--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৯৬৬ চনত মিজোৰামৰ ৰাজধানী আইজলত বোমা বিস্ফোৰণৰ বিষয়টোত উত্তপ্ত হৈ পৰিছে ৰাজস্থানৰ ৰাজনীতি।দৰাচলতে বিজেপি আই টি চেলৰ মুৰব্বী অমিত মালব্যই টুইট কৰি কয় যে ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰী হোৱাৰ কিছু সময়ৰ পাছতে ১৯৬৬ চনৰ মাৰ্চ মাহত আইজলত সংঘটিত বোমা বিস্ফোৰণত শচীন পাইলটৰ পিতৃ ৰাজেশ পাইলট আৰু কংগ্ৰেছ নেতা সুৰেশ কালমাদী জড়িত আছিল। পাছলৈ দুয়োজনেই কংগ্ৰেছৰ টিকটত সাংসদ আৰু চৰকাৰৰ মন্ত্ৰী হয়। মালব্যই আৰু লিখিছে যে উত্তৰ-পূৰ্বাঞ্চলত নিজৰ মানুহৰ ওপৰত বিমান আক্ৰমণ চলোৱাসকলক পুৰস্কাৰ হিচাপে ইন্দিৰা গান্ধীয়ে ৰাজনীতিত স্থান আৰু সন্মান দিয়াটো স্পষ্ট।অমিতৰ এই টুইটত শচীন পাইলটে এই দাবী নাকচ কৰিছে। শচীন পাইলটে তেওঁৰ টুইটত লিখিছে যে বায়ুসেনাৰ পাইলট হিচাপে মোৰ প্ৰয়াত দেউতাই ১৯৭১ চনৰ ভাৰত-পাক যুদ্ধত পূব পাকিস্তানত বোমা বিস্ফোৰণ কৰিছিল। ১৯৬৬ চনত মিজোৰামত নহয়। ১৯৬৬ চনৰ ২৯ অক্টোবৰত ভাৰতীয় বায়ুসেনাত নিযুক্তি দিয়া হৈছিল ৰাজেশ পাইলটক। ১৯৬৬ চনৰ ৫ মাৰ্চত মিজোৰামত বোমা বিস্ফোৰণ কৰিছিল বুলি কোৱাটো কাল্পনিক, তথ্যহীন আৰু সম্পূৰ্ণ বিভ্ৰান্তিকৰ। শচীনে লিখিছে যে হয়, ৮০ৰ দশকত এজন ৰাজনীতিবিদ হিচাপে মিজোৰামত যুদ্ধবিৰতি লাভ কৰা আৰু শান্তি চুক্তি স্থাপন কৰাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকাহে পালন কৰিছিল।


অমিতে নিজৰ টুইটত লিখিছে যে আইজল অভিযানত ৰাজেশ পাইলট আৰু সুৰেশ কালমানীয়ে ১৯৬৬ চনৰ মাৰ্চ মাহত আইজলত বোমা নিক্ষেপ কৰা ভাৰতীয় বায়ুসেনাৰ বিমান উৰুৱাইছিল। পিছলৈ পুৰস্কাৰ হিচাপে দুয়োকে কংগ্ৰেছৰ টিকটত সাংসদ আৰু চৰকাৰত মন্ত্ৰী বনোৱা হয়।উত্তৰ পূৰ্বাঞ্চলত বিমান আক্ৰমণ চলোৱা সকলক ৰাজনীতিত স্থান আৰু সন্মান প্ৰদান কৰে ইন্দিৰা গান্ধীয়ে।ইয়াত শচীন পাইলটে অমিতৰ টুইটৰ প্ৰতি সঁহাৰি জনায় আৰু আনহাতে পাইলটৰ সমৰ্থকসকলে টুইটাৰত অমিত মালব্যৰ বিৰুদ্ধে সৰব হৈ পৰিছে। অমিত মালব্যৰ এই পোষ্টক লৈ পাইলট সমৰ্থকে তীব্ৰ মন্তব্য কৰিছে।আৰু বহু সমৰ্থকে এই পোষ্টক লৈ প্ৰশ্ন উত্থাপনো কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু