--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পুনৰ ত্ৰাণকৰ্তা হিচাপে ছনু ছুড। এইবাৰ বিমানবন্দৰত এজন ব্যক্তিৰ জীৱন ৰক্ষা কৰিলে অভিনেতাজনে। সেয়া সম্ভৱ হ'ল কেৱল তেওঁৰ বৰ্তমানৰ বুদ্ধিমত্তা আৰু দ্ৰুত সিদ্ধান্ত লোৱাৰ ক্ষমতাৰ বাবে।  নেটিজেনসকল বৰ্তমান সোণুৰ এই কামৰ প্ৰশংসাত পঞ্চমুখ। 

জানিব পৰা মতে ছনু ছুড ডুবাই বিমানবন্দৰৰ পৰা উভতি আহিছিল। তেতিয়াই এই ঘটনা সংঘটিত হৈছিল। ইমিগ্ৰেচন ডেস্কত শাৰী পাতি থিয় হৈ আছিল ছনু ছুড। হঠাৎ তেওঁ চিঞৰ এটা শুনিবলৈ পালে। কি হ’ল সোধা-পোছা কৰি অভিনেতাজনে দেখিলে যে এজন আদবয়সীয়া মানুহ মাটিত অচেতন হৈ পৰি আছে। দেখাৰ লগে লগে ছনু ছুড দৌৰি মানুহগৰাকীৰ ওচৰলৈ গ’ল। ব্যক্তিজনৰ মূৰত এটা  কুশ্বন দিয়ে।  তাৰ পাছত চিপিআৰ দিবলৈ আৰম্ভ কৰিলে। চিপিআৰ দিয়াৰ কিছু সময়ৰ পাছতে লোকজনে চেতনা লাভ কৰে। তেতিয়ালৈকে বিমানবন্দৰৰ নিৰাপত্তাৰক্ষী আৰু স্বাস্থ্যকৰ্মীসকল সেই স্থানত উপস্থিত হৈছিল। বাকী কামবোৰ তেওঁলোকে চম্ভালে।

১৯৯৯ চনত এখন তামিল ছবিৰ জৰিয়তে ছ’নুৱে চিনেমা জগতত প্ৰৱেশ কৰিছিল। পিছলৈ শ্বাহিদ-ই-আজম চিনেমাত ভগত সিংৰ চৰিত্ৰত হিন্দী ছবিৰ জগতত ভৰি দিয়ে। তেতিয়াৰ পৰাই ছনু ছুডে বহু ছবিত অভিনয় কৰিছে। নায়ক হোৱাৰ উপৰিও তেওঁক খলনায়ক হিচাপেও দেখা গৈছে। কিন্তু ৰূপালী পৰ্দাৰ এই মানুহজন হৈ পৰিল ক’ৰ’নাৰ সময়ত দুৰ্দশাগ্ৰস্ত আৰু অসহায় লোকসকলৰ বাবে ভগৱান স্বৰূপ। 

কিমান প্ৰব্ৰজিত শ্ৰমিকক তেওঁ ঘৰলৈ উভতি যোৱাৰ ব্যৱস্থা কৰিছে, কিমানজনৰ চিকিৎসাৰ ব্যৱস্থা কৰিছে, সেইবোৰ হিচাপ নাই। ইউক্ৰেইনত আবদ্ধ হৈ থকা ছাত্ৰ-ছাত্ৰীসকলক ঘৰলৈ উভতি যোৱাৰ ব্যৱস্থাও কৰিছিল অভিনেতাগৰাকীয়ে। ছ’চিয়েল মিডিয়াত প্ৰায় সক্ৰিয় হৈ থাকে ছনু ছুড। এতিয়াও তেওঁৰ ঘৰৰ সন্মুখত সহায় বিচৰা লোকৰ শাৰী। তেওঁ সকলোৰে কথা শুনি যিমান পাৰে সহায় কৰে। তেওঁৰ বাবেই বিমানবন্দৰত অসুস্থ হৈ পৰা ব্যক্তিজন পুনৰ জীৱিত হৈ উঠিল বুলি প্ৰত্যক্ষদৰ্শীয়ে কয়।











FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু