--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পুনৰ ত্ৰাণকৰ্তা হিচাপে ছনু ছুড। এইবাৰ বিমানবন্দৰত এজন ব্যক্তিৰ জীৱন ৰক্ষা কৰিলে অভিনেতাজনে। সেয়া সম্ভৱ হ'ল কেৱল তেওঁৰ বৰ্তমানৰ বুদ্ধিমত্তা আৰু দ্ৰুত সিদ্ধান্ত লোৱাৰ ক্ষমতাৰ বাবে।  নেটিজেনসকল বৰ্তমান সোণুৰ এই কামৰ প্ৰশংসাত পঞ্চমুখ। 

জানিব পৰা মতে ছনু ছুড ডুবাই বিমানবন্দৰৰ পৰা উভতি আহিছিল। তেতিয়াই এই ঘটনা সংঘটিত হৈছিল। ইমিগ্ৰেচন ডেস্কত শাৰী পাতি থিয় হৈ আছিল ছনু ছুড। হঠাৎ তেওঁ চিঞৰ এটা শুনিবলৈ পালে। কি হ’ল সোধা-পোছা কৰি অভিনেতাজনে দেখিলে যে এজন আদবয়সীয়া মানুহ মাটিত অচেতন হৈ পৰি আছে। দেখাৰ লগে লগে ছনু ছুড দৌৰি মানুহগৰাকীৰ ওচৰলৈ গ’ল। ব্যক্তিজনৰ মূৰত এটা  কুশ্বন দিয়ে।  তাৰ পাছত চিপিআৰ দিবলৈ আৰম্ভ কৰিলে। চিপিআৰ দিয়াৰ কিছু সময়ৰ পাছতে লোকজনে চেতনা লাভ কৰে। তেতিয়ালৈকে বিমানবন্দৰৰ নিৰাপত্তাৰক্ষী আৰু স্বাস্থ্যকৰ্মীসকল সেই স্থানত উপস্থিত হৈছিল। বাকী কামবোৰ তেওঁলোকে চম্ভালে।

১৯৯৯ চনত এখন তামিল ছবিৰ জৰিয়তে ছ’নুৱে চিনেমা জগতত প্ৰৱেশ কৰিছিল। পিছলৈ শ্বাহিদ-ই-আজম চিনেমাত ভগত সিংৰ চৰিত্ৰত হিন্দী ছবিৰ জগতত ভৰি দিয়ে। তেতিয়াৰ পৰাই ছনু ছুডে বহু ছবিত অভিনয় কৰিছে। নায়ক হোৱাৰ উপৰিও তেওঁক খলনায়ক হিচাপেও দেখা গৈছে। কিন্তু ৰূপালী পৰ্দাৰ এই মানুহজন হৈ পৰিল ক’ৰ’নাৰ সময়ত দুৰ্দশাগ্ৰস্ত আৰু অসহায় লোকসকলৰ বাবে ভগৱান স্বৰূপ। 

কিমান প্ৰব্ৰজিত শ্ৰমিকক তেওঁ ঘৰলৈ উভতি যোৱাৰ ব্যৱস্থা কৰিছে, কিমানজনৰ চিকিৎসাৰ ব্যৱস্থা কৰিছে, সেইবোৰ হিচাপ নাই। ইউক্ৰেইনত আবদ্ধ হৈ থকা ছাত্ৰ-ছাত্ৰীসকলক ঘৰলৈ উভতি যোৱাৰ ব্যৱস্থাও কৰিছিল অভিনেতাগৰাকীয়ে। ছ’চিয়েল মিডিয়াত প্ৰায় সক্ৰিয় হৈ থাকে ছনু ছুড। এতিয়াও তেওঁৰ ঘৰৰ সন্মুখত সহায় বিচৰা লোকৰ শাৰী। তেওঁ সকলোৰে কথা শুনি যিমান পাৰে সহায় কৰে। তেওঁৰ বাবেই বিমানবন্দৰত অসুস্থ হৈ পৰা ব্যক্তিজন পুনৰ জীৱিত হৈ উঠিল বুলি প্ৰত্যক্ষদৰ্শীয়ে কয়।











FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতৰ বাবে কঠিন প্রত্যাহ্বান! ‘এল নিনো’ৰ প্ৰভাৱত এইবাৰ প্ৰচণ্ড গৰমৰ গ্ৰাসত পৰিব দেশ
অসমবাসীৰ অপৰিসীম আস্থা, বিশ্বাস আৰু আশীৰ্বাদ শিৰত লৈ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে ড° হিমন্ত বিশ্ব শৰ্মাই
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সুস্বাস্থ্য কামনা আৰু নতুন চৰকাৰৰ কুশলাৰ্থে পুৰণিগুদামৰ ঐতিহাসিক মছজিদত সমূহীয়া দোৱা
৩ দুৰ্ধৰ্ষ ডকাইত ইউচুফ আলী, চানোৱাৰ হুছেইন আৰু তাইবুৰ আলীক গ্ৰেপ্তাৰ বশিষ্ঠ আৰক্ষীৰ
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই