--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অক্ষয় কুমাৰ আৰু ইমৰান হাছমী অভিনীত ছবি 'ছেলফি' ২৪ ফেব্ৰুৱাৰীত সমগ্ৰ দেশজুৰি  ছবিগৃহত মুক্তি লাভ কৰে। প্ৰথমবাৰৰ বাবে পৰ্দাত অক্ষয় কুমাৰ আৰু ইমৰান হাছমীক একেলগে   চাবলৈ অনুৰাগীসকলৰ মাজত যথেষ্ট আগ্ৰহ থকা পৰিলক্ষিত হৈছে৷  কিন্তু ছবিখন মুক্তিৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে  ছবি খনৰ  নিৰ্মাতাসকলৰ মূৰত সৰগ ভাগি পৰিছে৷ 

কাৰণ মুক্তিৰ পিছতেই ছবি খন লিক হৈ পৰিছে৷  'ছেলফি' মুক্তিৰ কেইঘণ্টামান পিছতে হোৱা এই লিকৰ ফলত ছবিখনৰ বক্স অফিচ সেমেকিব পাৰে বুলি বহুতে মন্তব্য কৰিছে৷  অক্ষয়-ইমৰান অভিনীত ছবিখন ফিল্মজিলা, তামিলৰকাৰ্ছ, টেলিগ্ৰাম, মুভিৰুলজ আৰু অন্যান্য টৰেণ্ট ছাইটত সম্পূৰ্ণ এইচডি প্ৰিণ্টত অনলাইনত লিক হোৱাৰ অভিযোগ উঠিছে। 

ৰাজ মেহতাৰ দ্বাৰা পৰিচালিত ছেলফি  হৈছে 'ড্ৰাইভিং লাইচেঞ্চ' চলচ্চিত্ৰখনৰ এক অফিচিয়েল হিন্দী ৰিমেক। অক্ষয় কুমাৰ আৰু ইমৰান হাছমীৰ উপৰি ডায়েনা পাণ্টি আৰু নুছৰত ভাৰুচাইয়ো ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। ছবি খনত অক্ষয়ে এজন চুপাৰষ্টাৰৰ চৰিত্ৰত অভিনয় কৰিছে ৷ আনহাতে ইমৰান চুপাৰষ্টাৰৰ এজন অনুৰাগীৰ চৰিত্ৰত অভিনয় কৰিছে, যি এজন আৰক্ষীও। বৰ্তমান সকলোৰে দৃষ্টি 'ছেলফি'ৰ ওপৰতে আছে৷  কিয়নোএই ছবি খন অক্ষয় কুমাৰৰ ২০২৩  চনৰ প্ৰথম ছবি। 

 বছৰ অক্ষয় কুমাৰৰ  খিলাড়ী  ছবিখন  বক্স অফিচত ফ্লপ হৈছিল। এনে পৰিস্থিতিত ছেলফিৰ পৰা অভিনেতাজনে বহুতো আশা কৰিছিল। অক্ষয় কুমাৰৰ আহিবলগীয়া ছবি সমূহৰ ভিতৰত  টাইগাৰ শ্ৰফৰ সৈতে 'বডে মিয়া চোটে মিয়াঁ'ত অন্যতম। অক্ষয়ে পৰেশ ৰাৱাল আৰু সুনীল চেট্টীৰ সৈতে 'হেৰা-ফেৰী ৩'ৰ দৃশ্যগ্ৰহণো আৰম্ভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক