--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  অস্কাৰৰ সৈতে দীপিকা পাডুকনৰ সম্পৰ্ক অটুত আছে। যোৱা বছৰ অস্কাৰৰ মঞ্চত উপস্থিত আছিল অভিনেত্ৰীগৰাকীয়ে এই বঁটা প্ৰদানৰ বাবে। এইবাৰ একাডেমী (Academy of Motion Picture Arts) য়ে তেওঁলোকৰ ছ’চিয়েল মিডিয়া পেজত দীপিকাৰ ছবিখনৰ এটা গীতৰ দৃশ্য শ্বেয়াৰ কৰিলে। স্বাভাৱিকতে অভিনেত্ৰীগৰাকীৰ অনুৰাগীসকলে ইয়াক দেখি আনন্দিত হয়।

একাডেমীয়ে ২০১৫ চনৰ দীপিকা অভিনীত ‘বাজীৰাও মস্তানী’ ছবিৰ ‘দীৱানী মস্তানী’ গীতটো তেওঁলোকৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে। ইয়াৰ লগতে লিখা আছে, "দীপিকা পাডুকনে বাজীৰাও মস্তানীত 'দীৱানী মস্তানী' গীতটিত নৃত্য কৰি আছে। " দীপিকাৰ বাহিৰেও সঞ্জয় লীলা ভাঞ্চালীৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত আছিল ৰণবীৰ সিং আৰু প্ৰিয়ংকা চোপ্ৰা। অগণন অনুৰাগীৰ দৰে এই বিষয়টো দীপিকাৰ স্বামী ৰণবীৰৰ দৃষ্টিৰ পৰা সাৰি যোৱা নাই। ভিডিঅ’টোৰ তলত বাজিৰাৱে লিখিছে, “এনথ্ৰেলড”। এই গীতটি কণ্ঠদান কৰিছিল শ্ৰেয়া ঘোষালে। লগতে কমেণ্ট বক্সত ভিডিঅ’টো শ্বেয়াৰ কৰাৰ বাবে অস্কাৰ কৰ্তৃপক্ষক ধন্যবাদ জনায়।

অনুৰাগীৰ এটা অংশৰ মতে এই ছবিখন ভাৰতীয় চিনেমা সংগীতৰ এক মাইলৰ খুঁটি। গীতটোক একাডেমীয়ে স্বীকৃতি দিয়ে। বিগত বছৰ অস্কাৰৰ মঞ্চত ভাৰতীয় ছবি ‘আৰ আৰ আৰ’ ‘নতু নাতু’ই শ্ৰেষ্ঠ সংগীতৰ খিতাপ লাভ কৰিছিল। মঞ্চত এই গীতটিৰ পৰিবেশনৰ কথা ঘোষণা কৰাৰ দায়িত্ব আছিল দীপিকাৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ