--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিগত বছৰৰ ১১ মাৰ্চত মুক্তি পোৱাৰ পাছত ‘দ্য কাশ্মীৰ ফাইলছ’ শিৰোনামলৈ আহে। ১৯৯০ চনৰ পৰা কাশ্মীৰৰ পৰা হিন্দু পণ্ডিতৰ পলায়নৰ বিষয়ে বিবেক অগ্নিহোত্ৰীৰ ছবিখন তীব্ৰ বিতৰ্কৰ বিষয় হৈ পৰিছে। কেন্দ্ৰৰ অৰ্থাৎ মোদী চৰকাৰে ছবিখনৰ প্ৰশংসা কৰাৰ বিপৰীতে বিৰোধীয়ে দাবী কৰিছে যে ছবিখনৰ তথ্যত যথেষ্ট খেলিমেলি আছে। বিবেকে অগ্নিহোত্ৰীৰ বিভিন্ন পক্ষৰ পৰাও সমালোচনাৰ সন্মুখীন হৈছিল। আনহাতে নতুন বছৰতো বিতৰ্কৰ অন্ত পৰা নাছিল ‘দ্য কাশ্মীৰ ফাইলছ’ৰ। আৰু ইয়াৰ মাজতে ছবিখনৰ পৰিচালকে ঘোষণা কৰি ক’লে যে ‘দ্য কাশ্মীৰ ফাইলছ’ পুনৰ চিনেমা হলত মুক্তি দিয়া হৈছে।

১৯ জানুৱাৰী বৃহস্পতিবাৰে অৰ্থাৎ আজি ছবিগৃহত মুক্তি লাভ কৰিছে বিতৰ্কিত ছবিখন। পৰিচালক বিবেক অগ্নিহোত্ৰী আৰু অভিনেতা অনুপম খেৰে টুইট কৰি এই খবৰ নিশ্চিত কৰিছে। হয়তো এবছৰৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে ছবিগৃহত মুক্তি পোৱা প্ৰথমখন ভাৰতীয় ছবি। কিন্তু এনে সিদ্ধান্ত কিয়? বিবেকে অগ্নিহোত্ৰী কয়, ৩৩ বছৰ পূৰ্বে ১৯ জানুৱাৰীত কাশ্মীৰী পণ্ডিতক গণহত্যা কৰা হৈছিল। হাজাৰ হাজাৰ কাশ্মীৰী পণ্ডিত গৃহহাৰা হৈছিল। প্ৰতিজন নাগৰিকক সেই দিনটোৰ কথা সোঁৱৰাই তেওঁলোকক সন্মান জনাই ১৯ জানুৱাৰী দিনটোতে পুনৰ চিনেমা হললৈ আহিছে এই ছবিখন। ইতিহাসত প্ৰথমবাৰৰ বাবে এবছৰৰ ভিতৰত দুবাৰকৈ এখন চিনেমা মুক্তি পাবলৈ গৈ আছে বুলি পৰিচালকে দাবী কৰিছে। লগতে সকলোকে ছবিখন চিনেমা হলত চাবলৈ আহ্বান জনায়।

অনুপম খেৰেও টুইটাৰযোগে ছবিখনৰ পুনৰ মুক্তিৰ বাবে উল্লাস প্ৰকাশ কৰে। হিন্দু পণ্ডিতসকলে কাশ্মীৰ এৰি যোৱা ৩৩ বছৰ হ’ল৷ এই পদক্ষেপ তেওঁলোকৰ স্মৃতিত। অভিনেতা মিথুন চক্ৰৱৰ্তী, দৰ্শন কুমাৰ আৰু পল্লৱ যোশী এনে সিদ্ধান্তত সুখী।


বিতৰ্কৰ মাজতো ‘দ্য কাশ্মীৰ ফাইলছ’য়ে যোৱা বছৰ বক্স অফিচত ৰেকৰ্ড ব্যৱসায় কৰিছিল। ২০২৩ চনৰ অস্কাৰৰ বাবে চৰ্টলিষ্ট হৈছে ‘দ্য কাশ্মীৰ ফাইলছ’। অস্কাৰ কৰ্তৃপক্ষৰ পৰা এই খবৰটো পোৱাৰ পাছতে বিবেকে টুইট কৰে‌ উক্ত খবৰটো অৱগত কৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু