--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশত পুনৰ বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ৷ ২৪ ঘণ্টাত চিনাক্ত হৈছে ১,৮৯০গৰাকী ক’ভিড ৰোগী৷ 

বিগত পাঁচ মাহত এদিনত সৰ্বাধিক সাতগৰাকী ৰোগীৰ মৃত্যু হোৱাৰ খবৰ আহিছে৷
গুজৰাট, মহাৰাষ্ট্রত চিনাক্ত হৈছে সৰ্বাধিক ৰোগী৷ ইতিমধ্যে ক’ভিড সংক্ৰমণক লৈ কেন্দ্ৰই জাৰি কৰিছে সতৰ্কতা৷

ক’ভিডৰ শেহতীয়া সংক্ৰমণে প্ৰমাণ কৰিছে দেশত পুনৰ ক’ভিডে ধাৰণ কৰিছে ভয়াৱহ ৰূপ। কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি এই মুহূৰ্তত দেশত ক’ভিড সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৯ হাজাৰ ৪৩৩ জন। স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি মহাৰাষ্ট্র আৰু গুজৰাটত চিনাক্ত হৈছে সৰ্বাধিক কোভিড ৰোগী। এইক্ষেত্ৰত কেৰালা, দিল্লী আৰু কৰ্ণাটকতো ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ক’ভিড ৰোগীৰ সংখ্যা। 

যাৰ পৰিপ্ৰেক্ষিতত বিশেষ সতৰ্কতা গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। ইতিমধ্যে স্বাস্থ্য মন্ত্ৰণালয়ে সকলো ৰাজ্যলৈ জৰুৰী পত্ৰ প্ৰেৰণৰ জৰিয়তে ক’ভিড পৰীক্ষণৰ সংখ্যা বৃদ্ধি কৰাৰ নিৰ্দেশনা জাৰি কৰিছে। একেদৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ ICMRএ জাৰি কৰা যুটীয়া এডভাইজেৰীৰ মতে অহা ১০ আৰু ১১ এপ্ৰিলত সমগ্ৰ দেশতে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ক’ভিডৰ ম’কড্ৰিল। যাৰ জৰিয়তে বুজ লোৱা হ’ব দেশৰ চৰকাৰী আৰু বেচৰকাৰী হাস্পতালত ক’ভিড পৰিস্থিতিৰে মোকাবিলা কৰিব পৰা প্ৰস্তুতি সন্দৰ্ভত।

ইপিনে দিল্লী চৰকাৰে ক’ভিড আৰু ইনফ্লুৱেঞ্জা H3N2ৰ সংক্ৰমণ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত সকলো চৰকাৰী হাস্পতালত দেওবাৰে ম’কড্ৰিলৰ নিৰ্দেশনা জাৰি কৰিছে। স্বাস্থ্য মন্ত্ৰালয়ৰ বিশেষজ্ঞৰ মত, শেহতীয়া পৰিস্থিতিক লৈ শংকিত হ’ব নালাগে দেশৰ জনতা। এইক্ষেত্ৰত ক’ভিডৰ নীতি-নিয়ম সঠিকভাৱে পালন কৰিবলৈ আহ্বান জনাইছে স্বাস্থ্য বিশেষজ্ঞই। 

শেহতীয়া কোভিড পৰিস্থিতিক লৈ ২২ মাৰ্চত জৰুৰী উচ্চস্তৰীয় বৈঠকত মিলিত হৈছিল প্ৰধানমন্ত্ৰী মোদী। য’ত  ছাৰ্ভিলেন্স, জিনম টেষ্টিং আৰু শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত সকলো ৰোগীৰে পৰীক্ষণ সন্দৰ্ভত গুৰুত্ব প্ৰদান কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। ভাৰতবৰ্ষৰ লগতে বিশ্বৰ বহুকেইখন দেশত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে কৰ’নাৰ সংক্ৰমণ। প্ৰতিদিনে বিশ্বত গঢ়ে ৯৪ হাজাৰ ব্যক্তি আক্ৰান্ত হৈছে ক’ভিডত। আমেৰিকা, ৰাছিয়াৰ দৰে দেশত আকৌ এবাৰ ক’ভিডে লৈছে ভয়াৱহ ৰূপ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নতুন দিল্লীত কর্মসংস্থানৰ ভুৱা চক্ৰ উৎখাত, এয়াৰলাইন্‌ত নিযুক্তিৰ দিছিল প্রলোভন
গভীৰ সংকটত ইণ্ডিয়ান চুপাৰ লীগ
সাৱধান! অচিনাকি নম্বৰৰ পৰা আপোনালৈও আহে নেকি ফোন ? পৰিব পাৰে বিপদত
মিচিং ভাষাত সহস্রধিক ছাত্ৰ-ছাত্ৰীয়ে পৰিবেশন কৰে সুধাকণ্ঠৰ কালজয়ী গীত 'মানুহে মানুহৰ বাবে'
আজি ব্ৰহ্মপুত্ৰৰ ওপৰত উৰিব ৰাফেল-তেজস, 'মায়াবিনী...'ৰ সুৰত ভাৰতীয় সেনাৰ বৃহৎ এয়াৰ শ্ব' 'সূৰ্যকিৰণ'
নিশা ধিঙত সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনা ; তীব্ৰবেগত মৰা খুন্দাত জ্বলিল এলট্ৰ’জ বাহন
জুবিন গাৰ্গৰ পিছে পিছে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাও গুচি গ'ল উভতি নহাৰ বাটেৰে
কচু শাকৰ চমৎকাৰী উপকাৰিতাৰ কথা জানিলে আচৰিত হ'ব আপুনি
মহাকাশলৈ প্ৰেৰণ CMS-03 (GSAT-7R), শত্ৰুৰ প্ৰতিটো খোজৰ ওপৰতে ৰাখিব চকু
কাটিগড়াত শহুৰেকৰ ঘৰত জোঁৱাইক বিহপান কৰোৱাৰ গুৰুতৰ অভিযোগ! হাস্পতালত মৃত্যু জোঁৱাই বিমল দাসৰ
বৰপেটাত NHM কৰ্মচাৰীৰ তিনিদিনিয়া অৱস্থান ধৰ্মঘট আৰু কৰ্মবিৰতি
পতঞ্জলি বিশ্ববিদ্যালয় সমাৱৰ্তনঃ মুখ্য অতিথি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু
উদুলি-মুদুলি মাজুলীৰ মঞ্চই মঞ্চই কাইলৈৰ পৰা হ'ব ৰাসলীলা, ৬ নৱেম্বৰত মাজুলীত স্থানীয় বন্ধ ঘোষণা প্রশাসনৰ
বটলিফ ফেক্টৰীয়ে পুনৰ ক্ৰয় কৰিব কেঁচা চাহপাত, ডুমডুমাত বিভাগীয় কর্তৃপক্ষৰে বৈঠকৰ পাছত সিদ্ধান্ত