--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৯৬৬ চনত মিজোৰামৰ ৰাজধানী আইজলত বোমা বিস্ফোৰণৰ বিষয়টোত উত্তপ্ত হৈ পৰিছে ৰাজস্থানৰ ৰাজনীতি।দৰাচলতে বিজেপি আই টি চেলৰ মুৰব্বী অমিত মালব্যই টুইট কৰি কয় যে ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰী হোৱাৰ কিছু সময়ৰ পাছতে ১৯৬৬ চনৰ মাৰ্চ মাহত আইজলত সংঘটিত বোমা বিস্ফোৰণত শচীন পাইলটৰ পিতৃ ৰাজেশ পাইলট আৰু কংগ্ৰেছ নেতা সুৰেশ কালমাদী জড়িত আছিল। পাছলৈ দুয়োজনেই কংগ্ৰেছৰ টিকটত সাংসদ আৰু চৰকাৰৰ মন্ত্ৰী হয়। মালব্যই আৰু লিখিছে যে উত্তৰ-পূৰ্বাঞ্চলত নিজৰ মানুহৰ ওপৰত বিমান আক্ৰমণ চলোৱাসকলক পুৰস্কাৰ হিচাপে ইন্দিৰা গান্ধীয়ে ৰাজনীতিত স্থান আৰু সন্মান দিয়াটো স্পষ্ট।অমিতৰ এই টুইটত শচীন পাইলটে এই দাবী নাকচ কৰিছে। শচীন পাইলটে তেওঁৰ টুইটত লিখিছে যে বায়ুসেনাৰ পাইলট হিচাপে মোৰ প্ৰয়াত দেউতাই ১৯৭১ চনৰ ভাৰত-পাক যুদ্ধত পূব পাকিস্তানত বোমা বিস্ফোৰণ কৰিছিল। ১৯৬৬ চনত মিজোৰামত নহয়। ১৯৬৬ চনৰ ২৯ অক্টোবৰত ভাৰতীয় বায়ুসেনাত নিযুক্তি দিয়া হৈছিল ৰাজেশ পাইলটক। ১৯৬৬ চনৰ ৫ মাৰ্চত মিজোৰামত বোমা বিস্ফোৰণ কৰিছিল বুলি কোৱাটো কাল্পনিক, তথ্যহীন আৰু সম্পূৰ্ণ বিভ্ৰান্তিকৰ। শচীনে লিখিছে যে হয়, ৮০ৰ দশকত এজন ৰাজনীতিবিদ হিচাপে মিজোৰামত যুদ্ধবিৰতি লাভ কৰা আৰু শান্তি চুক্তি স্থাপন কৰাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকাহে পালন কৰিছিল।


অমিতে নিজৰ টুইটত লিখিছে যে আইজল অভিযানত ৰাজেশ পাইলট আৰু সুৰেশ কালমানীয়ে ১৯৬৬ চনৰ মাৰ্চ মাহত আইজলত বোমা নিক্ষেপ কৰা ভাৰতীয় বায়ুসেনাৰ বিমান উৰুৱাইছিল। পিছলৈ পুৰস্কাৰ হিচাপে দুয়োকে কংগ্ৰেছৰ টিকটত সাংসদ আৰু চৰকাৰত মন্ত্ৰী বনোৱা হয়।উত্তৰ পূৰ্বাঞ্চলত বিমান আক্ৰমণ চলোৱা সকলক ৰাজনীতিত স্থান আৰু সন্মান প্ৰদান কৰে ইন্দিৰা গান্ধীয়ে।ইয়াত শচীন পাইলটে অমিতৰ টুইটৰ প্ৰতি সঁহাৰি জনায় আৰু আনহাতে পাইলটৰ সমৰ্থকসকলে টুইটাৰত অমিত মালব্যৰ বিৰুদ্ধে সৰব হৈ পৰিছে। অমিত মালব্যৰ এই পোষ্টক লৈ পাইলট সমৰ্থকে তীব্ৰ মন্তব্য কৰিছে।আৰু বহু সমৰ্থকে এই পোষ্টক লৈ প্ৰশ্ন উত্থাপনো কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ