--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৱেষ্ট ইণ্ডিজ ক্ৰিকেট ব’ৰ্ডৰ চিইঅ’ জনী গ্ৰেভে আইচিচিক কাঠগড়াত উঠাইছে। ৱেষ্ট ইণ্ডিজ ক্ৰিকেটৰ অন্ত পেলোৱাৰ ষড়যন্ত্ৰ চলি থকাৰ অভিযোগ উত্থাপন কৰে। দেশৰ ক্ৰিকেট পুনৰ শক্তিশালী ৰূপত আগবাঢ়িছে। কিন্তু ক্ৰিকেটৰ সৰ্বোচ্চ শাসকীয় সংস্থাটোৱে তেনেকুৱা নহ’বলৈ যৎপৰোনাস্তি চেষ্টা চলাইছে।

এক সাক্ষাৎকাৰত গ্ৰেভে কয়, “সকলোৱে ভাবে যে বিশ্ব ক্ৰিকেটে এটা শক্তিশালী ৱেষ্ট ইণ্ডিজ দল বিচাৰে। কিন্তু কোনেও নাজানে যে ক্ৰিকেটৰ সৰ্বোচ্চ শাসকীয় সংস্থাটোৱে যাতে ৱেষ্ট ইণ্ডিজ ক্ৰিকেট আৰু শক্তিশালী হ’ব নোৱাৰে তাৰ বাবে সকলো প্ৰকাৰে চেষ্টা কৰি আছে। আমাৰ ক্ৰিকেটৰ অন্ত পেলোৱাৰ ষড়যন্ত্ৰ।”

গ্ৰেভে এই অভিযোগ কিয় কৰিছে সেই কথাও বুজাই দিলে। তেওঁৰ ভাষাত, ‘আই চি চিয়ে যদি আমাৰ বিষয়ে চিন্তা কৰিলেহেঁতেন তেন্তে আমাৰ বিত্তীয় দিশটো চালেহেঁতেন। কিন্তু দেখা নাই। আই চি চিৰ পৰা আমি যি টকা পাওঁ, সেই ধনে দেশৰ ক্ৰিকেটৰ উন্নতি সাধন কৰিব নোৱাৰে। আমাৰ লভ্যাংশ ৭ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস পাইছে। আমি কেনেকৈ ক্ৰিকেট খেলিম?"

গ্ৰেভে ভাবে যে ক্ৰিকেটাৰসকলে খেলপথাৰত নিজৰ শ্ৰেষ্ঠখিনি দিব বিচাৰিলে আন্তঃগাঁথনিও যোগান ধৰিব লাগে। কিন্তু তেওঁলোকে তেনেকুৱা কৰিব নোৱাৰে। ফলত দলটোৱে এদিনীয়া বিশ্বকাপৰ দৰে প্ৰতিযোগিতাৰ বাবে যোগ্যতা অৰ্জন কৰাত ব্যৰ্থ হৈছে। গ্ৰেভে কয়, ক্ৰিকেটাৰসকলক আৰ্থিক নিৰাপত্তা দিয়া উচিত। অন্যথা দেশতকৈ বিদেশী লীগ চাব। আমাৰ ক্ষেত্ৰত সেয়াই হৈছে। দেশৰ বাবে শ্ৰেষ্ঠ ক্ৰিকেটাৰ নোপোৱা। ফলত মেচখনত জয়ী হোৱাটো কঠিন হৈ পৰে। কিন্তু সেইটোত কোনেও গুৰুত্ব দিয়া নাই।"

টেষ্ট শৃংখলাত ড্ৰ’ কৰি জানুৱাৰী মাহত অষ্ট্ৰেলিয়ালৈ উভতি আহিছিল ৱেষ্ট ইণ্ডিজ। শ্বামাৰ জোচেফৰ উদাহৰণ লৈ গ্ৰেভে কয় যে তেওঁলোকৰ দেশত প্ৰতিভাৰ অভাৱ নাই। কিন্তু এই প্ৰতিভাবোৰক আৰু আগুৱাই নিবলৈ আই চি চিক সহায়ৰ প্ৰয়োজন। গ্ৰেভে অভিযোগ কৰে যে তেওঁলোকে পোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু