--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিগত বছৰৰ ১১ মাৰ্চত মুক্তি পোৱাৰ পাছত ‘দ্য কাশ্মীৰ ফাইলছ’ শিৰোনামলৈ আহে। ১৯৯০ চনৰ পৰা কাশ্মীৰৰ পৰা হিন্দু পণ্ডিতৰ পলায়নৰ বিষয়ে বিবেক অগ্নিহোত্ৰীৰ ছবিখন তীব্ৰ বিতৰ্কৰ বিষয় হৈ পৰিছে। কেন্দ্ৰৰ অৰ্থাৎ মোদী চৰকাৰে ছবিখনৰ প্ৰশংসা কৰাৰ বিপৰীতে বিৰোধীয়ে দাবী কৰিছে যে ছবিখনৰ তথ্যত যথেষ্ট খেলিমেলি আছে। বিবেকে অগ্নিহোত্ৰীৰ বিভিন্ন পক্ষৰ পৰাও সমালোচনাৰ সন্মুখীন হৈছিল। আনহাতে নতুন বছৰতো বিতৰ্কৰ অন্ত পৰা নাছিল ‘দ্য কাশ্মীৰ ফাইলছ’ৰ। আৰু ইয়াৰ মাজতে ছবিখনৰ পৰিচালকে ঘোষণা কৰি ক’লে যে ‘দ্য কাশ্মীৰ ফাইলছ’ পুনৰ চিনেমা হলত মুক্তি দিয়া হৈছে।

১৯ জানুৱাৰী বৃহস্পতিবাৰে অৰ্থাৎ আজি ছবিগৃহত মুক্তি লাভ কৰিছে বিতৰ্কিত ছবিখন। পৰিচালক বিবেক অগ্নিহোত্ৰী আৰু অভিনেতা অনুপম খেৰে টুইট কৰি এই খবৰ নিশ্চিত কৰিছে। হয়তো এবছৰৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে ছবিগৃহত মুক্তি পোৱা প্ৰথমখন ভাৰতীয় ছবি। কিন্তু এনে সিদ্ধান্ত কিয়? বিবেকে অগ্নিহোত্ৰী কয়, ৩৩ বছৰ পূৰ্বে ১৯ জানুৱাৰীত কাশ্মীৰী পণ্ডিতক গণহত্যা কৰা হৈছিল। হাজাৰ হাজাৰ কাশ্মীৰী পণ্ডিত গৃহহাৰা হৈছিল। প্ৰতিজন নাগৰিকক সেই দিনটোৰ কথা সোঁৱৰাই তেওঁলোকক সন্মান জনাই ১৯ জানুৱাৰী দিনটোতে পুনৰ চিনেমা হললৈ আহিছে এই ছবিখন। ইতিহাসত প্ৰথমবাৰৰ বাবে এবছৰৰ ভিতৰত দুবাৰকৈ এখন চিনেমা মুক্তি পাবলৈ গৈ আছে বুলি পৰিচালকে দাবী কৰিছে। লগতে সকলোকে ছবিখন চিনেমা হলত চাবলৈ আহ্বান জনায়।

অনুপম খেৰেও টুইটাৰযোগে ছবিখনৰ পুনৰ মুক্তিৰ বাবে উল্লাস প্ৰকাশ কৰে। হিন্দু পণ্ডিতসকলে কাশ্মীৰ এৰি যোৱা ৩৩ বছৰ হ’ল৷ এই পদক্ষেপ তেওঁলোকৰ স্মৃতিত। অভিনেতা মিথুন চক্ৰৱৰ্তী, দৰ্শন কুমাৰ আৰু পল্লৱ যোশী এনে সিদ্ধান্তত সুখী।


বিতৰ্কৰ মাজতো ‘দ্য কাশ্মীৰ ফাইলছ’য়ে যোৱা বছৰ বক্স অফিচত ৰেকৰ্ড ব্যৱসায় কৰিছিল। ২০২৩ চনৰ অস্কাৰৰ বাবে চৰ্টলিষ্ট হৈছে ‘দ্য কাশ্মীৰ ফাইলছ’। অস্কাৰ কৰ্তৃপক্ষৰ পৰা এই খবৰটো পোৱাৰ পাছতে বিবেকে টুইট কৰে‌ উক্ত খবৰটো অৱগত কৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক