগ সৃষ্টি কৰে, গতিকে এনেদৰে হৃদযন্ত্ৰৰ লগত জড়িত সমস্যা দূৰ কৰিব পৰা যায়।

৩)ঠাণ্ডা আৰু ডিঙিৰ বিষঃ ডিঙিৰ বিষ হ’লে গৰম পানীত নিমখ মিহলাই গাৰ্গল কৰিব লাগে। ইয়াৰ ফলত ডিঙিয়ে আৰাম পায় আৰু বিষৰ পৰা উপশম পায়। গৰম পানী খালে ডিঙিৰ বিষো ভাল হয়। গৰম পানী খালে চৰ্দিতো তৎক্ষণাত সকাহ পোৱা যায়।

৪)ওজন হ্ৰাস হয়ঃ মৌ মিহলাই গৰম পানী প্ৰতিদিনে খালী পেটত খাব লাগে। ইয়াৰ ফলত অতিৰিক্ত চৰ্বি কমি যায় আৰু মেদবহুলতা দূৰ হয়। নেমু মিহলাই দৈনিক গৰম পানী খালেও মেদবহুলতা দূৰ হয়।

৫)ছাল জিলিকি উঠেঃ আপুনি নিশ্চয় প্ৰায়ে দেখিছে যে পাৰ্লাৰত ফেচ ট্ৰিটমেণ্ট কৰাৰ পিছত ভাপ দিয়া হয়, ই মুখলৈ জিলিকনি আনে। গৰম পানী খালে আমাৰ শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ ওলাই যায়। বিষাক্ত পদাৰ্থ ওলাই যোৱাৰ বাবে ছালখন জিলিকি উঠে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement