--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুলৱামাত পুনৰ পাকিস্তানৰ  সন্ত্ৰাসবাদীয়ে ভয়ংকৰ কূটাঘাত সংঘটিত কৰিবলৈ ৰচনা কৰা  ষড়যন্ত্ৰ ব্যৰ্থ কৰিবলৈ সক্ষম হ’ল কাশ্মীৰ  আৰক্ষী। আজি পুলৱামাত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত  এজন লোককো গ্ৰেপ্তাৰ কৰি  জেৰা চলাই আছে। কাশ্মীৰৰ পুলৱামা জিলাত চলোৱা  অভিযানৰ সময়তে আৰক্ষীয়ে বৃহৎ পৰিমাণৰ বিস্ফোৰক উদ্ধাৰ কৰে।

আৰক্ষী সূত্ৰই জনোৱা অনুসৰি দেওবাৰে তালাচী অভিযানৰ সময়ত প্ৰায় ৫-৬ কিলোগ্ৰাম আইইডি উদ্ধাৰ কৰা হয়। ,ন্ত্ৰাসবাদীয়ে সেই বিস্ফোৰক ব্যৱহাৰ কৰি ভয়ংকৰ অঘটন ঘটাবলৈ সাজু হৈছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰে।  এক গোপন সূত্ৰৰ জৰিয়তে আৰক্ষীয়ে এই খবৰ পোৱাৰ পিছতেঅভিযান চলাই বিস্ফোৰক খিনি জব্দ কৰে।  গ্ৰেপ্তাৰ কৰা লোকজনক ইশফাক আহমেদ ৱানী বুলি চিনাক্ত কৰা হৈছে। 

পুলৱামা জিলাৰ আৰিগাম গাঁৱৰ বাসিন্দা ইশফাকে সন্ত্ৰাসবাদীলৈ নিয়মীয়াকৈ তথ্য  প্ৰেৰণ কৰিছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। বিস্ফোৰক জব্দ কৰাৰ পিছতে  কাশ্মীৰ আৰক্ষীয়ে টুইটত লিখিছে , "ডাঙৰ বিপদ প্ৰতিহত কৰা হৈছে। পুলৱামাৰ পৰা ৫-৬ কিলোগ্ৰাম মূল্যৰ বিস্ফোৰক উদ্ধাৰ কৰা হৈছে। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।’’উল্লেখ্য কেইদিনমান পিছতে কাশ্মীৰত জি-২০ সন্মিলন অনুষ্ঠিত হ'ব। 

এই সন্মিলনৰ আয়োজক দেশ হিচাপে ভাৰতে বিদেশী অতিথিসকলক কাশ্মীৰ  সৌন্দৰ্য উপভোগ কৰোৱাব  বিচাৰে।  বিচ্ছিন্নতাবাদী শক্তিয়ে উপত্যকাটো অস্থিৰ কৰিব বিচাৰিলেও জি-২০ সন্মিলনত ইয়াৰ কোনো প্ৰভাৱ নপৰে বুলি সেনাই নিশ্চিতি দিছে। শুকুৰবাৰে পুৱা জম্মুৰ ৰাজৌৰী চেক্টৰৰ কান্দি বনাঞ্চলত সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ সময়ত সন্ত্ৰাসবাদীয়ে  সেনা জোৱানসকলৰ ওপৰত বোমা নিক্ষেপ কৰিছিল। ফলত পাঁচজন সেনা  নিহত হৈছিল। শনিবাৰে বাৰামুলা জিলাৰ কাৰহামা কুঞ্জাৰ অঞ্চলত সেনা আৰু আৰক্ষীৰ যুটীয়া সন্ত্ৰাসবাদ বিৰোধী অভিযানত এজন লস্কৰ উগ্ৰপন্থী নিহত হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
দলগাঁৱত ড্ৰেগন খেতি কৰি স্বাৱলম্বী জৰীপ আলী
বিজুলি চমকে কিন্তু নপৰে বজ্ৰপাত,মেঘে গৰ্জে কিন্তু বৰষুণ নহয় !
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন