--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমাৰ স্বাস্থ্যৰ বাবে খাদ্য কিমান গুৰুত্বপূৰ্ণ সেই বিষয়ে আমি সকলো সচেতন। স্বাস্থ্য বিশেষজ্ঞসকলে বিশেষকৈ খালী পেটত কিছুমান খাদ্যৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে। কিছুমান খাদ্য কেতিয়াও খালী পেটত খাব নালাগে। এইবোৰ খাদ্য এচিডিক। পুৱা এচিডিক যিকোনো বস্তু খালে পেট আৰু অন্ত্ৰত প্ৰভাৱ পৰে আৰু সংক্ৰমণৰ আশংকা থাকে।বৃহত্তৰ নয়দাৰ জিআইএমএছ হাস্পতালত কৰ্মৰত বিখ্যাত খাদ্য বিশেষজ্ঞ আয়ুষী যাদৱে এই সন্দৰ্ভত কি কয় জানো আহক।

পুৱা এইবোৰ খাব লাগে

১) কণীঃ কণী প্ৰটিনৰ সমৃদ্ধ উৎস আৰু ই ৰাতিপুৱাৰ সঠিক ব্ৰেকফাষ্ট। ৰাতিপুৱা কণী খালে গোটেই দিনটো পেট ভৰি থকা অনুভৱ হয় আৰু লগতে যথেষ্ট শক্তিও দিয়ে।

২) অমিতাঃ অমিতা এটা ভাল ছুপাৰ ফুড। প্ৰতিটো ঋতুতে উপলব্ধ অমিতা আপুনি আপোনাৰ ব্ৰেকফাষ্টত অন্তৰ্ভুক্ত কৰিব পাৰে। আপোনাৰ কলেষ্টেৰল হ্ৰাস কৰি ই হৃদৰোগ বৃদ্ধিৰ পৰা ৰক্ষা কৰে।

৩) তিয়াই থোৱা বাদামঃ পুৱা সাৰ পোৱাৰ লগে লগে খালী পেটত ৪টা তিয়াই থোৱা বাদাম খাব লাগে। যাৰ বাবে আমি বহুতো স্বাস্থ্য উপকাৰ লাভ কৰো। আঁহ, ওমেগা-৩ আৰু ওমেগা-৬ এচিডযুক্ত বাদাম সদায় ৰাতিটো তিয়াই থোৱাৰ পিছত ৰাতিপুৱা খালী পেটতে খাব লাগে। 

৪) ওটচঃ কম কেলৰি আৰু উচ্চ পুষ্টিকৰ খাদ্য খাব বিচাৰিলে ওটচ এটা ভাল ব্ৰেকফাষ্ট। ইয়াৰ ফলত ওজন নিয়ন্ত্ৰণতো সহায় হয়।

এইবোৰ কেতিয়াও খালী পেটত নাখাব

১)বিলাহীঃ বিলাহী খালে বহু উপকাৰ পোৱা যায় যদিও পুৱা বিলাহী খালে ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে। বিলাহীত থকা এচিডিক গুণে পেটত থকা গেষ্ট্ৰাইটিছ এচিডৰ সৈতে বিক্ৰিয়া কৰি জেল গঠন কৰে যাৰ ফলত পেটৰ বিষ, ক্ৰেম্প আদি সমস্যাৰ সৃষ্টি হয়। গতিকে ৰাতিপুৱা খালী পেটত সেৱন নকৰিব।

২) দৈঃ যদিও দৈ স্বাস্থ্যৰ বাবে অতি উপকাৰী, কিন্তু খালী পেটত খাব নালাগে। ইয়াত লেক্টিক এচিড থাকে যাৰ বাবে পুৱা সোনকালে দৈ খালে স্বাস্থ্যৰ বাবে অতি কম উপকাৰ পোৱা যায়।

৩) চোডাঃ  চোডাত অধিক পৰিমাণৰ কাৰ্বনিক এচিড পোৱা যায়। এই বস্তুটো যেতিয়া পেটত থকা এচিডৰ লগত মিহলি হয় তেতিয়া পেটৰ বিষৰ দৰে সমস্যাৰ সৃষ্টি হয়। সেইবাবেই ৰাতিপুৱা খোৱাৰ পৰা বিৰত থাকিব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু