--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমাৰ স্বাস্থ্যৰ বাবে খাদ্য কিমান গুৰুত্বপূৰ্ণ সেই বিষয়ে আমি সকলো সচেতন। স্বাস্থ্য বিশেষজ্ঞসকলে বিশেষকৈ খালী পেটত কিছুমান খাদ্যৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে। কিছুমান খাদ্য কেতিয়াও খালী পেটত খাব নালাগে। এইবোৰ খাদ্য এচিডিক। পুৱা এচিডিক যিকোনো বস্তু খালে পেট আৰু অন্ত্ৰত প্ৰভাৱ পৰে আৰু সংক্ৰমণৰ আশংকা থাকে।বৃহত্তৰ নয়দাৰ জিআইএমএছ হাস্পতালত কৰ্মৰত বিখ্যাত খাদ্য বিশেষজ্ঞ আয়ুষী যাদৱে এই সন্দৰ্ভত কি কয় জানো আহক।

পুৱা এইবোৰ খাব লাগে

১) কণীঃ কণী প্ৰটিনৰ সমৃদ্ধ উৎস আৰু ই ৰাতিপুৱাৰ সঠিক ব্ৰেকফাষ্ট। ৰাতিপুৱা কণী খালে গোটেই দিনটো পেট ভৰি থকা অনুভৱ হয় আৰু লগতে যথেষ্ট শক্তিও দিয়ে।

২) অমিতাঃ অমিতা এটা ভাল ছুপাৰ ফুড। প্ৰতিটো ঋতুতে উপলব্ধ অমিতা আপুনি আপোনাৰ ব্ৰেকফাষ্টত অন্তৰ্ভুক্ত কৰিব পাৰে। আপোনাৰ কলেষ্টেৰল হ্ৰাস কৰি ই হৃদৰোগ বৃদ্ধিৰ পৰা ৰক্ষা কৰে।

৩) তিয়াই থোৱা বাদামঃ পুৱা সাৰ পোৱাৰ লগে লগে খালী পেটত ৪টা তিয়াই থোৱা বাদাম খাব লাগে। যাৰ বাবে আমি বহুতো স্বাস্থ্য উপকাৰ লাভ কৰো। আঁহ, ওমেগা-৩ আৰু ওমেগা-৬ এচিডযুক্ত বাদাম সদায় ৰাতিটো তিয়াই থোৱাৰ পিছত ৰাতিপুৱা খালী পেটতে খাব লাগে। 

৪) ওটচঃ কম কেলৰি আৰু উচ্চ পুষ্টিকৰ খাদ্য খাব বিচাৰিলে ওটচ এটা ভাল ব্ৰেকফাষ্ট। ইয়াৰ ফলত ওজন নিয়ন্ত্ৰণতো সহায় হয়।

এইবোৰ কেতিয়াও খালী পেটত নাখাব

১)বিলাহীঃ বিলাহী খালে বহু উপকাৰ পোৱা যায় যদিও পুৱা বিলাহী খালে ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে। বিলাহীত থকা এচিডিক গুণে পেটত থকা গেষ্ট্ৰাইটিছ এচিডৰ সৈতে বিক্ৰিয়া কৰি জেল গঠন কৰে যাৰ ফলত পেটৰ বিষ, ক্ৰেম্প আদি সমস্যাৰ সৃষ্টি হয়। গতিকে ৰাতিপুৱা খালী পেটত সেৱন নকৰিব।

২) দৈঃ যদিও দৈ স্বাস্থ্যৰ বাবে অতি উপকাৰী, কিন্তু খালী পেটত খাব নালাগে। ইয়াত লেক্টিক এচিড থাকে যাৰ বাবে পুৱা সোনকালে দৈ খালে স্বাস্থ্যৰ বাবে অতি কম উপকাৰ পোৱা যায়।

৩) চোডাঃ  চোডাত অধিক পৰিমাণৰ কাৰ্বনিক এচিড পোৱা যায়। এই বস্তুটো যেতিয়া পেটত থকা এচিডৰ লগত মিহলি হয় তেতিয়া পেটৰ বিষৰ দৰে সমস্যাৰ সৃষ্টি হয়। সেইবাবেই ৰাতিপুৱা খোৱাৰ পৰা বিৰত থাকিব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক