--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপুৱাই চাহৰ সৈতে বিস্কুট খোৱাটো   বহুতৰে এক অভ্যাস৷   এনেদৰে বহুতে পুৱাই চাহ-বিস্কুট খায়েই দীঘলীয়া সময় কটাই দিয়ে৷ কিন্তু পুৱাই সুদা পেটতে চাহ-বিস্কুট খোৱাটো শৰীৰৰ বাবে কিমান উপকাৰী?  পুষ্টিবিদসকলৰ মতে চাহ আৰু বিস্কুট খাই দিনটো আৰম্ভ কৰাৰ  অভ্যাস  শৰীৰৰ বাবে মুঠেও ভাল নহয়। কিয়নো  পেটত  এচিডৰ পৰিমাণ বৃদ্ধি কৰা খাদ্য খাই দিনটো আৰম্ভ কৰিলে ৰক্ত শৰ্কৰাৰ ভাৰসাম্যও ব্যাহত হ'ব পাৰে। 

ইয়াৰ উপৰি লোক এজন  অন্ত্ৰৰ নানান সমস্যাত ভুগিবলগীয়া  হ'ব পাৰে। দীঘলীয়া দিনৰ এই অভ্যাসে শৰীৰত চৰ্বিৰ পৰিমাণো বৃদ্ধি কৰে।বিশেষকৈ চেনীযুক্ত বিস্কুটত ময়দা থাকে৷ একেদৰে গাখীৰ  মিহলি কৰা ডাঠ গাখীৰ-চাহকাপেও এচিডৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে৷ ময়দাৰে প্ৰস্তুত কৰা বিস্কুট আৰু চাহৰ সংমিশ্ৰণে হজমত ব্যাঘাত জনামাব পাৰে৷ গতিকে পুৱা উঠিয়েই  চাহ আৰু বিস্কুট নোখোৱাই ভাল। ইয়াৰ পৰিৱৰ্তে আপুনি আন কিছুমান পানীয় খাব পাৰে৷ এনে পানীয়ই  শাৰীৰিক প্ৰক্ৰিয়াবোৰ স্বাভাৱিক ৰখাত সহায় কৰাৰ লগতে নানান ৰোগো উপশম কৰে।

 
চাহৰ সলনি ৰাতিপুৱা আপুনি কি পানীয় খাব পাৰে?

১) ধনিয়া গুটি তিয়াই থোৱা পানী

যদি পেট ফুলা বা গেছৰ সমস্যা হয়, দিনটো ধনীয়া তিয়াই থোৱা পানীৰে আৰম্ভ কৰক। এনে পানীয়ই হজম বৃদ্ধি কৰাৰ উপৰি  শৰীৰত থাইৰইড, ইনচুলিনৰ দৰে হৰমনৰ ভাৰসাম্য বজাই ৰখাত সহায় কৰে।আগদিনা ৰাতি একাপ পানীত এচামুচ ধনিয়া গুটি তিয়াই ৰাখক। পিছদিনা পুৱা মুখ ধুই খালী পেটত সেই  পানী খাব পাৰে। যদি আপুনি ধনিয়া গুটি তিয়াবলৈ পাহৰি যায়, তেন্তে  বজাৰৰ পৰা কিনি অনা  ধনীয়া বীজৰ গুৰিও এগিলাচ কুহুমীয়া  গৰম পানীত মিহলাই খাব পাৰে।

২) এলো ভেৰাৰ ৰস

যদি কাৰোবাৰ কোষ্ঠকাঠিন্যৰ সমস্যা থাকে, এলো ভেৰাৰ ৰস হৈছে তেওঁলোকৰ বাবে সৰ্বশ্ৰেষ্ঠ পানীয়। এগিলাচ পানীত ১৫ মিলিলিটাৰ এলো ভেৰাৰ ৰস মিহলি কৰক আৰু পুৱা খাওক। ই কোষ্ঠকাঠিন্য দূৰ  কৰাৰ উপৰি এলো ভেৰাই ছালৰ  স্বাস্থ্য সুৰক্ষিত কৰাত সহায় কৰে।

৩) নাৰিকল পানীৰ সৈতে মিহলি কৰা ডালচেনি

নাৰিকলৰ পানী হৈছে পটাছিয়ামৰ এক প্ৰাকৃতিক উৎস। যদি আপুনি ইয়াৰ সৈতে সামান্য  ডালচেনিৰ পাউডাৰ মিহলি কৰি পান কৰে তেন্তে  ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত থাকিব৷ 

৪) চফ গুটি  তিয়াই থোৱা পানী

যেতিয়া  পেট গৰম যেন অনুভৱ হয়,বহুতে চফ গুটি   তিয়াই থোৱা পানী খায়। এই চফ গুটি  তিয়াই থোৱা পানীয়ে  হজম কৰাত সহায় কৰে। যদি অন্ত্ৰত কোনো ধৰণৰ প্ৰদাহ হয়চফ গুটিয়ে  ইয়াক আঁতৰ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
চাৰ্টৰ জেপত ফোন ৰাখিলে হাৰ্টবিটত কি প্ৰভাৱ পৰে?
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা