--°C
Loading...
Listen to Article
2 min read
80%
পৰত থকা কপৌ চৰাইৰ ষ্টীকাৰটো আঁতৰাব লগা হ’ল। ইয়াৰ পূৰ্বে ইজৰাইল-হামাছ যুদ্ধৰ প্ৰতিবাদ কৰাৰ বাবে অষ্ট্ৰেলিয়াৰ অ’পেনিং বেটছমেনগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ শাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছিল।

নিউজিলেণ্ডৰ বিৰুদ্ধে ৱেলিংটন টেষ্টত খোৱাজাই নিজৰ বেটত জলপাই গছৰ ডাল ধৰি থকা কপৌৰ ষ্টীকাৰ লগাইছিল। মেচৰ তৃতীয় দিনা তেওঁ আঁতৰাব লগা হৈছিল সেই মানৱ অধিকাৰৰ ষ্টীকাৰ।যুদ্ধবিধ্বস্ত গাজাৰ বাসিন্দাসকলৰ কাষত থিয় হৈ তেওঁলোকৰ মানৱ অধিকাৰ সুৰক্ষিত কৰাৰ বাৰ্তা প্ৰেৰণ কৰিবলৈ খোৱাজাই বেটখনত ষ্টীকাৰটো লগাইছিল। এইবাৰো আই চি চিয়ে তেওঁক ষ্টীকাৰ খুলিবলৈ বাধ্য কৰালে। তেওঁক জনোৱা হৈছিল যে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৰাজনৈতিক অৰ্থবোধক কোনো বাৰ্তা দিব নোৱাৰি।

অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ডৰ হৈ ঘৰুৱা ক্ৰিকেট খেলি থাকোঁতে তেওঁ বেটত কপৌৰ ষ্টীকাৰ লৈ খেলিছিল। আইচিচিয়ে কোনো আপত্তি কৰা নাছিল। কিন্তু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট সন্দৰ্ভত আই চি চিৰ আপত্তি আছে। খোৱাজাই ইতিমধ্যে আপত্তিটোৰ কথা জানিছিল। অৱশ্যে নিউজিলেণ্ডৰ প্ৰথম ইনিংছত বেটৰ পৰা ষ্টীকাৰ আঁতৰাই নিদিয়াকৈ খেলপথাৰত আছিল খোৱাজা। কিন্তু দ্বিতীয় ইনিংছত বেটিং কৰিবলৈ নামি অহাৰ আগতে সেই ষ্টীকাৰটো আঁতৰাই পেলাব লগা হৈছিল।

অৱশ্যে ক্ৰিকেট অষ্ট্ৰেলিয়া (সেই দেশৰ ক্ৰিকেট ব’ৰ্ড) খোৱাজাৰ পক্ষত আছে। অৱশ্যে মুখ্য কাৰ্যবাহী নিক হকলিয়ে কয়, “কপৌটো শান্তিৰ এক বিশ্বজনীন স্বীকৃতিপ্ৰাপ্ত প্ৰতীক। অৱশ্যে তেওঁলোকৰ নিয়মাৱলী স্পষ্ট কৰি দিছে আইচিচিয়ে। আমি সেইটোক সন্মান কৰিব বিচাৰো।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী