--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দীপিকা পাডুকন আৰু ৰণবীৰ সিং, এই যুটিয়ে সদায় বলীউডৰ শ্ৰেষ্ঠ দম্পতীৰ ভিতৰত স্থান লাভ কৰি আহিছে। ৬ বছৰ প্ৰেমৰ সম্পৰ্কত থকাৰ পাছত বিবাহপাশত আৱদ্ধ হয় দুয়ো। বৰ্তমান অভিনেত্ৰীগৰাকীয়ে নিজৰ ব্যক্তিগত জীৱনৰ কথা এটা এটাকৈ খুলি কৈছে অনুৰাগীসকলৰ আগত। 

শেহতীয়াকৈ দীপিকাই ছ’চিয়েল মিডিয়াত ‘আক্স মি চেচন’ কৰিছিল। তাত তেওঁ অনুৰাগীসকলৰ বহু প্ৰশ্নৰ উত্তৰ দিছিল। অনুৰাগী এজনে দীপিকাক সুধিছিল আপুনি কি ৰান্ধি ভালপায়? উত্তৰত দীপিকাই ক’লে যে তেওঁ নিজৰ বাবে মাত্ৰ কুকিজ বনাই ভাল পায়। লগতে তেওঁ কয় যে তেওঁ ৰন্ধাতকৈ বেকিং বেছি ভাল পায়। সেইবাবেই তেওঁ সকলোতকৈ বেছি কুকিজ বনাই ভাল পায়।

ইয়াৰ পিছত এজন অনুৰাগীয়ে তেওঁক সুধিলে যে টোপনিৰ পৰা সাৰ পোৱাৰ পাছত আপুনি প্ৰথমে কি কৰে? উত্তৰত দীপিকাই কয়, টোপনিৰ পৰা সাৰ পালে তেওঁ প্ৰথমে এলাৰ্ম ক্লকটো বন্ধ কৰে। ছ’চিয়েল মিডিয়াত ৰণবীৰ-দীপিকাৰ অনুৰাগীয়ে তেওঁলোকৰ বিষয়ে অধিক জানিব বিচাৰে। সকলোৰে মনত প্ৰশ্ন উত্থাপন হয় যে দীপিকাই কিয় বাকী সকলোকে এৰি ৰণবীৰক জীৱনসংগী হিচাপে বাছি লৈছিল?

এই প্ৰশ্নৰো স্পষ্ট উত্তৰ দিলে দীপিকাই। আচলতে চিনেমাতেই হওক বা বাস্তৱ জীৱনতেই হওক, ৰণবীৰ-দীপিকাৰ কেমেষ্ট্ৰীয়ে সকলোকে আকৰ্ষণ কৰে। সেইবাবেই তেওঁলোকৰ বিষয়ে সাধাৰণ মানুহৰ মনত যথেষ্ট কৌতুহলৰ সৃষ্টি হয়। 

দীপিকাই কয় যে ৰণবীৰৰ মাজত সফলতা আৰু টকা উপাৰ্জন কৰাৰ উদ্যম দেখাৰ বাবেহে তেওঁ ৰণবীৰক বিয়া কৰাইছিল। তেওঁলোক প্ৰেমৰ সম্পৰ্কত থাকোতে এনেকুৱা দিনো আহিছিল যেতিয়া ৰণবীৰৰ হাতত ইমান কাম থাকে যে তেওঁ ঘৰত থাকিবলৈও সময় নাপায়। কিন্তু এই কথাই তেওঁলোকৰ সম্পৰ্কত কেতিয়াও বিৰূপ প্ৰভাৱ পেলোৱা নাছিল। বিয়া হওঁতে দীপিকাই ৰণবীৰতকৈ বেছি উপাৰ্জন কৰিছিল। তাৰপাছতো ৰণবীৰ সিঙৰ সফলতাই দীপিকা পাদুকনক আকৰ্ষণ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু