--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বহু লোকে পুৱা উঠি এগিলাচ গৰম পানী খাই দিনটো আৰম্ভ কৰে। এই অভ্যাসে নিশা শুই থকাৰ সময়ত একেৰাহে ৭-৮ ঘণ্টা ধৰি পানী নোখোৱাকৈ থকা পিয়াহ দূৰ কৰাত সহায় কৰাই নহয়, ওজন হ্ৰাস, হজম, আনকি বৃক্কৰ কাৰ্য্যক্ষমতাতো সহায় কৰে।

বিশেষজ্ঞসকলৰ মতে পুৱা খালী পেটত গৰম পানী খোৱাটোও অত্যন্ত উপকাৰী। দুকাপ পানী উতলাই এক কাপলৈ কমাই দিব, তাৰ পাছত গৰম কৰি ৰাখি খাব। সম্ভৱ হ’লে সেই পানীত শুকান আদা মিহলাই দিব পাৰে। বিশেষকৈ যিসকলে ওজন হ্ৰাস কৰিবলৈ পানী খায় তেওঁলোকৰ বাবে এই নিয়ম উপকাৰী।

বহুতে ভাবে যে পুৱা গৰম পানী খালে কোষ্ঠকাঠিন্যৰ দৰে সমস্যা নিৰাময় হয়। কাৰণ গৰম পানীয়ে বৃহদান্ত্ৰৰ পেশীবোৰ শিথিল কৰে। কিন্তু এই বিষয়ত পুষ্টিবিদ আৰু আয়ুৰ্বেদ বিশেষজ্ঞৰ মাজত পুনৰ মতানৈক্য। তেওঁলোকে ভাবে যে শৰীৰৰ এই কামবোৰৰ লগত পানীৰ উষ্ণতাৰ কোনো সম্পৰ্ক নাই। সাৰ পোৱাৰ পাছত পানী খোৱা ভাল। কিন্তু ই যিকোনো উষ্ণতা হ’ব পাৰে। কাৰণ মুখ আৰু খাদ্যনলীৰ মাজেৰে পানী পেটত উপনীত হোৱাৰ সময়লৈকে পানীৰ উষ্ণতা শৰীৰৰ উষ্ণতাৰ কাষ চাপি যায়। গৰম পানীয়ে শ্বাস-প্ৰশ্বাসতন্ত্ৰত সামান্য প্ৰভাৱ পেলায়। কিন্তু শাৰীৰিক কাৰ্য্যত কোনো প্ৰভাৱ পেলাব নোৱাৰে। গতিকে বিশেষজ্ঞৰ মতে পুৱা গৰমেই হওক বা ঠাণ্ডায়েই হওক পানী খোৱা উচিত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক