--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দীপিকা পাডুকন আৰু ৰণবীৰ সিং, এই যুটিয়ে সদায় বলীউডৰ শ্ৰেষ্ঠ দম্পতীৰ ভিতৰত স্থান লাভ কৰি আহিছে। ৬ বছৰ প্ৰেমৰ সম্পৰ্কত থকাৰ পাছত বিবাহপাশত আৱদ্ধ হয় দুয়ো। বৰ্তমান অভিনেত্ৰীগৰাকীয়ে নিজৰ ব্যক্তিগত জীৱনৰ কথা এটা এটাকৈ খুলি কৈছে অনুৰাগীসকলৰ আগত। 

শেহতীয়াকৈ দীপিকাই ছ’চিয়েল মিডিয়াত ‘আক্স মি চেচন’ কৰিছিল। তাত তেওঁ অনুৰাগীসকলৰ বহু প্ৰশ্নৰ উত্তৰ দিছিল। অনুৰাগী এজনে দীপিকাক সুধিছিল আপুনি কি ৰান্ধি ভালপায়? উত্তৰত দীপিকাই ক’লে যে তেওঁ নিজৰ বাবে মাত্ৰ কুকিজ বনাই ভাল পায়। লগতে তেওঁ কয় যে তেওঁ ৰন্ধাতকৈ বেকিং বেছি ভাল পায়। সেইবাবেই তেওঁ সকলোতকৈ বেছি কুকিজ বনাই ভাল পায়।

ইয়াৰ পিছত এজন অনুৰাগীয়ে তেওঁক সুধিলে যে টোপনিৰ পৰা সাৰ পোৱাৰ পাছত আপুনি প্ৰথমে কি কৰে? উত্তৰত দীপিকাই কয়, টোপনিৰ পৰা সাৰ পালে তেওঁ প্ৰথমে এলাৰ্ম ক্লকটো বন্ধ কৰে। ছ’চিয়েল মিডিয়াত ৰণবীৰ-দীপিকাৰ অনুৰাগীয়ে তেওঁলোকৰ বিষয়ে অধিক জানিব বিচাৰে। সকলোৰে মনত প্ৰশ্ন উত্থাপন হয় যে দীপিকাই কিয় বাকী সকলোকে এৰি ৰণবীৰক জীৱনসংগী হিচাপে বাছি লৈছিল?

এই প্ৰশ্নৰো স্পষ্ট উত্তৰ দিলে দীপিকাই। আচলতে চিনেমাতেই হওক বা বাস্তৱ জীৱনতেই হওক, ৰণবীৰ-দীপিকাৰ কেমেষ্ট্ৰীয়ে সকলোকে আকৰ্ষণ কৰে। সেইবাবেই তেওঁলোকৰ বিষয়ে সাধাৰণ মানুহৰ মনত যথেষ্ট কৌতুহলৰ সৃষ্টি হয়। 

দীপিকাই কয় যে ৰণবীৰৰ মাজত সফলতা আৰু টকা উপাৰ্জন কৰাৰ উদ্যম দেখাৰ বাবেহে তেওঁ ৰণবীৰক বিয়া কৰাইছিল। তেওঁলোক প্ৰেমৰ সম্পৰ্কত থাকোতে এনেকুৱা দিনো আহিছিল যেতিয়া ৰণবীৰৰ হাতত ইমান কাম থাকে যে তেওঁ ঘৰত থাকিবলৈও সময় নাপায়। কিন্তু এই কথাই তেওঁলোকৰ সম্পৰ্কত কেতিয়াও বিৰূপ প্ৰভাৱ পেলোৱা নাছিল। বিয়া হওঁতে দীপিকাই ৰণবীৰতকৈ বেছি উপাৰ্জন কৰিছিল। তাৰপাছতো ৰণবীৰ সিঙৰ সফলতাই দীপিকা পাদুকনক আকৰ্ষণ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
Advertisement