--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পানী শৰীৰৰ বাবে স্বাস্থ্যকৰ উপাদান। পানীক প্ৰাণীৰ প্ৰাণ বুলি কোৱা হয়। গৰম পানী খোৱাৰ ফলত মানুহৰ শৰীৰে অনেক সুফল লাভ কৰে। গৰম পানী খালে শৰীৰৰ বহু স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ পৰা সকাহ পোৱা যায়। প্ৰতিদিনে পুৱা গৰম পানী খালে বহু ৰোগৰ পৰা মুক্তি পোৱা যায়। গৰম পানী খোৱাৰ উপকাৰিতাৰ বিষয়ে জানো আহক।

১)পাচনতন্ত্ৰ শক্তিশালী হয়ঃ হজম শক্তিৰ লগত জড়িত সমস্যাত গৰম পানী অতি উপকাৰী। ই মেটাবলিজম উন্নত কৰে। শৰীৰত গৈ ক্ষতিকাৰক বেক্টেৰিয়া মাৰি পেলায়। গৰম পানীয়ে হজম প্ৰক্ৰিয়া শক্তিশালী কৰে। ইয়াৰ বাবেই পেটৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা সঠিকভাৱে হ’বলৈ আৰম্ভ কৰে। ইয়াৰ ফলত কোষ্ঠকাঠিন্যৰ পৰা উপশম পোৱা যায়। সঠিককৈ হজম হ’লে বহু সমস্যা নিজে নিজে আঁতৰি যায়।

২)হৃদযন্ত্ৰৰ সমস্যা আঁতৰি যায়ঃ বহুতে কয় যে দৈনিক লঘু গৰম পানী খালে কলেষ্টেৰল কমি যায়। কলেষ্টেৰলে হৃদযন্ত্ৰৰ লগত জড়িত ৰোগ সৃষ্টি কৰে, গতিকে এনেদৰে হৃদযন্ত্ৰৰ লগত জড়িত সমস্যা দূৰ কৰিব পৰা যায়।

৩)ঠাণ্ডা আৰু ডিঙিৰ বিষঃ ডিঙিৰ বিষ হ’লে গৰম পানীত নিমখ মিহলাই গাৰ্গল কৰিব লাগে। ইয়াৰ ফলত ডিঙিয়ে আৰাম পায় আৰু বিষৰ পৰা উপশম পায়। গৰম পানী খালে ডিঙিৰ বিষো ভাল হয়। গৰম পানী খালে চৰ্দিতো তৎক্ষণাত সকাহ পোৱা যায়।

৪)ওজন হ্ৰাস হয়ঃ মৌ মিহলাই গৰম পানী প্ৰতিদিনে খালী পেটত খাব লাগে। ইয়াৰ ফলত অতিৰিক্ত চৰ্বি কমি যায় আৰু মেদবহুলতা দূৰ হয়। নেমু মিহলাই দৈনিক গৰম পানী খালেও মেদবহুলতা দূৰ হয়।

৫)ছাল জিলিকি উঠেঃ আপুনি নিশ্চয় প্ৰায়ে দেখিছে যে পাৰ্লাৰত ফেচ ট্ৰিটমেণ্ট কৰাৰ পিছত ভাপ দিয়া হয়, ই মুখলৈ জিলিকনি আনে। গৰম পানী খালে আমাৰ শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ ওলাই যায়। বিষাক্ত পদাৰ্থ ওলাই যোৱাৰ বাবে ছালখন জিলিকি উঠে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু