--°C
Loading...
Listen to Article
2 min read
80%
পৰত থকা কপৌ চৰাইৰ ষ্টীকাৰটো আঁতৰাব লগা হ’ল। ইয়াৰ পূৰ্বে ইজৰাইল-হামাছ যুদ্ধৰ প্ৰতিবাদ কৰাৰ বাবে অষ্ট্ৰেলিয়াৰ অ’পেনিং বেটছমেনগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ শাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছিল।

নিউজিলেণ্ডৰ বিৰুদ্ধে ৱেলিংটন টেষ্টত খোৱাজাই নিজৰ বেটত জলপাই গছৰ ডাল ধৰি থকা কপৌৰ ষ্টীকাৰ লগাইছিল। মেচৰ তৃতীয় দিনা তেওঁ আঁতৰাব লগা হৈছিল সেই মানৱ অধিকাৰৰ ষ্টীকাৰ।যুদ্ধবিধ্বস্ত গাজাৰ বাসিন্দাসকলৰ কাষত থিয় হৈ তেওঁলোকৰ মানৱ অধিকাৰ সুৰক্ষিত কৰাৰ বাৰ্তা প্ৰেৰণ কৰিবলৈ খোৱাজাই বেটখনত ষ্টীকাৰটো লগাইছিল। এইবাৰো আই চি চিয়ে তেওঁক ষ্টীকাৰ খুলিবলৈ বাধ্য কৰালে। তেওঁক জনোৱা হৈছিল যে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৰাজনৈতিক অৰ্থবোধক কোনো বাৰ্তা দিব নোৱাৰি।

অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ডৰ হৈ ঘৰুৱা ক্ৰিকেট খেলি থাকোঁতে তেওঁ বেটত কপৌৰ ষ্টীকাৰ লৈ খেলিছিল। আইচিচিয়ে কোনো আপত্তি কৰা নাছিল। কিন্তু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট সন্দৰ্ভত আই চি চিৰ আপত্তি আছে। খোৱাজাই ইতিমধ্যে আপত্তিটোৰ কথা জানিছিল। অৱশ্যে নিউজিলেণ্ডৰ প্ৰথম ইনিংছত বেটৰ পৰা ষ্টীকাৰ আঁতৰাই নিদিয়াকৈ খেলপথাৰত আছিল খোৱাজা। কিন্তু দ্বিতীয় ইনিংছত বেটিং কৰিবলৈ নামি অহাৰ আগতে সেই ষ্টীকাৰটো আঁতৰাই পেলাব লগা হৈছিল।

অৱশ্যে ক্ৰিকেট অষ্ট্ৰেলিয়া (সেই দেশৰ ক্ৰিকেট ব’ৰ্ড) খোৱাজাৰ পক্ষত আছে। অৱশ্যে মুখ্য কাৰ্যবাহী নিক হকলিয়ে কয়, “কপৌটো শান্তিৰ এক বিশ্বজনীন স্বীকৃতিপ্ৰাপ্ত প্ৰতীক। অৱশ্যে তেওঁলোকৰ নিয়মাৱলী স্পষ্ট কৰি দিছে আইচিচিয়ে। আমি সেইটোক সন্মান কৰিব বিচাৰো।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু