--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশত পুনৰ বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ৷ ২৪ ঘণ্টাত চিনাক্ত হৈছে ১,৮৯০গৰাকী ক’ভিড ৰোগী৷ 

বিগত পাঁচ মাহত এদিনত সৰ্বাধিক সাতগৰাকী ৰোগীৰ মৃত্যু হোৱাৰ খবৰ আহিছে৷
গুজৰাট, মহাৰাষ্ট্রত চিনাক্ত হৈছে সৰ্বাধিক ৰোগী৷ ইতিমধ্যে ক’ভিড সংক্ৰমণক লৈ কেন্দ্ৰই জাৰি কৰিছে সতৰ্কতা৷

ক’ভিডৰ শেহতীয়া সংক্ৰমণে প্ৰমাণ কৰিছে দেশত পুনৰ ক’ভিডে ধাৰণ কৰিছে ভয়াৱহ ৰূপ। কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি এই মুহূৰ্তত দেশত ক’ভিড সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৯ হাজাৰ ৪৩৩ জন। স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি মহাৰাষ্ট্র আৰু গুজৰাটত চিনাক্ত হৈছে সৰ্বাধিক কোভিড ৰোগী। এইক্ষেত্ৰত কেৰালা, দিল্লী আৰু কৰ্ণাটকতো ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ক’ভিড ৰোগীৰ সংখ্যা। 

যাৰ পৰিপ্ৰেক্ষিতত বিশেষ সতৰ্কতা গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। ইতিমধ্যে স্বাস্থ্য মন্ত্ৰণালয়ে সকলো ৰাজ্যলৈ জৰুৰী পত্ৰ প্ৰেৰণৰ জৰিয়তে ক’ভিড পৰীক্ষণৰ সংখ্যা বৃদ্ধি কৰাৰ নিৰ্দেশনা জাৰি কৰিছে। একেদৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ ICMRএ জাৰি কৰা যুটীয়া এডভাইজেৰীৰ মতে অহা ১০ আৰু ১১ এপ্ৰিলত সমগ্ৰ দেশতে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ক’ভিডৰ ম’কড্ৰিল। যাৰ জৰিয়তে বুজ লোৱা হ’ব দেশৰ চৰকাৰী আৰু বেচৰকাৰী হাস্পতালত ক’ভিড পৰিস্থিতিৰে মোকাবিলা কৰিব পৰা প্ৰস্তুতি সন্দৰ্ভত।

ইপিনে দিল্লী চৰকাৰে ক’ভিড আৰু ইনফ্লুৱেঞ্জা H3N2ৰ সংক্ৰমণ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত সকলো চৰকাৰী হাস্পতালত দেওবাৰে ম’কড্ৰিলৰ নিৰ্দেশনা জাৰি কৰিছে। স্বাস্থ্য মন্ত্ৰালয়ৰ বিশেষজ্ঞৰ মত, শেহতীয়া পৰিস্থিতিক লৈ শংকিত হ’ব নালাগে দেশৰ জনতা। এইক্ষেত্ৰত ক’ভিডৰ নীতি-নিয়ম সঠিকভাৱে পালন কৰিবলৈ আহ্বান জনাইছে স্বাস্থ্য বিশেষজ্ঞই। 

শেহতীয়া কোভিড পৰিস্থিতিক লৈ ২২ মাৰ্চত জৰুৰী উচ্চস্তৰীয় বৈঠকত মিলিত হৈছিল প্ৰধানমন্ত্ৰী মোদী। য’ত  ছাৰ্ভিলেন্স, জিনম টেষ্টিং আৰু শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত সকলো ৰোগীৰে পৰীক্ষণ সন্দৰ্ভত গুৰুত্ব প্ৰদান কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। ভাৰতবৰ্ষৰ লগতে বিশ্বৰ বহুকেইখন দেশত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে কৰ’নাৰ সংক্ৰমণ। প্ৰতিদিনে বিশ্বত গঢ়ে ৯৪ হাজাৰ ব্যক্তি আক্ৰান্ত হৈছে ক’ভিডত। আমেৰিকা, ৰাছিয়াৰ দৰে দেশত আকৌ এবাৰ ক’ভিডে লৈছে ভয়াৱহ ৰূপ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক