--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুলৱামাত পুনৰ পাকিস্তানৰ  সন্ত্ৰাসবাদীয়ে ভয়ংকৰ কূটাঘাত সংঘটিত কৰিবলৈ ৰচনা কৰা  ষড়যন্ত্ৰ ব্যৰ্থ কৰিবলৈ সক্ষম হ’ল কাশ্মীৰ  আৰক্ষী। আজি পুলৱামাত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত  এজন লোককো গ্ৰেপ্তাৰ কৰি  জেৰা চলাই আছে। কাশ্মীৰৰ পুলৱামা জিলাত চলোৱা  অভিযানৰ সময়তে আৰক্ষীয়ে বৃহৎ পৰিমাণৰ বিস্ফোৰক উদ্ধাৰ কৰে।

আৰক্ষী সূত্ৰই জনোৱা অনুসৰি দেওবাৰে তালাচী অভিযানৰ সময়ত প্ৰায় ৫-৬ কিলোগ্ৰাম আইইডি উদ্ধাৰ কৰা হয়। ,ন্ত্ৰাসবাদীয়ে সেই বিস্ফোৰক ব্যৱহাৰ কৰি ভয়ংকৰ অঘটন ঘটাবলৈ সাজু হৈছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰে।  এক গোপন সূত্ৰৰ জৰিয়তে আৰক্ষীয়ে এই খবৰ পোৱাৰ পিছতেঅভিযান চলাই বিস্ফোৰক খিনি জব্দ কৰে।  গ্ৰেপ্তাৰ কৰা লোকজনক ইশফাক আহমেদ ৱানী বুলি চিনাক্ত কৰা হৈছে। 

পুলৱামা জিলাৰ আৰিগাম গাঁৱৰ বাসিন্দা ইশফাকে সন্ত্ৰাসবাদীলৈ নিয়মীয়াকৈ তথ্য  প্ৰেৰণ কৰিছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। বিস্ফোৰক জব্দ কৰাৰ পিছতে  কাশ্মীৰ আৰক্ষীয়ে টুইটত লিখিছে , "ডাঙৰ বিপদ প্ৰতিহত কৰা হৈছে। পুলৱামাৰ পৰা ৫-৬ কিলোগ্ৰাম মূল্যৰ বিস্ফোৰক উদ্ধাৰ কৰা হৈছে। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।’’উল্লেখ্য কেইদিনমান পিছতে কাশ্মীৰত জি-২০ সন্মিলন অনুষ্ঠিত হ'ব। 

এই সন্মিলনৰ আয়োজক দেশ হিচাপে ভাৰতে বিদেশী অতিথিসকলক কাশ্মীৰ  সৌন্দৰ্য উপভোগ কৰোৱাব  বিচাৰে।  বিচ্ছিন্নতাবাদী শক্তিয়ে উপত্যকাটো অস্থিৰ কৰিব বিচাৰিলেও জি-২০ সন্মিলনত ইয়াৰ কোনো প্ৰভাৱ নপৰে বুলি সেনাই নিশ্চিতি দিছে। শুকুৰবাৰে পুৱা জম্মুৰ ৰাজৌৰী চেক্টৰৰ কান্দি বনাঞ্চলত সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ সময়ত সন্ত্ৰাসবাদীয়ে  সেনা জোৱানসকলৰ ওপৰত বোমা নিক্ষেপ কৰিছিল। ফলত পাঁচজন সেনা  নিহত হৈছিল। শনিবাৰে বাৰামুলা জিলাৰ কাৰহামা কুঞ্জাৰ অঞ্চলত সেনা আৰু আৰক্ষীৰ যুটীয়া সন্ত্ৰাসবাদ বিৰোধী অভিযানত এজন লস্কৰ উগ্ৰপন্থী নিহত হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে