--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অক্ষয় কুমাৰ আৰু ইমৰান হাছমী অভিনীত ছবি 'ছেলফি' ২৪ ফেব্ৰুৱাৰীত সমগ্ৰ দেশজুৰি  ছবিগৃহত মুক্তি লাভ কৰে। প্ৰথমবাৰৰ বাবে পৰ্দাত অক্ষয় কুমাৰ আৰু ইমৰান হাছমীক একেলগে   চাবলৈ অনুৰাগীসকলৰ মাজত যথেষ্ট আগ্ৰহ থকা পৰিলক্ষিত হৈছে৷  কিন্তু ছবিখন মুক্তিৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে  ছবি খনৰ  নিৰ্মাতাসকলৰ মূৰত সৰগ ভাগি পৰিছে৷ 

কাৰণ মুক্তিৰ পিছতেই ছবি খন লিক হৈ পৰিছে৷  'ছেলফি' মুক্তিৰ কেইঘণ্টামান পিছতে হোৱা এই লিকৰ ফলত ছবিখনৰ বক্স অফিচ সেমেকিব পাৰে বুলি বহুতে মন্তব্য কৰিছে৷  অক্ষয়-ইমৰান অভিনীত ছবিখন ফিল্মজিলা, তামিলৰকাৰ্ছ, টেলিগ্ৰাম, মুভিৰুলজ আৰু অন্যান্য টৰেণ্ট ছাইটত সম্পূৰ্ণ এইচডি প্ৰিণ্টত অনলাইনত লিক হোৱাৰ অভিযোগ উঠিছে। 

ৰাজ মেহতাৰ দ্বাৰা পৰিচালিত ছেলফি  হৈছে 'ড্ৰাইভিং লাইচেঞ্চ' চলচ্চিত্ৰখনৰ এক অফিচিয়েল হিন্দী ৰিমেক। অক্ষয় কুমাৰ আৰু ইমৰান হাছমীৰ উপৰি ডায়েনা পাণ্টি আৰু নুছৰত ভাৰুচাইয়ো ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। ছবি খনত অক্ষয়ে এজন চুপাৰষ্টাৰৰ চৰিত্ৰত অভিনয় কৰিছে ৷ আনহাতে ইমৰান চুপাৰষ্টাৰৰ এজন অনুৰাগীৰ চৰিত্ৰত অভিনয় কৰিছে, যি এজন আৰক্ষীও। বৰ্তমান সকলোৰে দৃষ্টি 'ছেলফি'ৰ ওপৰতে আছে৷  কিয়নোএই ছবি খন অক্ষয় কুমাৰৰ ২০২৩  চনৰ প্ৰথম ছবি। 

 বছৰ অক্ষয় কুমাৰৰ  খিলাড়ী  ছবিখন  বক্স অফিচত ফ্লপ হৈছিল। এনে পৰিস্থিতিত ছেলফিৰ পৰা অভিনেতাজনে বহুতো আশা কৰিছিল। অক্ষয় কুমাৰৰ আহিবলগীয়া ছবি সমূহৰ ভিতৰত  টাইগাৰ শ্ৰফৰ সৈতে 'বডে মিয়া চোটে মিয়াঁ'ত অন্যতম। অক্ষয়ে পৰেশ ৰাৱাল আৰু সুনীল চেট্টীৰ সৈতে 'হেৰা-ফেৰী ৩'ৰ দৃশ্যগ্ৰহণো আৰম্ভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন